5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি! বন্ধালে ৰাখী, বজালে বাদ্যযন্ত্ৰ..

প্ৰধানমন্ত্ৰী মোদী ছিংগাপুৰত উপস্থিত হোৱাৰ লগে লগে জনতাৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ । য'ত প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ আহিছিল অগণন প্ৰবাসী ভাৰতীয়। প্ৰধানমন্ত্ৰীয়ে নিজে ঢোল বজোৱাৰ লগতে মহিলাসকলে বান্ধিছিল ৰাখী ।

ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি! বন্ধালে ৰাখী, বজালে বাদ্যযন্ত্ৰ..
ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি!
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 04 Sep 2024 19:33 PM

আজি (৪ ছেপ্টেম্বৰ) ছিংগাপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁক উষ্ম আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ৪-৫ ছেপ্টেম্বৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ গৈছে। তেওঁৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাং আৰু ৰাষ্ট্ৰপতি থাৰমন চানমুগাৰত্নমক সাক্ষাৎ কৰিব। লগতে তেওঁ বহুতো উদ্যোগপতিৰ সৈতেও বাৰ্তালাপ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে তিনিদিনীয়া বিদেশ ভ্ৰমণৰ বাবে ৩ ছেপ্টেম্বৰত ভাৰত এৰিছিল। প্ৰথমতে তেওঁ ব্ৰুনেইত উপস্থিত হৈছিল য’ত তেওঁ ব্ৰুনেইৰ চুলতান হাছানাল বোলকিয়াক লগ কৰিছিল। তেওঁলোকে ভাৰত আৰু ব্ৰুনেইৰ মাজত বহুতো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰুনেই ভ্ৰমণ সামৰি আজি ছিংগাপুৰত উপস্থিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনত ছিংগাপুৰ ভ্ৰমণ কৰিছিল। ছিংগাপুৰত উপস্থিত হৈ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সযোগে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “মই ছিংগাপুৰত উপস্থিত হৈছোঁ, ইয়াত আমি ভাৰত-ছিংগাপুৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ দ্বিপাক্ষিক আলোচনা কৰিম।”

 

প্ৰধানমন্ত্ৰী মোদী ছিংগাপুৰত উপস্থিত হোৱাৰ লগে লগে জনতাৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ । য’ত প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ আহিছিল অগণন প্ৰবাসী ভাৰতীয়। প্ৰধানমন্ত্ৰীয়ে নিজে ঢোল বজোৱাৰ লগতে মহিলাসকলে ৰাখী বান্ধিছিল। সেই সময়ত ছিংগাপুৰতো ভাৰতীয় সংস্কৃতি দেখা গৈছিল। প্ৰধানমন্ত্ৰীৰ আগমনৰ আনন্দত ছিংগাপুৰত বাস কৰা ভাৰতীয় লোকসকলে বাদ্যযন্ত্ৰ বজাইছিল। য’ত মহিলাসকলক মহাৰাষ্ট্ৰৰ সংস্কৃতি প্ৰতিফলিত কৰা দেখা গৈছিল।

এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণৰ আনন্দ আৰু বিশাল আদৰণিৰ প্ৰশংসা কৰি তেওঁ নিজেই আনন্দেৰে বাদ্যযন্ত্ৰ বজাই থকা দেখা গৈছিল।

ছিংগাপুৰত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি, ৬ লাখ ৫০ হাজাৰ লোক বাস কৰে। প্ৰধানমন্ত্ৰী মোদী ছিংগাপুৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক লগ কৰিবলৈ প্ৰবাসী ভাৰতীয় লোকে ভিৰ কৰে । মহিলাসকলে প্ৰধানমন্ত্ৰী মোদীৰ হাতত ৰাখী বান্ধিছিল। য’ত প্ৰধানমন্ত্ৰীক মুখত হাঁহি লৈ মহিলাসকলৰ হাতেৰে ৰাখী বন্ধাই থকা দেখা গৈছিল। একে সময়তে প্ৰধানমন্ত্ৰী মোডীৰ সন্মানত শ্লোগান (“মোদী জি অমৰ ৰহে”) প্ৰতিধ্বনিত হ’বলৈ আৰম্ভ কৰিছিল।

সেই প্ৰধানমন্ত্ৰী মোদীক জনতাই বিশেষ বস্ত্ৰ পিন্ধাইছিল। মোদীয়ে বহুলোকক লগ কৰিছিল আৰু বহুতো ভাৰতীয় লোকৰ সৈতে হাত মিলাইছিল। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীক সংসদ ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হ’ব। য’ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি থাৰমন শানমুগাৰত্নমক সাক্ষাৎ কৰিব।

 

Latest News