PM Modi at Maha Kumbh: গেৰুৱা চোলা আৰু নীলা ট্ৰেকপেন্ট পিন্ধি ত্ৰিবেণী সংগমত নামিল প্ৰধানমন্ত্ৰী

PM Modi at Mahakumbh: বুধবাৰে ত্ৰিবেণী সংগমত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । পবিত্ৰ স্নানৰ অন্তত গংগাত পূজা আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে । যমুনাত নৌকা বিহাৰৰো আমেজ ল'লে প্ৰধানমন্ত্ৰীয়ে ।

PM Modi at Maha Kumbh: গেৰুৱা চোলা আৰু নীলা ট্ৰেকপেন্ট পিন্ধি ত্ৰিবেণী সংগমত নামিল প্ৰধানমন্ত্ৰী

ত্ৰিবেণী সংগমত প্ৰধানমন্ত্ৰী

Updated On: 

05 Feb 2025 13:22 PM

স্নান কৰিলে বোলে মন পবিত্ৰ হয় । তাতে সেই স্নান যদি গংগাত হয় ! মহাকুম্ভৰ শুভলগন যিহেতু অব্যাহত আছে লাখ লাখ ভক্তই প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি মন পবিত্ৰ কৰিবলৈ ভিৰ কৰা দেখা গৈছে । বুধবাৰে পুৱা ত্ৰিবেণী সংগমৰ পৰিৱেশ আছিল কিছু ব্যতিক্ৰম । কেউফালে কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা, আমোলাৰ আহ-যাহ, যেন কিবা এটা ডাঙৰ হ’বলৈ গৈ আছে । হয় আজি এগৰাকী বিশেষ ভক্তই স্নান কৰিবলৈ আহিল ত্ৰিবেণী সংগমত । তেওঁ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি পূজা আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গেৰুৱা ৰঙৰ এটা জেকেট আৰু নীলা ৰঙৰ এটা ট্ৰেক পেন্ট পৰিধান কৰি গংগাত ডুব মাৰিলে প্ৰধানমন্ত্ৰীয়ে । প্ৰয়াগৰাজত উপস্থিত হোৱাৰ পাচতেই এখন নাৱত উঠি যমুনা নদীত নৌকা বিহাৰৰ আমেজ লয় প্ৰধানমন্ত্ৰীয়ে । তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ।


পৌষ পূৰ্ণিমাত যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ । বিশ্বৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় সমাৰোহ হিচাপে পৰিগণিত মহাকুম্ভত অংশ ল’বলৈ দেশ-বিদেশৰ ভিন্ন স্থানৰ পৰা সোঁত বৈছে ভক্তৰ । অহা ২৬ ফেব্ৰুৱাৰীত শিৱৰাত্ৰিৰ দিনালৈকে অব্যাহত থাকিব মহাকুম্ভ ।

ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানত আন্তঃগাঁথনি আৰু সা-সুবিধা বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে ।


ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৫৫০০ কোটি টকাৰ ১৬৭টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি সাধাৰণ জনতাৰ বাবে সংযোগ, সুবিধা আৰু সেৱাৰ বিকাশ সাধন কৰে ।

ইয়াৰ পূৰ্বে প্ৰয়াগৰাজৰ মহাকুম্ভ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ঐতিহাসিক মুহূৰ্তত ‘ৰাজনীতি’ নকৰিবলৈ আহ্বান জনায় ।

X ত এটা ভিডিঅ’ পোষ্ট কৰি তেওঁ লিখিছে “মহা কুম্ভ ১৪৪ বছৰত এবাৰ অৰ্থাৎ বহু প্ৰজন্মৰ মূৰত এবাৰ আহে । এনে ঐতিহাসিক ধৰ্মীয় মুহূৰ্তত কোনেও ৰাজনীতি কৰা উচিত নহয় । পবিত্ৰ ত্ৰিবেণী সংগমত ডুব মৰাটো মোৰ বাবে সৌভাগ্যৰ কথা । অনুগ্ৰহ কৰি সকলোৱে যেন গাইডলাইন মানি চলে, কাৰণ মহাকুম্ভলৈ অহা মুঠ লোকৰ সংখ্যা অভূতপূৰ্ব আৰু অকল্পনীয় । #মহাকুম্ভ”।


ইফালে বুধবাৰে পুৱা ৮ বজালৈকে গংগা, যমুনা আৰু ৰহস্যময় সৰস্বতীৰ সংগমস্থলীত ৩৭.৪৮ নিযুততকৈ অধিক ভক্তই পবিত্ৰ স্নান কৰি গভীৰ আধ্যাত্মিক উৎসাহক অনুপ্ৰেৰণা যোগায় । ইয়াৰ ভিতৰত আছে ১০ লাখতকৈ অধিক কল্পবাসী আৰু ২৭৪৮ লাখ তীৰ্থযাত্ৰী, যিসকলে পুৱাৰ ভাগত উপস্থিত হৈছিল ঐশ্বৰিক আশীৰ্বাদ বিচাৰি ।

উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য অনুসৰি মহাকুম্ভ আৰম্ভ হোৱাৰ পিছৰে পৰা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত মুঠ স্নান লোকৰ সংখ্যাই ৩৮২ নিযুত অতিক্ৰম কৰিছে । যিয়ে এই অনুষ্ঠানৰ অতুলনীয় আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যক আলোকপাত কৰিছে ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে