ৱায়নাডত প্ৰধানমন্ত্ৰী মোদী! ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে সাক্ষাৎ কৰিলে ভুক্তভোগীক | PM Modi visit wayanad landslide hit area and meet the victim Assam news - Assam Tv9

ৱায়নাডত প্ৰধানমন্ত্ৰী মোদী! ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে সাক্ষাৎ কৰিলে ভুক্তভোগীক

Updated On: 

10 Aug 2024 17:38 PM

আজি কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়ছোৱাত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ সৈতে এক আকাশ মাৰ্গেৰে পৰিদৰ্শন ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চল। লগতে ভূমিস্খলনস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে আজি ৱায়নাডত এখন পৰ্যালোচনা বৈঠকো অনুষ্ঠিত কৰিব।

ৱায়নাডত প্ৰধানমন্ত্ৰী মোদী! ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে সাক্ষাৎ কৰিলে ভুক্তভোগীক

ৱায়নাডত প্ৰধানমন্ত্ৰী মোদী

Follow Us On

ৱায়নাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শনৰ বাবে শনিবাৰে কেৰালাৰ ৱায়নাডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁ ভূমিস্খলন প্ৰভাৱিত অঞ্চলসমূহৰ আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰে। ইয়াৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযানৰো পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে মোদীৰ সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰে য’ত তেওঁ ভুক্তভোগীসকলৰ সৈতে বাৰ্তালাপ কৰে। ৩০ জুলাইত ৱায়নাডত ভয়ংকৰ ভূমিস্খলন হৈছিল। এই ধ্বংসযজ্ঞত সকলো শেষ হৈ গৈছিল। এতিয়ালৈকে ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে। একে সময়তে বহুলোক এতিয়াও সন্ধানহীন হৈ আছে।

বিষয়াসকলৰ মতে প্ৰধানমন্ত্ৰীয়ে ৰাতিপুৱা প্ৰায় ১১ বজাত মোদীয়ে এয়াৰ ইণ্ডিয়া বন বিমানেৰে কান্নুৰ বিমানবন্দৰত অৱতৰণ কৰ।, য’ত তেওঁক কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে আদৰণি জনায়।
কান্নুৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বায়ু সেনাৰ হেলিকপ্টাৰত ৱায়নাডলৈ উৰা মাৰিছিল। য’ত তেওঁ ভূমিস্খলনপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন কৰে। আইএএফ হেলিকপ্টাৰখন কালপেট্টাৰ এছকেএমজে উচ্চতৰ মাধ্যমিকত অৱতৰণ কৰিছিল।তাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে পথেৰে ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। মোদীৰ সৈতে উপস্থিত আছিল কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী।

 

প্ৰধানমন্ত্ৰীৰ মোদী ৱায়নাডত এনে এক সময়ত উপস্থিত হৈছে যেতিয়া কেৰালা চৰকাৰে দুৰ্যোগপীড়িত অঞ্চলটোত পুনৰ্সংস্থাপন আৰু সাহায্যৰ কামৰ বাবে ২,০০০ কোটি টকাৰ সাহায্য বিচাৰিছে। বিষয়াসকলে কোৱা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে আজি এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰিব য’ত তেওঁক দুৰ্যোগ আৰু ইয়াৰ পিছত চলি থকা সাহায্য প্ৰচেষ্টাৰ বিষয়ে বিতং বিৱৰণ দিয়া হ’ব।

 

ইফালে বিৰোধী দলৰ নেতা তথা ৱায়নাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক ৱায়ানাড ভ্ৰমণৰ সিদ্ধান্তৰ বাবে ধন্যবাদ জনাইছে। কংগ্ৰেছ নেতাজনে এক্স ত পোষ্ট কৰি কয়, ” ধন্যবাদ মোদীজী! ৱায়ানাডৰ এই ভয়ংকৰ দুৰ্ঘটনাটোৰ বুজ ল’বলৈ, এইটো এটা ভাল সিদ্ধান্ত। মই আশা কৰোঁ আপুনি ধ্বংসৰ পৰ্যালোচনা কৰিব আৰু ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব।”

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version