আজি ৱায়নাড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ ৰাহুল গান্ধীয়ে জনালে ধন্যবাদ | PM Modi visit Wayanad landslide Rahul Gandhi demands to declare national disaster Assam news - Assam Tv9

আজি ৱায়নাড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ ৰাহুল গান্ধীয়ে জনালে ধন্যবাদ

Published: 

10 Aug 2024 07:37 AM

আজি প্ৰাকৃতিক দুৰ্যোগে বিধ্বস্ত কৰি তোলা কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ সন্দৰ্ভত লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এক্স যোগে ৱায়নাড ট্ৰেজেডীৰ বুজ ল’বলৈ ব্যক্তিগতভাৱে ৱায়নাডত উপস্থিত হোৱাৰ বাবে মোদীক ধন্যবাদ জনায় আৰু এই ভ্ৰমণক এক ভাল সিদ্ধান্ত আখ্যা দিয়ে।

আজি ৱায়নাড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ ৰাহুল গান্ধীয়ে জনালে ধন্যবাদ

ৱায়নাড ভ্ৰমণৰ বাবে মোদীক ধন্যবাদ ৰাহুলৰ

Follow Us On

যোৱা ৩০ জুলাইত কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা প্ৰলয়ংকাৰী ভূমিস্খলনে মৃত্যুলীলা চলালে জিলাখনত। এই ভয়াৱহ দুৰ্যোগে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিলে ৱায়নাড। এইপৰ্যন্ত ভূমিস্খলনৰ ফলত দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক সন্ধানহীন হৈ আছে। এনে পৰিস্থিতিত ৱায়নাড দুৰ্যোগৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই হৃদয় বিদাৰক পৰিস্থিতিৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়নাড ভ্ৰমণ কৰিব। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্যোগ বিধ্বস্ত ৱায়নাডত সাহায্য আৰু পুনৰ্বাসনৰ কামৰ পৰ্যালোচনাৰ সমান্তৰালকৈ দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিব।

প্ৰায় ১১ বজাত কান্নুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ পিছতে ৱায়নাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলৰ আকাশী জৰীপ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ সন্দৰ্ভত লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এক্সত এক বিশেষ পোষ্ট কৰিছে। এই পোষ্টটোত তেওঁ ৱায়নাড ট্ৰেজেডীৰ বুজ ল’বলৈ ব্যক্তিগতভাৱে ৱায়নাডত উপস্থিত হোৱাৰ বাবে মোদীক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক এটা ভাল সিদ্ধান্ত আখ্যা দিয়ে কংগ্ৰেছ নেতা তথা ৱায়নাডৰ প্ৰাক্তন সাংসদগৰাকীয়ে। ৰাহুল গান্ধীয়ে লগতে প্ৰধানমন্ত্ৰীয়ে এই ধ্বংসলীলাৰ পৰিসৰ প্ৰত্যক্ষভাৱে দেখাৰ পিছত ৱায়নাডৰ এই পৰিস্থতিক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব বুলিও আশা প্ৰকাশ কৰে। উল্লেখ্য যে গত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৰায়ে বৰেলীৰ লগতে ৱায়নাডৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

পিছত তেওঁ নিৰ্ধাৰিত নিয়মৰ বাবে ৰায়ে বৰেলীৰ পৰা সাংসদ হিচাপে কাৰ্যকাল আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈ ৱায়নাড আসন ত্যাগ কৰিছিল। ৱায়নাডৰ শেহতীয়া এই দুৰ্যোগৰ পিছত অৱশ্যে তাৎক্ষণিকভাৱে জিলাখনত উপস্থিত হৈছিল ৰাহুল গান্ধী আৰু পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলকো সাক্ষাৎ কৰিছিল। আজিৰ ভ্ৰমণৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে সাহায্য শিবিৰ আৰু চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিব।

সমান্তৰালকৈ ৱায়নাড দুৰ্যোগ সন্দৰ্ভত এক পর্যালোচনা বৈঠকতো সভাপতিত্ব কৰিব প্রধানমন্ত্রী মোদীয়ে৷ এই বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীৰ সমুখত ভূমিস্খলনৰ ঘটনাৰ সৈতে জড়িত প্ৰতিটো তথ্য দাখিল কৰা হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰা হৈছে। লক্ষণীয়ভাৱে ৱায়নাডৰ এই দুৰ্যোগ আছিল কেৰালাত সংঘটিত হোৱা অন্যতম বৃহৎ প্ৰাকৃতিক দুৰ্যোগ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version