কোন হ’ব মোদীৰ উত্তৰসূৰী? ছেপ্টেম্বৰত অৱসৰ ল’ব নেকি প্ৰধানমন্ত্ৰীয়ে…
কোন হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰসূৰী? শেহতীয়াকৈ মোদীয়ে আৰ এছ এছৰ কাৰ্যালয় ভ্ৰমণ কৰাৰ পাছতেই দাবী উত্থাপন হৈছে যে অৱসৰ গ্ৰহণ কৰিব মোদীয়ে।

অৱসৰ ল’ব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? কোন হ’ব মোদীৰ উত্তৰসূৰী? শেহতীয়াকৈ নাগপুৰস্থিত আৰ এছ এছ (RSS)ৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনা চলি আছে। এই ভ্ৰমণৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীৰ অৱসৰৰ কাৰণ জড়িত হৈ আছে বুলি একাংশই দাবী কৰিছে। শিৱসেনাৰ (উদ্ধৱ থাকৰে ফৈদৰ) নেতা সঞ্জয় ৰাউতে দেওবাৰে কয় যে, আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ যোগেদি মোদীয়ে অৱসৰ গ্ৰহণ কৰাৰ এক ইংগিত প্ৰদান কৰিছে।
মোদীৰ অৱসৰ সন্দৰ্ভত সঞ্জয় ৰাউটে কৰা মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাবিছে। তেওঁ কয় যে, এই সন্দৰ্ভত আলোচনা কৰাৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক কেইবাবছৰলৈ আৰু দেশখনৰ নেতৃত্ব দিব।
মোদীৰ উত্তৰসূৰী
নাগপুৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰ এছ এছৰ জ্যেষ্ঠ নেতা সুৰেশ ‘ভাইয়াজী’ যোশীয়েও কয় যে, প্ৰধানমন্ত্ৰী সলনি কৰা সন্দৰ্ভত কোনো আলোচনাৰ বিষয়ে তেওঁ জ্ঞাত নহয়। ইয়াৰ লগতে ফাডনাবিছে কয় যে, মোদীৰ উত্তৰাধিকাৰী বিচাৰিব নালাগে। তেওঁ আমাৰ নেতা আৰু প্ৰধানমন্ত্ৰী পদত থাকিব। ২০২৯ চনত পুনৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি তেওঁ কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সক্ৰিয় নেতা থকাৰ পাছত উত্তৰাধিকীৰা সন্দৰ্ভত চৰ্চা কৰা ভাৰতীয় সংস্কৃতিত উচিত নহয়। সঞ্জয় ৰাউটৰ দাবীৰ কথা উল্লেখ কৰি তেওঁ কয় যে, আমাৰ সংস্কৃতিত পিতৃ জীয়াই থকাৰ সময়ত উত্তৰাধিকাৰৰ কথা কোৱাটো উচিত নহয়। এয়া মোগল সংস্কৃতি। এই বিষয়ে আলোচনা কৰাৰ সময় অহা নাই।
ইয়াৰ পূৰ্বে সোমবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সঞ্জয় ৰাউতে দাবী কৰিছিল যে আৰ এছ এছে দেশৰ ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন বিচাৰে। মোদীয়ে সম্ভৱতঃ ছেপ্টেম্বৰত ল’বলগীয়া অৱসৰৰ আবেদন লিখিবলৈ আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ গৈছিল। তেওঁ উল্লেখ কৰে যে শাসকীয় দলৰ একাংশ নেতাই ৭৫ বছৰ বয়সত অৱসৰ লয়।চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব।
মোদীৰ RSS ৰ কাৰ্যালয় ভ্ৰমণ
মোদীৰ আৰ এছ এছৰ কাৰ্যালয় ভ্ৰমণ সন্দৰ্ভত সন্তুষ্টি ব্যক্তি কৰিছে সংঘই। ভাইয়াজী যোশীয়ে কয় যে, তেওঁৰ ভ্ৰমণত আমি সকলো সুখী। উল্লেখ্য যে, ১১ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদীয়ে দেওবাৰে প্ৰথমবাৰৰ বাবে আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰে। এই সময়চোৱাত মোদীয়ে সংঘক ভাৰতৰ অমৰ সংস্কৃতিৰ বট বৃক্ষ বুলি গণ্য কৰে। নাগপুৰস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰা দ্বিতীয়জন সক্ৰিয় প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ীয়ে ২০০০ চনত প্ৰধানমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকালত আৰ এছ এছৰ কাৰ্যালয় ভ্ৰমণ কৰিছিল।