5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Independence day Modi’s speech: শিক্ষা, অলিম্পিক,অপৰাধীৰ শাস্তি, লালকিল্লাৰ মোদীৰ ভাষণ পঢ়ক ১ মিনিটতে

Independence day celebration: আজি দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। পুৱা ৭.৩০ বজাত লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পাছত তেওঁ যুৱ সমাজ, কৃষক, মহিলা,দক্ষতা বিকাশ, বিকশিত ভাৰত, শিক্ষা , প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন দিশ সামৰি জনতাক সম্বোধন কৰে।

Independence day Modi’s speech: শিক্ষা, অলিম্পিক,অপৰাধীৰ শাস্তি, লালকিল্লাৰ মোদীৰ ভাষণ পঢ়ক ১ মিনিটতে
মোদী
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 15 Aug 2024 09:18 AM

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। পুৱা ৭.৩০ বজাত দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে ৰাজঘাটত উপস্থিত হৈ মোদীয়ে জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পতাকা উত্তোলন কৰাৰ পাছতেই মোদীয়ে সম্বোধন কৰে দেশবাসীক। এই সম্বোধনত মোদীয়ে যুৱ সমাজ, কৃষক, মহিলা,দক্ষতা বিকাশ, বিকশিত ভাৰত, শিক্ষা , প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন দিশ সামৰি লয়। মোদীৰ ভাষণত কি কি বিষয়ে স্থান লাভ কৰিলে তলত সবিশেষ উল্লেখ কৰা হ’ল-

শ্বহীদক স্মৰণ

ভাষণৰ আৰম্ভণিতে মোদীয়ে শ্বহীদক স্মৰণ কৰে।তেওঁ কয় যে আজি এই শুভ ক্ষণ, য’ত দেশৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া, আজীৱন সংঘৰ্ষ কৰা, ফাঁচীৰ সময়তো ভাৰত মাতাৰ জয় ধ্বনি দিয়া প্ৰতিগৰাকীক স্মৰণ কৰাৰ সময়।  এই পুন্য দিনটোত সেই মহান লোকসকলক শ্ৰদ্ধাঞ্জলি। তেওঁলোকৰ বলিদান চিৰ ঋণী বুলি কয় মোদীয়ে।

বিকশিত ভাৰত

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিকশিত ভাৰত-২০৪৭ কেৱল শব্দ নহয়। ইয়াৰ আঁৰত কঠোৰ পৰিশ্ৰম চলি আছে, দেশৰ কোটি কোটি মানুহৰ পৰা পৰামৰ্শ লোৱা হৈছে আৰু মই সুখী যে মোৰ দেশৰ কোটি কোটি নাগৰিকে ‘বিকশিত ভাৰত-২০৪৭’ৰ বাবে  বহু পৰামৰ্শ দিছে। মোদীয়ে কয়, বিকশিত ভাৰতৰ সপোনত সাধাৰণ মানুহৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ কম হ’ব লাগে। য’ত চৰকাৰৰ প্ৰয়োজন আছে তাত অভাৱ হ’ব দিব নালাগে আৰু য’ত প্ৰয়োজন নাই তাত প্ৰভাৱ থাকিব নালাগে। ২০৪৭ চনৰ ভিতৰত আমি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’ম।  যেতিয়া নীতি আৰু উদ্দেশ্য উচিত হয় তেতিয়া জাতিৰ কল্যান হয়, সফলতা লাভ কৰে।

ভাৰতৰ সোণালী যুগ

মোদীয়ে কয় যে এয়া ভাৰতৰ সোণালী যুগ। এই সুযোগ আমি এৰি দিব নালাগে। প্ৰতিটো খণ্ডতে নতুন আধুনিক ব্যৱস্থা গঢ় লৈ উঠিছে। আমাৰ চিইঅ’সকলে বিশ্বত নিজৰ নাম উজলাইছে, এয়া এক গৌৰৱৰ বিষয়।মহাকাশ খণ্ডতো নতুন সংযোজন হৈছে। যুৱসকলক এই খণ্ডটোত গুৰুত্ব দিবলৈ আহ্বান জনাই মোদীয়ে। তেওঁ কয়, ভাৰতবৰ্ষ ঔদ্যোগিক উৎপাদনৰ কেন্দ্ৰবিন্দু হ’ব আৰু  সেই দিন বহু দূৰত নহয়। বিশ্বৰ বহু উদ্যোগপতি ভাৰতত বিনিয়োগ কৰিব বিচাৰে। মই ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছো যে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ স্পষ্ট নীতি নিৰ্ধাৰণ কৰি আইন-শৃংখলা সম্পৰ্কে তেওঁলোকক আশ্বাস দিব লাগে।

প্ৰাকৃতিক দুৰ্যোগ

প্ৰাকৃতিক দুৰ্যোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, যোৱা কেইটামান বছৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমাৰ চিন্তা বৃদ্ধি হৈছে। বহুলোকে প্ৰাণ হেৰুৱাইছে, সা- সম্পত্তি হেৰুৱাইছে। প্ৰতিগৰাকী লোকলৈ সমবেদনা। এই সংকটৰ সময়ত দেশ তেওঁলোকৰ ওচৰত আছে। মই গৌৰৱান্বিত যে ভাৰতৰ পৰা ঔপনিবেশিক শাসন উভালি পেলোৱা ৪০ কোটি মানুহৰ তেজ আমাৰ ওচৰত আছে। আমি ১৪০ কোটি জনতা একেলগে আগবাঢ়ি যাম আৰু ২০৪৭ চনৰ ভিতৰত “উন্নত ভাৰত” হ’ম।

যুৱক-যুৱতী, কৃষক, মহিলাই দাসত্বৰ বিৰুদ্ধে যুঁজ দিছিল,ইতিহাস সাক্ষী আছে

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি যিসকল মহান ব্যক্তিয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণ নিষ্ঠা আৰু দায়বদ্ধতাৰে দেশক সুৰক্ষা দি আছে, লগতে দেশখনক নতুন শিখৰলৈ নিয়াৰ চেষ্টা কৰি আছে তেওঁলোক আমাৰ কৃষক, জোৱান, আমাৰ যুৱক-যুৱতীসকলৰ সাহস, আমাৰ আই-ভগ্নী, দলিত, শোষিত আৰু বঞ্চিতসকলৰ অৱদান।  স্বাধীনতাৰ আগৰ সেই দিনবোৰ মনত পেলাওক। শ শ বছৰৰ দাসত্ব আৰু ইয়াৰ প্ৰতিটো সময় আছিল সংগ্ৰামৰ। যুৱক হওক, কৃষক হওক, মহিলা হওক বা জনজাতীয় হওক… তেওঁলোকে দাসত্বৰ বিৰুদ্ধে যুদ্ধ যুঁজিছিল। ইয়াৰ বাবে ইতিহাস সাক্ষী আছে।

মেডিকেল কলেজৰ বাবে ঘোষণা

অহা ৫ বছৰৰ ভিতৰত মেডিকেল কলেজসমূহত নতুনকৈ ৭৫,০০০ আসন বৃদ্ধি কৰা হ’ব।  মোদীয়ে কয়, আমাৰ দেশৰ যুৱক- যুৱতীয়ে মেডিকেল কলেজৰ শিক্ষা গ্ৰহণ কৰিবলৈ দেশৰ বাহিৰত যাব লগা হয়। যাৰ বাবে দেশত এই আসনৰ সংখ্যা বৃদ্ধি কৰা হ’ব। কৃষকৰ ল’ৰা -ছোৱালীয়েও শিক্ষা পাব। আমাৰ চৰকাৰে ইয়াৰ ওপৰত কাম কৰিব।

শিক্ষা

মোদীয়ে কয় যে, মোৰ তৃতীয়বাৰৰ বাবে দেশবাসীৰ সেৱা কৰাৰ সুযোগ দিছে। বিকশিত ভাৰতৰ বাৰ্তা লৈ আমি আগবাঢ়ি আছো। আমি বহু নতুন কাম সাধন কৰিব লাগিব। উন্নয়নৰ সপোন বাস্তৱত পৰিণত কৰিব লাগিব। আমি শিক্ষাৰ ক্ষেত্ৰত যুগ যুগ ধৰি চলি অহা নালন্দা মনোভাৱ জাগ্ৰত কৰিব লাগিব। ভাষাৰ বাবে যাতে কোনো যুৱক- যুৱতী পিছ পৰি নৰয়, তাৰ বাবে আমি নতুন শিক্ষা নীতিত গুৰুত্ব দিছো। সমগ্ৰ পৃথিৱীৰ লগতে ভাৰততো দক্ষতাৰ বিকাশ হ’ব লাগিব। এই সপোন লৈ আগবাঢ়িছো যে ভাৰতৰ দক্ষ যুৱক-যুৱতীসকলে বিশ্বত কঁপনিৰ সৃষ্টি কৰিব পাৰে।

 

দোষীৰ মাজত ভয় সৃষ্টি হোৱাকৈ শাস্তিৰ ঘোষণা কৰিব লাগে…

মোদীয়ে কয়, মহিলাৰ ওপৰত অত্যাচাৰ হৈ আছে। এই অত্যাচাৰ কৰা ৰাক্ষস প্ৰবৃত্তিৰ লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গুৰুতৰ তদন্ত কৰিব লাগে। দেশত ক্ষোভৰ সৃষ্টি হৈছে। দোষীৰ শাস্তিৰ বিষয়ে সোনকালে আলোচনা কৰা অতি প্ৰয়োজনীয়, যাতে দোষীসকলৰ মাজত ভয়ৰ সৃষ্টি হয়। মোদীয়ে কয়, যেতিয়া মহিলাৰ লগত জঘন্য কাণ্ড সংঘটিত হয় তেতিয়া বহু আলোচনা হয়, কিন্তু দোষীয়ে শাস্তি পালে আলোচনা নহয়। দোষীয়ে শাস্তি পালেও আলোচনা কৰিব লাগে যাতে তেওঁলোকে ভয় খায়।

ভাৰতত ২০৩৬ চনৰ অলিম্পিক

মোদীয়ে কয় যেতিয়া জি-২০ৰ বৈঠক সমগ্ৰ দেশতে হৈছে। ইয়ে প্ৰমাণ কৰে যে ভাৰতত ডাঙৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষমতা আছে। ২০৩৬ চনৰ অলিম্পিক খেল ভাৰতত অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুতি কৰি আছো। তেওঁ পেৰিছ অলিম্পিকত পদক লাভ কৰাসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অলিম্পিকৰ বাবে সাজু হৈ থকা সকলক শুভকামনা দিয়ে।

Latest News