লোকসভাত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণত কি কি বিষয়ে ঠাই পালে…?
শনিবাৰে সংসদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ত তেওঁক ‘ভাৰত মাতা কি জয়’ শ্ল’গানেৰে আদৰণি জনোৱা হয়। সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বিষয় সামৰি ভাষণ দিয়ে ।
লোকসভাত অব্যাহত আছে শীতকালীন অধিৱেশন। ইফালে শনিবাৰে সংসদত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ত তেওঁক ‘ভাৰত মাতা কি জয়’ শ্ল’গানেৰে আদৰণি জনোৱা হয়। সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বিষয় সামৰি ভাষণ দিয়ে । ইয়াৰ মাজতে তেওঁ কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰা দেখা যায়।
প্ৰধানমন্ত্ৰী মোদীয়ে সদনত দিয়া ভাষণত কি কি ক’লে ?
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত নাৰী শক্তি বন্দন আইনক নাৰী সবলীকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে, ভাৰতে স্বাধীনতাৰ পিছৰে পৰা মহিলাসকলক ভোটাধিকাৰ দিছে আৰু আজি সংসদত মহিলা সাংসদৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।
- প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰত অতি শীঘ্ৰে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব । যিটো প্ৰতিজন ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰমৰ ফল। মহিলাৰ অংশগ্ৰহণক দেশৰ প্ৰগতিৰ আধাৰ বুলি অভিহিত কৰি তেওঁ ভাৰতৰ গণতন্ত্ৰ আৰু অৰ্থনীতিক বিশ্বৰ বাবে প্ৰেৰণা হিচাপে অভিহিত কৰে। লগতে তেওঁ কয় যে, ভাৰতৰ ভৱিষ্যত উন্নয়নৰ যাত্ৰা এনেদৰেই চলি থাকিব।
- প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ,৩৭০ অনুচ্ছেদ দেশৰ ঐক্যৰ বাধা, যিটো তেওঁৰ চৰকাৰে আঁতৰাই বিলুপ্ত কৰে। বৈচিত্ৰ্যক ভাৰতৰ শক্তি বুলি অভিহিত কৰি তেওঁ দাসত্বৰ মানসিকতা থকা লোকসকলে ঐক্যৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰে ।
- কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, জৰুৰীকালীন সময়ত দেশখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু নাগৰিক অধিকাৰ কাঢ়ি লোৱা হৈছিল। তেওঁ ইয়াক সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাসঘাতকতা আৰু কংগ্ৰেছৰ বাবে এক অক্ষমনীয় পাপ বুলি অভিহিত কৰে।
- প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে, কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনকালত এটা পৰিয়ালে সংবিধানক অবিৰতভাৱে আক্ৰমণ চলাইছিল। ১৯৫১ চনৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, কংগ্ৰেছে মত প্ৰকাশৰ স্বাধীনতাক আক্ৰমণ কৰি সংবিধান সলনি কৰিবলৈ চেষ্টা কৰিছিল।
- প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কংগ্ৰেছে উচ্চতম ন্যায়ালয় আৰু সংবিধানক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, বাবা চাহেব আম্বেদকাৰে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ পোষকতা কৰিছিল আৰু উচ্চতম ন্যায়ালয়েও ইয়াক কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যিসকলে নিজৰ দলৰ সংবিধানক সন্মান নকৰে, তেওঁলোকে দেশৰ সংবিধানক কেনেদৰে সন্মান কৰিব?
- কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘গৰিবী হাটাও’ কংগ্ৰেছৰ প্ৰিয় শব্দ, যাৰ প্ৰকৃত ফলাফল নাছিল। তেওঁ অভিযোগ কৰে যে, কংগ্ৰেছৰ শ্লোগান ‘গৰিবী হাটাও’ দেশৰ আটাইতকৈ ডাঙৰ ‘জুমলা’ ।
- প্ৰধানমন্ত্ৰী মোদীয়ে সদনত ১১টা প্ৰস্তাৱ দাখিল কৰে, য’ত নাগৰিক আৰু চৰকাৰৰ সৎ কৰ্তব্য পালন, সকলো শ্ৰেণীৰ সম বিকাশ, দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা, সংবিধানৰ প্ৰতি সন্মান আদি অন্তৰ্ভুক্ত। তেওঁ দাসত্বৰ মানসিকতাৰ পৰা মুক্তি, নেপোটিজিমৰ পৰা মুক্ত ৰাজনীতি, নাৰীৰ নেতৃত্বত উন্নয়ন, ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ লক্ষ্যক সৰ্বোচ্চ অগ্ৰাদিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।