5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰবীয়ান গাল্ফ কাপৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ, কুৱেইটৰ আমিৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

২৬ সংখ্যক আৰবীয়ান গাল্ফ কাপৰ মুকলি অনুষ্ঠানত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ লগতে অনুষ্ঠানৰ সময়ত কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

আৰবীয়ান গাল্ফ কাপৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ, কুৱেইটৰ আমিৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…
কুৱেইটৰ আমিৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
manas-borah
Manas Borah | Updated On: 22 Dec 2024 08:12 AM

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ সংখ্যক আৰবীয়ান গাল্ফ কাপৰ মুকলি অনুষ্ঠানত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে । ইয়াৰ লগতে অনুষ্ঠানৰ সময়ত কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । কুৱেইট চহৰৰ জাবেৰ আল আহমদ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হয় এই অনুষ্ঠান।

কুৱেইটৰ আমিৰৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে উপসাগৰীয় দেশখনত শনিবাৰে উপস্থিত হৈছিল । এই ভ্ৰমণ আছিল ৪৩ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো কুৱেইট ভ্ৰমণ । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ আমিৰৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে,“ আৰবীয়ান গাল্ফ কাপ মুকলি অনুষ্ঠানৰ সময়ত কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল-আহমদ আল-জাবেৰ আল ছাবাহক লগ পোৱাত আনন্দিত হৈছো।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই অনুষ্ঠানত উপস্থিত থকাৰ ফলত দুয়োখন দেশৰ নেতৃত্বই ইজনে সিজনৰ সৈতে অনানুষ্ঠানিকভাৱে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে। কুৱেইটত দ্বিবাৰ্ষিক আৰবীয়ান গাল্ফ কাপ অনুষ্ঠিত হৈছে । এই প্ৰতিযোগিতাত ইৰাক, য়েমেনকে ধৰি আঠখন দেশে অংশগ্ৰহণ কৰিছে ।

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা সকলো দেশলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মহানগৰীৰ শ্বেখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সত ‘হালা মোদী’ নামেৰে এক বিশেষ অনুষ্ঠানত ভাৰতীয় প্ৰবাসীসকলক সম্বোধন কৰে। তেওঁ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতীয় সম্প্ৰদায়ৰ অৱদানৰ প্ৰশংসা কৰি কয় যে, ভাৰত “বিশ্বৰ দক্ষতা ৰাজধানী” হোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় প্ৰবাসীসকলক ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ অভিযানত যোগদান কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে, ৰাষ্ট্ৰখনে বিশ্বৰ মংগলৰ প্ৰতি লক্ষ্য ৰাখি “বিশ্ববন্ধু” হিচাপে আগবাঢ়িছে। উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ আমিৰ, ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা আছে ।

Latest News