নৰেন্দ্ৰ মোদীৰ জন্মদিনঃ নাটক, বিয়া, ঘৰিয়াল আৰু বহু কাহিনীৰে ভৰপুৰ প্ৰধানমন্ত্ৰীৰ জীৱন | PM Narendra Modi Birthday Special; The Interesting story of Prime Minister Modi's childhood; details in assamese Assam news - Assam Tv9

PM Modi’s Childhood: আজি নৰেন্দ্ৰ মোদীৰ জন্মদিনঃ নাটক, বিয়া, ঘৰিয়াল আৰু বহু কাহিনীৰে ভৰপুৰ প্ৰধানমন্ত্ৰীৰ জীৱন

Published: 

17 Sep 2024 10:21 AM

Pm modi's birthday: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সৰুকালৰ পৰা কষ্টত ডাঙৰ দীঘল হোৱা নৰেন্দ্ৰ মোদীৰ জীৱন যাত্ৰা বৰ সহজ নাছিল। এগৰাকী সাধাৰণ মানুহৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ তেওঁৰ যাত্ৰাই অনুপ্ৰেৰণা যোগাই বহুতকে।

PM Modis Childhood:  আজি নৰেন্দ্ৰ মোদীৰ জন্মদিনঃ নাটক, বিয়া, ঘৰিয়াল আৰু বহু কাহিনীৰে ভৰপুৰ প্ৰধানমন্ত্ৰীৰ জীৱন

শৈশৱৰ পৰা মোদীৰ যাত্ৰা

Follow Us On

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। ৭৪ বছৰ বয়সত ভৰি দিয়া নৰেন্দ্ৰ মোদীক বিশ্বৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বিভিন্নজনে জনাইছে শুভেচ্ছ। আজিৰ দিনত হয়তো এনে বহু কম মানুহ ওলাব যিয়ে মোদীৰ নাম শুনা নাই বা তেওঁক নাজানে। মোদীয়ে জীৱনত লাভ কৰা এই সফলতাৰ যুঁজখন ইমান সহজ নাছিল। বহু ত্যাগ, কষ্ট, সংৰ্ঘৰ মাজেৰে আহি মোদীয়ে আজিৰ এই পৰ্যায় পাইছে। শৈশৱৰ পৰা মোদীয়ে যি যি সংঘৰ্ষৰ সন্মুখীন হৈ আহিছে সেয়া সকলোৰে বাবে প্ৰেৰণাৰ উৎস।

১৯৬০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ মেহছাণা( তেতিয়া বোম্বেৰ অংশ আছিল) ত তেওঁৰ জন্ম হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ দামোদৰদাস মোদী। তেওঁৰ পিতৃৰ নাম দামোদৰদাস মূলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন মোদী আছিল। তেওঁ পিতৃ- মাতৃৰ ৬ সন্তানৰ ভিতৰত ৩ নম্বৰ সন্তান আছিল।

কোৱা হয়, চাহৰ দোকানত কাম কৰাৰ লগতে মোদীয়ে তাতেই অধ্যয়ন কৰিছিল।স্কুলৰ এজন বন্ধুৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মোদী আৰম্ভণিৰে পৰা কঠোৰ পৰিশ্ৰমী আছিল।

নাটক কৰিছিল

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ১৩-১৪ বছৰ বয়সত মোদীয়ে স্কুলত এখন নাটক কৰিছিল। পিলে ফুল নামৰ নাটকখন মোদীয়ে নিজেই ৰচনা কৰিছিল। মোদীয়ে এই নাটকখন এইবাবে কৰিছিল যে তেওঁ বিদ্যালয়ৰ ভাগি যোৱা এখন দেৱাল মেৰামতি কৰিবলৈ টকা জমা কৰিব বিচাৰিছিল। ১৯৬৩-৬৪ চনৰ এই নাটকখনৰ বিষয় আছিল অস্পৃশ্যতা।

ঘৰিয়ালৰ কাহিনী

মোদীয়ে কিতাপ পঢ়ি ভাল পাইছিল। সৰুতে তেওঁ পুথিভঁৰালত ঘন্টাৰ পাছত ঘন্টা কটাইছিল। প্ৰধানমন্ত্ৰীয়ে বিখ্যাত শ্ব’ ‘মেন ভাৰ্চেচ ৱাইল্ড’ত বিয়াৰ গ্ৰীলছক কৈছিল যে এবাৰ তেওঁ পুখুৰীত সাঁতুৰি আছিল। তেতিয়া তেওঁ এটা ঘৰিয়ালৰ সৰু পোৱালি দেখি ঘৰলৈ লৈ আনিছিল। কিন্তু তেওঁৰ মাতৃয়ে কৈছিল যে এনে কৰাতো পাপ আৰু তাৰ পাছতেই সেই পোৱালিতো পুনৰ পানীত থৈ আহিছিল। কোৱা হয় যে, এবাৰ তেওঁ ঘৰিয়ালৰে ভৰা পুখুৰীত সাঁতুৰি গৈ এটা মন্দিৰত পতাকা উত্তোলন কৰিছিল।

মাতৃৰ প্ৰথম উপদেশ

মোদী মাতৃৰ লগত অতি ঘনিষ্ঠ আছিল আৰু প্ৰায়েই তেওঁ গুজৰাটলৈ গৈছিল। যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল তেতিয়া  প্ৰথমবাৰৰ বাবে মাতৃৰ আশীৰ্বাদ লৈছিল। তেতিয়া মাতৃয়ে তেওঁক বিশেষ উপদেশ দিছিল। মাতৃয়ে কৈছিল, তুমি কি কাম কৰা মই নাজানো, কিন্তু জীৱনত কেতিয়াও ঘোচ নলবা। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা সংবাদমাধ্যমৰ এক অনুষ্ঠানত জনাইছিল।

ট্ৰেইনৰ কাহিনী

চেণ্ট্ৰেল ফৰ ৰেলৱে ইনফৰ্মেশ্যন চিষ্টেম ইন ৰেলৱেৰ জেনেৰেল মেনেজাৰ (তেতিয়াৰ) লীনা শৰ্মাই দ্যা হিন্দুৰ এটা লিখাত লিখিছিল যে, চাকৰিৰ কিবা কামত তেওঁ এবাৰ বান্ধৱীৰ সৈতে লক্ষ্ণৌৰ পৰা আহমেদাবাদলৈ যাব লগীয়া হৈছিল। যিখন ট্ৰেইনত তেওঁলোকে গৈ আছিল তাত কেইগৰাকীমান নেতাও আছিল। নেতা কেইগৰাকীয়ে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকৰ ট্ৰেইনৰ আসনো কাঢ়ি লৈছিল।

দিল্লী পোৱাৰ পাছত লীনাৰ বান্ধৱীয়ে আগলৈ যোৱাত অস্বীকাৰ কৰিছিল পৰৱৰ্তী সময়ত লীনাই অকলে যাত্ৰা আৰম্ভ কৰিছিল। টিটিইক সুধি লীনাই এটা দবাত উঠিছিল আৰু তাতে দুজন নেতা আছিল। প্ৰথমে তেওঁলোকক দেখি লীনাই ভয় খাইছিল যদিও পৰৱৰ্তী সময়ত গম পাইছিল যে দুয়ো ভদ্ৰ। সেই নেতাদুগৰাকীয়ে লীনাক বহিবলৈ আসন দিছিল। নেতা দুগৰাকীয়ে লীনাৰ বাবে খাদ্য যোগাৰ কৰাৰ লগতে শুবৰ বাবে তেওঁলোকৰ আসন এৰি দিছিল আৰু দুয়ো তলত শুই পৰিছিল। এই নেতা দুগৰাকী নৰেন্দ্ৰ মোদী আৰু শমকৰ সিং বাঘেলা আছিল।

বিয়া

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মোদীয়ে বিয়া পাতিব বিচৰা নাছিল। পৰিয়ালৰ কথা মতে তেওঁ যশোদাবেন মোদী নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল। কিন্তু তাৰ পাছতেই তেওঁ সন্নাসী হোৱাৰ যাত্ৰা আৰম্ভ কৰে। এই সময়চোৱাত মোদীয়ে দেশৰ উত্তৰ আৰু উত্তৰ- পূৱৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। ঘৰ এৰি যোৱাৰ ২ বছৰ পাছত তেওঁ ঘূৰি আহি আৰ এছ এছত যোগদান কৰে।

আৰ এছ এছৰ পৰা প্ৰধানমন্ত্ৰীলৈ যাত্ৰা

১৯৭২ চনত গুজৰাটৰ আহমেদাবাদত তেওঁক সংঘৰ প্ৰচাৰক হিচাপে নিযুক্তি দিয়া হয়।১৯৮৭ চনত তেওঁক গুজৰাটত বিজেপিৰ সাধাৰণ সম্পাদক নিযুক্তি দিয়া হয়। ইয়াৰ পিছতে আহমেদাবাদ পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিয়ে জয়লাভ কৰে। ১৯৯০ চনত গুজৰাট বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ভোট বৃদ্ধি হৈ দ্বিতীয় স্থানত উপনীত হয়। ১৯৯৫ চনত যেতিয়া বিজেপিয়ে গুজৰাটত ১২১খন আসন লাভ কৰিছিল, সেই বছৰতে নৰেন্দ্ৰ মোদীক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক নিযুক্তি দিয়া হৈছিল।

২০০১ চনত মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল। তেতিয়াৰ পৰা ২০১৪ চনলৈ একেৰাহে মোদী গুজৰাটৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ গ্ৰহণ কৰে। তাৰ পাছত ২০১৪ চনক তেওঁ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ হয়। ২০১৪ চনৰ ২৬ মেত তেওঁ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। তেতিয়াৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে মোদীয়ে। বৰ্তমান তেওঁৰ তৃতীয় কাৰ্যকাল চলি আছে।

আমেৰিকাই দিয়া নাছিল ভিছা

২০০৫ চনৰ কথা। আমেৰিকাই গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভিছা দিবলৈ অস্বীকাৰ কৰিছিল। এছিয়ান-আমেৰিকান হোটেল মালিকৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সেই বছৰ আমেৰিকালৈ যাবলগীয়া আছিল মোদী। তেতিয়া তেওঁ ভিছাৰ বাবে আবেদন কৰিছিল । কিন্তু ২০০২ চনৰ গুজৰাটৰ সংঘৰ্ষত তেওঁৰ ভূমিকা আছে বুলি কোৱাৰ বাবে আমেৰিকাই তেওঁক ভিছা নিদিলে । ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱালৈকে তেওঁৰ ওপৰত এই বাধা আছিল। অৱশ্যে এতিয়া মোদীয়ে আমেৰিকাৰ লগতে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version