শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি ৬৫ লাখৰো অধিক হিতাধিকাৰীয়ে লাভ কৰিলে সম্পত্তি কাৰ্ড, এই সন্দৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

আজি দেশৰ প্ৰধানমন্ত্ৰী মোদী দেশৰ ৬৫ হাজাৰো অধিক গ্ৰামাঞ্চলৰ হিতাধিকাৰীক প্ৰদান কৰিলে সম্পত্তি কাৰ্ড । এই কাৰ্ড বিতৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, আজি দেশৰ গাঁও আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে এক অতি ঐতিহাসিক দিন। এই আঁচনিখন গাঁওসমূহত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

আজি ৬৫ লাখৰো অধিক হিতাধিকাৰীয়ে লাভ কৰিলে সম্পত্তি কাৰ্ড, এই সন্দৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?
৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়েImage Credit source: PTI
manas-borah
Manas Borah | Published: 18 Jan 2025 16:30 PM

এটা দিনতে ৬৫ লাখৰো অধিক পৰিয়ালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিলে সম্পত্তি কাৰ্ড । এই সম্পত্তি কাৰ্ড দেশৰ ১০ খন ৰাজ্যৰ লগতে দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিতৰণ কৰা হয়। ভাৰ্চুৱেলি অয়োজন কৰা এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰৰ SVAMITVA আঁচনিৰ অধীনত এই কাৰ্ড বিতৰণ কৰা হয় । এই কাৰ্ড বিতৰণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কয় যে, আজি দেশৰ গাঁও আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে এক অতি ঐতিহাসিক দিন। এই আঁচনিখন গাঁওসমূহত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

গাঁৱে-ভূঞে বসবাস কৰা লোকসকলক তেওঁলোকৰ সম্পত্তিৰ আইনী প্ৰমাণ দিব পৰাকৈ পাঁচ বছৰ পূৰ্বে এই SVAMITVA আঁচনি আৰম্ভ কৰা হৈছিল। যোৱা ৫ বছৰত প্ৰায় ১.৫ কোটি লোকক এই আঁচনিৰ অধীনত সম্পত্তি কাৰ্ড দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য় অনুসৰি, SVAMITVA প্ৰকল্পৰ অধীনত দেশৰ দহখন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫০ হাজাৰ গাঁৱত কেন্দ্ৰই সম্পত্তিৰ কাৰ্ড বিতৰণ কৰিছে। ৬৫ লাখৰো অধিক হিতাধিকাৰী ইয়াৰ উপকৃত হৈছে ।

ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ডৰ দৰে হৈছে সম্পত্তি কাৰ্ড । SVAMITVA অধীনত গ্ৰামাঞ্চলৰ নাগৰিকক এই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে । মূলতঃ এই কাৰ্ডখন গাঁৱৰ মাটি আৰু ঘৰৰ পৰিচয় পত্ৰ। এই কাৰ্ডখনে মাটিৰ পট্টাৰ দৰেই কাম কৰে। কেন্দ্ৰৰ SVAMITVA আঁচনিৰ অধীনত আজি এই কাৰ্ড বিতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস ২০২০ত কেন্দ্ৰই গ্ৰাম্য নাগৰিকৰ বাবে এই আঁচনিখন আৰম্ভ কৰে। প্ৰথমতে ইয়াক মহাৰাষ্ট্ৰৰ পুনে জিলাৰ সোণাৰি গাঁৱত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছিল। পিছত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে এই আঁচনি আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, আজি ৬৫ লাখ কাৰ্ড বিতৰণ কৰাৰ পিছত এতিয়া গাঁৱে-ভূঞে প্ৰায় ২.২৪ কোটি হিতাধিকাৰীৰ হাতত সম্পত্তি কাৰ্ড থাকিব। ‘সম্পত্তিৰ অধিকাৰ সমগ্ৰ বিশ্বতে এক ডাঙৰ প্ৰত্যাহ্বান। বছৰ বছৰ আগতে ৰাষ্ট্ৰসংঘই এক অধ্যয়ন চলাইছিল, য’ত প্ৰকাশ পাইছিল যে কেইবাখনো দেশত মানুহৰ হাতত সম্পত্তিৰ অধিকাৰৰ বাবে আইনী নথি নাছিল। ৰাষ্ট্ৰসংঘই কয় যে দৰিদ্ৰতা নিৰাময়ৰ বাবে সম্পত্তিৰ অধিকাৰ গুৰুত্বপূৰ্ণ।’ এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

তেওঁ লগতে কয়, ‘আইনী সম্পত্তিৰ অধিকাৰ পোৱাৰ পিছত লাখ লাখ লোকে ঋণ লৈছে। এই ধনেৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰে বহুতেই কৃষক । এই সম্পত্তি কাৰ্ডে আৰ্থিক সুৰক্ষাৰ নিশ্চিত কৰিছে ।’

Latest News