গান্ধীৰ গণ আন্দোলনৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত মোৰ প্ৰতিটো পদক্ষেপঃ প্ৰধানমন্ত্ৰী মোদী

আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায়। ফ্ৰিডমেনৰ সৈতে বাৰ্তালাপৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ জীৱনৰ প্ৰতিটো পদক্ষেপক মহাত্মা গান্ধীৰ গণ আন্দোলনৰ দৃষ্টিভংগীয়ে কেনেদৰে অনুপ্ৰাণিত কৰে সেই সন্দৰ্ভতো বাখ্যা আগবঢ়ায়।

গান্ধীৰ গণ আন্দোলনৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত মোৰ প্ৰতিটো পদক্ষেপঃ প্ৰধানমন্ত্ৰী মোদী

ফ্ৰিডমেনৰ প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদী

Updated On: 

17 Mar 2025 07:00 AM

আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক প’ডকাষ্ট দেওবাৰে মুকলি কৰা হয়। এই প’ডকাষ্টৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায়। ফ্ৰিডমেনৰ সৈতে বাৰ্তালাপৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ জীৱনৰ প্ৰতিটো পদক্ষেপক মহাত্মা গান্ধীৰ গণ আন্দোলনৰ দৃষ্টিভংগীয়ে কেনেদৰে অনুপ্ৰাণিত কৰে সেই সন্দৰ্ভতো বাখ্যা আগবঢ়ায়। মহাত্মা গান্ধীয়ে জনগণৰ শক্তিক স্বীকৃতি দি দেশৰ স্বাধীনতা সংগ্ৰামক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে তেওঁ আৰম্ভণিৰে পৰা মহাত্মা গান্ধীৰ গণ আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ আহিছে। তেওঁৰ বহু পদক্ষেপ গান্ধীৰ ধাৰণাৰে অনুপ্ৰাণিত হৈছে বুলি মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ মতে, মহাত্মা গান্ধীয়ে তেওঁৰ দৃষ্টিভংগীৰে প্ৰতিটো পদক্ষেপত যিমান পাৰি সিমান লোকক জড়িত কৰিবলৈ সদায় চেষ্টা কৰিছিল, যাতে ইয়াক জনসাধাৰণৰ অংশগ্ৰহণেৰে গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিব পৰা যায়।

প্ৰধানমন্ত্ৰী মোদীয়ে সমাজৰ সামূহিক শক্তি অপৰিসীম বুলিও দোহাৰে। তেওঁ কয়, “মোৰ জন্ম গুজৰাটত। মোৰ মাতৃভাষা গুজৰাটী। মহাত্মা গান্ধীৰ জন্মও গুজৰাটত আৰু তেওঁৰ মাতৃভাষাও গুজৰাটী।” বেৰিষ্টাৰ হোৱাৰ পিছত বহু সময় বিদেশত থকা মহাত্মা গান্ধীয়ে বহু সুযোগ পাইছিল যদিও অন্তৰ্নিহিত অনুভূতি আৰু পৰিয়ালৰ পৰা পোৱা মূল্যবোধৰ বাবে সকলো এৰি ভাৰতলৈ উভতি আহি স্বাধীনতাৰ যুঁজত যোগদান কৰে বুলি নিজ মন্তব্যত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আজিও মহাত্মা গান্ধীৰ প্ৰভাৱ কোনোবা নহয় কোনোবা ৰূপত অনুভৱ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ক’ৰবাত নহয় ক’ৰবাত গান্ধীয়ে দাঙি ধৰা মতাদৰ্শৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰে। স্বাধীনতাৰ বাবে গণ আন্দোলন আৰম্ভ কৰা মহাত্মা গান্ধীয়ে প্ৰতিটো কামক স্বাধীনতাৰ সংগ্ৰামৰ সৈতে সংযোগ কৰিছিল আৰু সাধাৰণ মানুহে ইয়াৰ দ্বাৰা নিজেও স্বাধীনতা আন্দোলনত যোগদান কৰা যেন অনুভৱ কৰিবলৈ ধৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।

প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মহাত্মা গান্ধীয়ে সামূহিকতাবাদৰ ভাৱ জাগ্ৰত কৰিছিল। তেওঁ জনগণৰ শক্তিক চিনিব পাৰিছিল। মোৰ বাবে এতিয়াও ইয়াৰ গুৰুত্ব একেই। মই সদায় সাধাৰণ জনতাক জড়িত কৰি কাম কৰিবলৈ চেষ্টা কৰো। প্ৰতিটো কামত সৰ্বাধিক সংখ্যক লোকৰ অংশগ্ৰহণ হ’ব লাগে। চৰকাৰে সকলো কৰিব বুলি মই নাভাবোঁ। সমাজৰ শক্তি অপৰিসীম। এয়া মোৰ মতামত।”

মহাত্মা গান্ধীৰ গণ আন্দোলনৰ পৰা প্ৰেৰণা লৈ প্ৰধানমন্ত্ৰী মোদীয়ে বহু পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে। স্বচ্ছ ভাৰত অভিযান, ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত, হৰ ঘৰ জলৰ দৰে বহু আঁচনিত জনসাধাৰণৰ অংশগ্ৰহণে গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিলে বুলি উদাহৰণ স্বৰূপে তেওঁ লগতে আঙুলিয়াই দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মহাত্মা গান্ধীক ২০ শতিকাৰ লগতে একবিংশ শতিকাৰ আৰু আগন্তুক শতিকাৰো সৰ্বশ্ৰেষ্ঠ নেতা আখ্যা দিয়ে। তেওঁ লগতে মহাত্মা গান্ধীৰ চিন্তাধাৰা আজিও সমানেই প্ৰাসংগিক আৰু তেওঁৰ প্ৰেৰণাৰে সমগ্ৰ বিশ্বতে সামাজিক পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে বুলি ফ্ৰিডমেনৰ প’ডকাষ্টত দৃঢ়তাৰে মন্তব্য কৰে।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...