শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিগত ৩ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ বাবদ কিমান টকা খৰচ হৈছে? কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিলে সবিশেষ তথ্য 

কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰা তথ্য অনুসৰি ২০২৩ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণত ২২ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছিল। আনহাতে ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁৰ ৩৮টা বিদেশ ভ্ৰমণত মুঠ ২৫৮ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ভিতৰত হোটেল, নিৰাপত্তা আৰু অন্যান্য খৰচো অন্তৰ্ভুক্ত।

বিগত ৩ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ বাবদ কিমান টকা খৰচ হৈছে? কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিলে সবিশেষ তথ্য 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
trishna-kalita
Trishna Kalita | Updated On: 21 Mar 2025 14:30 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে বিদেশ ভ্ৰমণলৈ গৈ থাকে। শেহতীয়াকৈ তেওঁ মৰিচাছ আৰু আমেৰিকা ভ্ৰমণলৈ গৈছিল। এই ভ্ৰমণত হোৱা খৰচৰ তথ্য সংসদত বিচৰা হৈছিল। সংসদত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই প্ৰশ্ন সোধাত ভাৰতীয় দূতাবাসে বিগত তিনি বছৰত প্ৰধানমন্ত্ৰীগৰাকীৰ বিদেশ ভ্ৰমণৰ বাবে ব্যয় কৰা ধনৰ তথ্য বিচাৰিছিল। বৃহস্পতিবাৰে ৰাজ্যসভাত লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত হোটেলৰ ব্যৱস্থা, সম্প্ৰদায়ৰ আদৰণি, পৰিবহণৰ ব্যৱস্থা আৰু অন্যান্য ভ্ৰমণ ভিত্তিক খৰচৰ তথ্য বিচাৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ২০২২, ২০২৩ আৰু ২০২৪ চনত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত দেশভিত্তিক ব্যয়ৰ তথ্য প্ৰদান কৰে।

চৰকাৰী তথ্য মতে, ২০২২ চনৰ মে’ৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩৮টা বিদেশ ভ্ৰমণৰ বাবে প্ৰায় ২৫৮ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ ভিতৰত ২০২৩ চনৰ জুন মাহত আমেৰিকা ভ্ৰমণৰ বাবে ২২ কোটি ₹তকৈ অধিক ব্যয় কৰা হৈছে। তথ্য অনুসৰি ২০২৩ চনৰ জুন মাহত প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণত ২২,৮৯,৬৮,৫০৯ টকা ব্যয় হোৱাৰ বিপৰীতে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত একেখন দেশ ভ্ৰমণৰ বাবে ১৫,৩৩,৭৬,৩৪৮ টকা ব্যয় কৰা হৈছে।

২০২২ চনত জাৰ্মানী ভ্ৰমণৰ পৰা আৰম্ভ কৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত কুৱেইটলৈকে মুঠ ৩৮টা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই সকলোবোৰ ভ্ৰমণৰ বাবদ প্ৰায় ২৫৮ কোটি টকা ব্যয় কৰা হৈছে। য’ত হোটেলত থকা, আদৰণি, যাতায়ত আৰু অন্যান্য আনুষংগিক খৰচো অন্তৰ্ভুক্ত। ইয়াৰ লগতে নিৰাপত্তা আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধি দলৰ খৰচো অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ মে’ মাহত জাপান ভ্ৰমণ কৰিছিল, এই সময়ছোৱাত প্ৰায় ১৭,১৯,৩৩,৩৫৬ টকা খৰচ হৈছিল। আনহাতে ২০২২ চনৰ মে’ মাহত নেপাল ভ্ৰমণৰ বাবদ ৮০,০১,৪৮৩ টকা ব্যয় হৈছিল।

 প্ৰধানমন্ত্ৰী কেতিয়া কোনখন দেশ ভ্ৰমণ কৰিছিল?

২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ডেনমাৰ্ক, ফ্ৰান্স, ইউ এ ই, উজবেকিস্তান আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰিছিল। ২০২৩ চনত তেওঁৰ বিদেশ ভ্ৰমণৰ ভিতৰত আছিল অষ্ট্ৰেলিয়া, ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ। ২০২৪ চনত তেওঁ পোলেণ্ড ভ্ৰমণত ১০,১০,১৮,৬৮৬ টকা, ইউক্ৰেইনত ২,৫২,০১,১৬৯ টকা, ৰাছিয়াত ৫,৩৪,৭১,৭২৬ টকা, ইটালীত ১৪,৩৬,৫৫,২৮৯ টকা, ব্ৰাজিলত ৫,৫১,৮৬,৫৯২ টকা আৰু  গিয়ানা ভ্ৰমণত ৫,৪৫, ৯১,৪৯৫ টকা।