কথা ৰাখিলে ! কুৱেইটত ১০১ বছৰীয়া প্ৰাক্তন IFS বিষয়াক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
কুৱেইট ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ১০১ বছৰীয়া আই এফ এছৰ প্ৰাক্তন বিষয়া মংগল ছেইন হাণ্ডাক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত আই পি এছৰ প্ৰাক্তন বিষয়াগৰাকীক অতি আৱেগিক যেন লাগিছিল।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি কুৱেইটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কুৱেইটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক অতি উষ্ম আদৰণি জনোৱা হয়। আদৰণি জনাই ভাৰতীয় প্ৰৱাসীসকলেও । কুৱেইট ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ১০১ বছৰীয়া আই এফ এছৰ প্ৰাক্তন বিষয়া মংগল ছেইন হাণ্ডাক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত আই পি এছৰ প্ৰাক্তন বিষয়াগৰাকীক অতি আৱেগিক যেন লাগিছিল।
উল্লেখ্য় যে, ৪৩ বছৰৰ পাছত কুইৱেট ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে । কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ অনুৰোধত শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণ কালতে আই এফ এছৰ প্ৰাক্তন বিষয়াক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
#WATCH | Prime Minister Narendra Modi meets 101-year-old Ex-IFS officer Mangal Sain Handa in Kuwait City.
PM Modi is on a 2-day visit to Kuwait at the invitation of Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of the State of Kuwait. This is the first visit of an Indian… pic.twitter.com/T2qpgJm422
— ANI (@ANI) December 21, 2024
কুৱেইটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইট চহৰত আই এফ এছৰ প্ৰাক্তন বিষয়া মংগল ছেইন হাণ্ডাক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে হাণ্ডাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই হাত চাপৰি বজোৱা দেখা গৈছিল। ইয়াৰ পূৰ্বে আই এফ এছৰ প্ৰাক্তন বিষয়াৰ ভতিজী শ্ৰেয়া জুনেজাই ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ অনুৰোধ জনাইছিল।
জুনেজাই ছ’চিয়েল চাইটৰ জৰিয়তে কয় ,’নানা মংগল ছেইন হাণ্ডা আপোনাৰ ডাঙৰ অনুৰাগী।’ জুনেজাই ছ’চিয়েল মিডিয়াত অনুৰোধ জনোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কয়, ‘অৱশ্যেই ! আজি কুৱেইটত মংগল ছেইন হাণ্ডা জীক লগ পাবলৈ আগ্ৰহী।’ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰাৰ সময়তে আৱেগিক হৈ পৰে ১০১ বছৰীয়া মংগল ছাইন হাণ্ডা। প্ৰকাশিত খবৰ অনুসৰি, এই প্ৰাক্তন আমোলাজনে ইৰাক, কুৱেইট, চীন, আৰ্জেণ্টিনা, ব্ৰিটেইন আৰু কম্বোডিয়াত আই এফ এছৰ বিষয়া হিচাপে কাম কৰিছিল।
ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ৪৩ বছৰ কুৱেইটত উপস্থিত হয় নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে ইন্দিৰা গান্ধীয়ে শেষবাৰৰ বাবে ১৯৮১ চনত ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে কুৱেইট ভ্ৰমণ কৰিছিল।