5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Unified Pension Scheme : কৰ্মচাৰীসকলৰ কল্যাণ আৰু সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব ইউপিএছ আঁচনিয়ে : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম হেণ্ডেল ‘এক্স’ত লিখিছে, ‘দেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সকলো চৰকাৰী কৰ্মচাৰীক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ইউনিফাইড পেঞ্চন আঁচনিৰ জৰিয়তে এই কৰ্মচাৰীসকলৰ মৰ্যদা আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰা হ’ব। এই পদক্ষেপে তেওঁলোকৰ কল্যাণ আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।”

Unified Pension Scheme : কৰ্মচাৰীসকলৰ কল্যাণ আৰু সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব ইউপিএছ আঁচনিয়ে : প্ৰধানমন্ত্ৰী মোদী
UPS ৰ সন্দৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
manas-borah
Manas Borah | Updated On: 24 Aug 2024 23:00 PM

পেঞ্চন আঁচনি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে । চৰকাৰী কৰ্মচৰী স্বাৰ্থত ইউনিফাইড পেঞ্চন আঁচনি (UPS) ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী কেবিনেটে। পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী কেবিনেটে । কেবিনেটৰ এই সিদ্ধান্ত সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম হেণ্ডেল ‘এক্স’ত লিখিছে, ‘দেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সকলো চৰকাৰী কৰ্মচাৰীক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ইউনিফাইড পেঞ্চন আঁচনিৰ জৰিয়তে এই কৰ্মচাৰীসকলৰ মৰ্যদা আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰা হ’ব। এই পদক্ষেপে তেওঁলোকৰ কল্যাণ আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।”

কেবিনেট বৈঠকত পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ সলনি ইউনিফাইড পেঞ্চন আঁচনি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী কেবিনেটে। কমেও ২৫ বছৰ কাম কৰা কৰ্মচাৰীয়ে UPS আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ জৰিয়তে প্ৰায় ২৩ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ’ব । অৱশ্যে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী কৰা হ’ব।

UPS আঁচনিৰ অধীনত যদি কোনো কৰ্মচাৰীয়ে কমেও, ২৫ বছৰ কাম কৰিছে, তেন্তে অৱসৰৰ সময়ত তেওঁ যোৱা ১২ মাহৰ গড় দৰমহাৰ কমেও ৫০% পেঞ্চন হিচাপে লাভ কৰিব। কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে মৃত্যুৰ সময়ত লাভ কৰা পেঞ্চনৰ ৬০% লাভ কৰিব। আনহাতে কোনো কৰ্মচাৰীয়ে যদি ১০ বছৰৰ পিছত চাকৰি এৰি দিয়ে তেন্তে তেওঁ ১০ হাজাৰ টকাৰ পেঞ্চন লাভ কৰিব।

Latest News