নাৰী নিৰ্যাতনকাৰীক দিয়া হওক কঠোৰতম শাস্তি: লালকিল্লাৰ পৰা সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ | PM on women security form red fort Assam news - Assam Tv9

নাৰী নিৰ্যাতনকাৰীক দিয়া হওক কঠোৰতম শাস্তি: লালকিল্লাৰ পৰা সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

Published: 

15 Aug 2024 12:14 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশৰ ভিতৰত ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰাসকলক তীব্ৰ সমালোচনা কৰে। তেওঁ অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা কয় আৰু চলিত ঘটনাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে। মহিলাসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, "তেওঁলোকে কেৱল অংশগ্ৰহণ বৃদ্ধি কৰাই নহয়, নেতৃত্বও দিছে।"

নাৰী নিৰ্যাতনকাৰীক দিয়া হওক কঠোৰতম শাস্তি: লালকিল্লাৰ পৰা সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Follow Us On

ভাৰতে আজি ৭৮ তম স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা জনতাক সম্বোধন কৰি দেশৰ ভিতৰত ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰা সকলক তীব্ৰ সমালোচনা কৰে। তেওঁ অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা কয় আৰু চলিত ঘটনাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে। ধৰ্ষণৰ বিৰুদ্ধে আইন প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ মাতৃ, ভগ্নী আৰু কন্যাক ধৰ্ষণত জড়িত লোকসকলক ফাঁচী দিয়াৰ বাবে এখন আইন প্ৰস্তুত কৰা হৈছে।

দেশৰ ভিতৰতে মানুহবোৰ ক্ষুব্ধ হৈ উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যে মই লালকিল্লাৰ পৰা সেই বেদনা আৰু খং অনুভৱ কৰিব পাৰো। তেওঁ কয়, “এখন সমাজ হিচাপে, আমি ইয়াৰ বিষয়ে গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব।মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ দ্ৰুত তদন্ত কৰা উচিত। যিসকলে এনে জঘন্য কাম কৰে তেওঁলোকক সোনকালে শাস্তি দিয়া উচিত। সমাজত বিশ্বাস সৃষ্টি কৰাটো প্ৰয়োজনীয়।”

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যদি কোনো অপৰাধীয়ে ধৰ্ষণৰ দৰে ঘটনা সংঘটিত কৰে, তেন্তে সংবাদ মাধ্যমত ইয়াক যথেষ্ট প্ৰদৰ্শন কৰা হয়। কিন্তু যেতিয়া পৈশাচিক প্ৰৱণতা থকা লোকসকলক শাস্তি দিয়া হয়, তেতিয়া সেই বাতৰি ক’তো প্ৰকাশ নাপায়। ইয়াক এটা কোণত ৰখা হয়। এতিয়া যিসকলক শাস্তি দিয়া হয় তেওঁলোকৰ বিষয়ে আলোচনা কৰাটো উচিত হৈ পৰিছে। যাতে ভৱিষ্যতে কোনেও এনে জঘন্য অপৰাধ নকৰে আৰু তেওঁলোকৰ মনত ভয়ৰ উদ্ভৱ হয়।

মহিলা নেতৃত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহিলাসকলে কেৱল অংশগ্ৰহণ বৃদ্ধি কৰাই নহয়, নেতৃত্বও দিছে। তেওঁ কৈছে যে মহিলাসকলে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি আছে। মহিলাসকলে প্ৰতিৰক্ষা খণ্ডত তীব্ৰভাৱে অংশগ্ৰহণ কৰি আছে আৰু তেওঁলোকৰ মনোবল প্ৰদৰ্শন কৰিছে। মহিলা উন্নয়নৰ আৰ্হিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহিলাসকলে উদ্ভাৱন, নিযুক্তি আৰু উদ্যোগৰ ক্ষেত্ৰটো ধাপে ধাপে আগবাঢ়ি গৈছে।

 

লগতে পঢ়ক: বাংলাদেশত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষাক লৈ চিন্তিত দেশবাসী: প্ৰধানমন্ত্ৰী মোদী

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version