5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নাইজেৰিয়া ভ্ৰমণ সামৰি ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ অংশ ল’ব জি-২০ সন্মিলনত

দেওবাৰে নাইজেৰিয়া ভ্ৰমণ সামৰি পোনে পোনে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জি-২০ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ব্ৰাজিলত ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী। ব্ৰাজিলত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স যোগে ৰিঅ’ ডি জেনেৰিঅ’ত অৱতৰণৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে।

নাইজেৰিয়া ভ্ৰমণ সামৰি ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ অংশ ল’ব জি-২০ সন্মিলনত
ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
monjit-dutta
Monjit Dutta | Updated On: 18 Nov 2024 08:43 AM

আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়া ভ্ৰমণ সামৰি দেওবাৰেই পোনে পোনে লেটিন আমেৰিকাৰ দেশ ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জি-২০ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ব্ৰাজিলত ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী। ব্ৰাজিলত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স যোগে ৰিঅ’ ডি জেনেৰিঅ’ত অৱতৰণৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে। বিশ্বৰ বিভিন্ন নেতাৰ সৈতে এই শীৰ্ষ সন্মিলনত ফলপ্ৰসূ আলোচনাৰ বাবে অপেক্ষা কৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোডীৰ ব্ৰাজিল ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এক টুইট যোগে প্ৰকাশ কৰিছে আৰু জি-২০ ব্ৰাজিল সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হৈছে বুলি উল্লেখ কৰে। বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ ছবিও শ্বেয়াৰ কৰে মন্ত্ৰালয়ে। ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক জি-২০ সন্মিলনত ট্ৰ’ইকাৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰত জি-২০ ট্ৰ’ইকাৰ অংশ। প্ৰধানমন্ত্ৰী মোদীৰ লগতে আজি আৰু কাইলৈ ৰিঅ’ ডি জেনেৰিঅ‘ত জি-২০ৰ এই শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনো উপস্থিত থাকিব। নিৰ্ধাৰিত সূচী অনুসাৰে প্ৰধানমন্ত্ৰী মোদীয়ে একেলগে তিনিখন দেশ ভ্ৰমণ কৰিব। ইতিমধ্যে নাইজেৰিয়া ভ্ৰমণ সামৰি ব্ৰাজিলট উপস্থিত হোৱা মোদীয়ে ইয়াৰ পিছতে গায়ানা ভ্ৰমণ কৰিব।

গায়ানাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ আমন্ত্ৰণ মৰ্মে ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ দেশখনত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। সুদীৰ্ঘ ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত এয়া হ’ব ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথম গায়ানা ভ্ৰমণ।আনহাতে ইতিমধ্যে অন্ত হোৱা মোদীৰ নাইজেৰিয়া ভ্ৰমণ যোৱা ১৭ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নাইজেৰিয়া ভ্ৰমণ আছিল।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰে। নাইজেৰিয়া ভ্ৰমণৰ সামৰণিৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এই ভ্ৰমণে ভাৰত-নাইজেৰিয়াৰ বন্ধুত্বক শক্তিশালী আৰু উৎসাহিত কৰিব বুলি উল্লেখ কৰে। এই ভ্ৰমণৰ সময়ত মোদীক নাইজেৰিয়াৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজাৰ (GCON) সন্মান প্ৰদান কৰা হয়।

তেওঁ এই সন্মান লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ পূৰ্বে ১৯৬৯ চনত এই সন্মান ব্ৰিটেইনৰ ৰাণী এলিজাবেথক প্ৰদান কৰা হৈছিল।ইফালে ব্ৰাজিলত হ’বলগীয়া গি-২০ বৈঠকক লৈ আশাবাদী প্ৰধানমন্ত্ৰী মোদী। ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ দৃষ্টিভংগী আগত ৰাখি এক ফলপ্ৰসূ আলোচনাৰ বাবে আগ্ৰহী বুলি মোদীয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে বিগত বৰ্ষত ভাৰতত অনুষ্ঠিত হোৱা জি-২০ সন্মিলন কেইবাটাও দিশত গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল। বিশেষকৈ ৫৫খন দেশৰ আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা আৰু ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত গভীৰ মতানৈক্য দূৰ কৰিবলৈ বিশ্ব নেতাসকলৰ ঘোষণাপত্ৰৰ খচৰা প্ৰস্তুতক ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনৰ এক গুৰুত্বপূৰ্ণ মাইলষ্ট’ন হিচাপে গণ্য কৰা হৈছিল।

Latest News