শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ বছৰত কি কি পৰিৱৰ্তন হৈছে দেশত? WITTৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে বাখ্যা

টিভি ৯ নেটৱৰ্কৰ উদ্যোগত আয়োজিত ‘What India Thinks Today’ শীৰ্ষক সন্মিলনত আজি অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰগতিশীল অৰ্থনীতিৰ প্ৰসঙ্গও উল্লেখ কৰে। তেওঁ লগতে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত লোৱা পদক্ষেপৰ বিষয়েও ভাষণত দাঙি ধৰে।

১০ বছৰত কি কি পৰিৱৰ্তন হৈছে দেশত? WITTৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে বাখ্যা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
monjit-dutta
Monjit Dutta | Published: 28 Mar 2025 23:51 PM

টিভি ৯ নেটৱৰ্কৰ উদ্যোগত আয়োজিত ‘What India Thinks Today’ শীৰ্ষক সন্মিলনত আজি অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টিভি ৯ক প্ৰশংসা কৰি টিভি৯ নেটৱৰ্কৰ অগ্ৰগতি আৰু সম্প্ৰসাৰণৰ বাবে সকলোকে অভিনন্দন জনায়। নিজ ভাষণত মোদীয়ে টিভি৯- এ এতিয়া বিশ্বব্যাপী দৰ্শকৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি এই অনুষ্ঠান আয়োজনৰ বাবেও শুভকামনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত প্ৰদান কৰা ভাষণত দেশৰ প্ৰগতিশীল অৰ্থনীতিৰ প্ৰসঙ্গও উল্লেখ কৰে।

ভাষণত মোদীয়ে কয় যে স্বাধীনতাৰ ৭০ বছৰত ১১ নং বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱা ভাৰতে এতিয়া ৭-৮ বছৰৰ ভিতৰত পঞ্চম বৃহত্তম অৰ্থনীতিত পৰিণত হৈছে। দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈ এতিয়া নতুন মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈ পৰিছে আৰু নতুন সপোন লৈ আগবাঢ়িছে বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে।

যোৱা দহ বছৰত ভাৰতবৰ্ষ প্ৰতিটো দিশতে সলনি হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ মতে, এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে মানসিকতাত। উদাহৰণসহ নিজ মন্তব্যৰ সমৰ্থনত তেওঁ কয়, “পূৰ্বে যদি আপুনি কোনো দোকানলৈ কিবা কিনিবলৈ যায়, তেতিয়া দোকানীজনেও বিদেশী সামগ্ৰী পছন্দ কৰিছিল। তেওঁ মানুহক একেখিনি বস্তু দিছিল। কিন্তু আজি মানুহে সুধিছে, এয়া ভাৰতত নিৰ্মিত নেকি?”

ভাৰতে এতিয়া প্ৰথমটো মেড ইন ইণ্ডিয়া এম আৰ আই মেচিনো নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্বনিৰ্ভৰ অভিযানে ভাৰতক শক্তি প্ৰদান কৰিছে বুলি দোহাৰে। ভাৰতক বিশ্বৰ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যও মোদীয়ে অনুষ্ঠানত ব্যক্ত কৰে। আজি ভাৰত বিশ্ব টেলিকম আৰু নেটৱৰ্কিং উদ্যোগত এক শক্তিশালী স্থানত পৰিণত হৈছে বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে।

“পূৰ্বে ভাৰতে বৃহৎ পৰিমাণৰ মটৰ চাইকেলৰ অংশ আমদানি কৰিছিল। কিন্তু এতিয়া ইয়াৰ ৰপ্তানি আৰম্ভ হৈছে। সৌৰ মডিউলৰ আমদানি হ্ৰাস পাইছে আৰু ৰপ্তানিও বৃদ্ধি পাইছে।”- তেওঁ লগতে কয়। ইফালে চৰকাৰৰ বিভিন্ন আঁচনিত পূৰ্বে ১০ কোটিৰো অধিক ভুৱা হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছিল যদিও এতিয়া এই ভুৱা হিতাধিকাৰীৰ নাম আঁতৰোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জানিবলৈ দিয়ে।

বৰ্তমান চৰকাৰে কৰ ব্যৱস্থা অধিক সৰল কৰি তুলিছে আৰু আয়কৰ দাখিলো সহজ কৰি তুলিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে শাসকীয় এন ডি এ চৰকাৰৰ আন বহু কৃতিত্বৰ তালিকাও ভাষণত দাঙি কৰে। ইফালে টিভি৯ নেতৱৰ্কে ভাৰত মণ্ডপামত শীৰ্ষ সন্মিলন আয়োজন কৰি পুৰণি পৰম্পৰা ভংগ কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভকামনা জনায় আৰু ভৱিষ্যতে অধিক মিডিয়া হাউছে এই পথ অনুসৰণ কৰিব বুলিও দোহাৰে।