ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত | PM Narendra Modi to visit Russia to attend the 16th BRICS summit Vladimir Putin Assam news - Assam Tv9

ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত

ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণমৰ্মে অহা ২২-২৩ অক্টোবৰত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ষোড়শতম ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাছিয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মোদীৰ ৰুছ ভ্ৰমণৰ তথ্য প্ৰদান কৰে।

ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

19 Oct 2024 07:07 AM

পুনৰ ৰাছিয়া ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২২-২৩ অক্টোবৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণ কৰিব। ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণমৰ্মে ষোড়শতম ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কৰিব। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মোদীৰ ৰুছ ভ্ৰমণৰ তথ্য প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি যোগে ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ সদস্য দেশসমূহৰ মুৰব্বী আৰু কাজানলৈ আমন্ত্ৰিত নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে ৰাছিয়াৰ অধ্যক্ষতাত ষোড়শতম ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ’ব। এইবাৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে ‘গোলকীয় উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা’। এই সন্মিলনে দেশসমূহৰ নেতাসকলক বিশ্বৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিটোত কয়। সন্মিলনত সকলো সদস্য দেশৰ ৰাষ্ট্ৰপতিসকল উপস্থিত থাকিব।

ব্ৰিকছ সন্মিলনৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত ৰাছিয়াত উপস্থিত থকা বহু দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই সন্মিলনত ব্ৰিকছে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হ’ব আৰু ভৱিষ্যতে সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ বাবেও এক মূল্যৱান সুযোগ প্ৰদান কৰা হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে।

লক্ষণীয়ভাৱে যোৱা জুলাই মাহতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হৈছিল মোদী। ইফালে আগন্তুক ব্ৰিকছ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙেও অংশ ল’ব। সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথা পতাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০২০ চনত গালৱান সমস্যাৰ পিছত প্ৰথমবাৰৰ বাবে মোডী-জিনপিঙৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে এই বিষয়ত এইপৰ্যন্ত কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই। ইয়াৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে হোৱা বৈঠকৰ সময়ত মোদী-জিনপিঙৰ সম্ভাৱ্য বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হৈছিল। ব্ৰিকছ সংগঠনৰ সম্প্ৰসাৰণৰ পিছত ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া এই ব্ৰিকছ সন্মিলনখনক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ব্ৰাজিল, ৰাছিয়া, চীন, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ সদস্যতাৰে আৰম্ভ কৰা এই সংস্থাটোত পাঁচখন নতুন সদস্য দেশ ক্ৰমে ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীয়ে যোগদান কৰিছে। তদুপৰি পঞ্চাশখনতকৈও অধিক দেশে ব্ৰিকছৰ সদস্যপদ লোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। বিশ্বৰ ৪৫ শতাংশ জনসংখ্যা থকা এই সংস্থাটোৰ বিশ্বব্যাপী জিডিপিত ২৮ শতাংশ অংশগ্ৰহণ আছে।

ৰাছিয়াই গত সময়ছোৱাত অবিৰতভাৱে ব্ৰিকছৰ মুদ্ৰাৰ প্ৰসঙ্গ উত্থাপন কৰি আহিছে। ডলাৰৰ সন্দৰ্ভত আমেৰিকাৰ স্বেচ্ছাচাৰীতাক ৰোধ কৰিবলৈ ব্ৰিকছৰ সদস্য দেশসমূহে বিকল্প মুদ্ৰাৰ কথা উলিয়াব পাৰে বুলি চৰ্চা চলিছে। লক্ষণীয়ভাৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াত এইবাৰেই এনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইল-মধ্যপ্ৰাচ্যৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ব্ৰিকছ শীৰ্ষ সন্মিলনে যথেষ্ট গুৰুত্ব বহন কৰিছে।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?