5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি কুৱেইট অভিমুখে প্ৰধানমন্ত্ৰী মোদীঃ কুৱেইটত থকা ভাৰতীয় শ্ৰমিকক কৰিব সাক্ষাৎ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি কুৱেইট যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইদৰে সুদীৰ্ঘ ৪৩ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অন্তিমবাৰৰ বাবে ১৯৮১ চনত কুৱেইট ভ্ৰমণ কৰিছিল।

আজি কুৱেইট অভিমুখে প্ৰধানমন্ত্ৰী মোদীঃ কুৱেইটত থকা ভাৰতীয় শ্ৰমিকক কৰিব সাক্ষাৎ
দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ প্ৰধানমন্ত্ৰী মোদী
monjit-dutta
Monjit Dutta | Published: 21 Dec 2024 09:17 AM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি কুৱেইট যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইদৰে সুদীৰ্ঘ ৪৩ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অন্তিমবাৰৰ বাবে ১৯৮১ চনত কুৱেইট ভ্ৰমণ কৰিছিল। আনহাতে ২০০৯ চনত পশ্চিম এছিয়াৰ দেশখন ভ্ৰমণ কৰিছিল তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে। কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কৰিব।

পুৱা ৯.১৫ বজাত কুৱেইট অভিমুখে উৰা মাৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান। ২ ঘন্টা ২০ মিনিটৰ পিছত অৰ্থাৎ পুৱা ১১.৩৫ বজাত কুৱেইটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। স্থানীয় সময় অনুসৰি দিনৰ ২:৫০ বজাত স্থানীয় শ্ৰমিক শিবিৰ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই শিবিৰত তেওঁ ভাৰতীয় শ্ৰমিকসকলক সাক্ষাৎ কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদী শ্বেইখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সত উপস্থিত হ’ব।

শ্বেইখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সত তেওঁ ৪০০০-৫০০০ ভাৰতীয় লোকক সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে গালফ কাপ ফুটবলৰ মুকলি সভাত অংশগ্ৰহণ কৰিব। আনহাতে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী অনুসৰি তেওঁ কুৱেইটৰ আমিৰ আৰু ক্ৰাউন প্ৰিন্সৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হ’ব।

কুৱেইটত বসবাস কৰা ভাৰতীয় লোকসকলকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে কুৱেইটত যথেষ্ট প্ৰস্তুতি চলোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কত নতুন আশা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত শক্তি, হাইড্ৰ’কাৰ্বন আৰু ব্যৱসায়িক সম্পৰ্ক সম্পৰ্কীয় অন্যান্য বিষয়সমূহ আলোচনা কৰা হ’ব।

কুৱেইটৰ আমিৰৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত স্থানীয় মুদ্ৰাৰ ব্যৱসায়ৰ বিষয়েও আলোচনা কৰা হ’ব। উল্লেখ্য যে কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ। কুৱেইটে দেশৰ শক্তিৰ ৩% প্ৰয়োজনীয়তা পূৰণ কৰে, আনহাতে ভাৰতত কুৱেইটৰ বিনিয়োগ ১০ বিলিয়ন ডলাৰতকৈও অধিক। তদুপৰি কুৱেইটত প্ৰায় ১০ লাখ ভাৰতীয়ই বাস কৰি আছে।

শুকুৰবাৰে বৈদেশিক মন্ত্ৰালয়ৰ সচিব অৰুণ কুমাৰ চেটাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত কিছু দ্বিপাক্ষিক চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছিল। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰত-কুৱেইট সম্পৰ্কত এক নতুন অধ্যায় মুকলি কৰাৰ সম্ভাৱনা আছে বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা আৰু বাণিজ্যৰ ক্ষেত্ৰতো সহযোগিতা বৃদ্ধি পাব বুলিও তেওঁ লগতে কয়।

Latest News