বিপদ চাপিছে আপৰ! জয়ৰ আনন্দৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হুংকাৰ
বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে আজি গেৰুৱা হৈ উঠিল দিল্লীৰ ৰাজপথ। বিজয়ৰ আনন্দ দেখা গ’ল দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত। দলীয় সাফল্য উপভোগৰ বাবে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও মুখ্য কাৰ্যালয়ত উপস্থিত হয়। মুখ্য কাৰ্যালয়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আপৰ প্ৰতি এক তীব্ৰ সকীয়নি প্ৰদান কৰিছে।
![বিপদ চাপিছে আপৰ! জয়ৰ আনন্দৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হুংকাৰ বিপদ চাপিছে আপৰ! জয়ৰ আনন্দৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হুংকাৰ](https://images.assamtv9.com/uploads/2025/02/PM-Narendra-Modi.jpg?w=1280)
দেশৰ ৰাজধানী দিল্লীত আজি অৱসান ঘটিল বিগত কেইবাদিন ধৰি চলি থকা ৰাজনৈতিক কুচকাৱাজৰ। সকলো জল্পনা-কল্পনা তথা হিচাপ-নিকাচৰ অন্ত পেলাই আজি দিল্লীত চমক সৰষ্টি কৰি ফুলি উঠিল পদুম। আপক ক্ষমতাচ্যুত কৰি সুদীৰ্ঘ ২৭ বছৰৰ পিছত দিল্লীৰ মচনদ দখল কৰিলে বিজেপিয়ে। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে আজি গেৰুৱা হৈ উঠিল দিল্লীৰ ৰাজপথ। বিজয়ৰ আনন্দ দেখা গ’ল দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত। দলীয় সাফল্য উপভোগৰ বাবে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও মুখ্য কাৰ্যালয়ত উপস্থিত হয়।
মুখ্য কাৰ্যালয়ত আজি দলীয় নেতা-কৰ্মীসকলৰ সৈতে বিজয়ৰ সোৱাদ লয় প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লী নিৰ্বাচনৰ এক অন্যতম ইচ্ছু হিচাপে পৰিগণিত হোৱা ‘যমুনা’ক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণ আৰম্ভ কৰে। নিজ ভাষণত তেওঁ দিল্লীৰ জনসাধাৰণক কৃতজ্ঞতা জনায় আৰু শাসনৰ পৰা উৎখাত হোৱা আপক কটাক্ষ কৰি দিল্লীৰ জনসাধাৰণে দুৰ্যোগৰ পৰা বিদায় লৈছে বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দিল্লী বিজেপিৰ নেতা-কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰমৰ বিষয়েও উল্লেখ কৰে। এই জয়ৰ আঁৰত দিল্লীৰ বিজেপিৰ নেতা-কৰ্মীসকলো আছে আৰু তেওঁলোকৰ অক্লান্ত কামৰ বাবেই আহিছে এই সুখৰ দিনটো আহিছে বুলি মোদীয়ে লগতে ভাষণত কয়। সমান্তৰালকৈ আপক কটাক্ষ কৰি মোদীয়ে আপে নিজকে দিল্লীৰ ‘মালিক’ হিচাপে জ্ঞান কৰি সাধাৰণ জনতাৰ আগত অহং ভাৱ দেখুৱাইছিল বুলিও মন্তব্য কৰে।
“কিন্তু আজি ৰাইজে দিল্লীৰ প্ৰকৃত মালিক কোন, সেয়া স্পষ্ট কৰি দিছে।”- মোদীয়ে কয়। তেওঁ লগতে কয় যে ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে প্ৰতিটো লোকসভা নিৰ্বাচনত দিল্লীৰ জনসাধাৰণে কেতিয়াও বিজেপিক বিশ্বাসঘাতকতা কৰা নাই। বৰং তেওঁলোকে সদায় বিজেপিক সমৰ্থন কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা নিৰ্বাচনত লাভ কৰা জয়ৰ প্ৰসঙ্গও ভাষণত উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত আপৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰে। কেজৰিৱাল নেতৃত্বাধীন আপক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰি তেওঁ লগতে ‘দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনৰ জৰিয়তে যি দল গঠন হৈছিল, সেই দল নিজেই দুৰ্নীতিৰ সৈতে জড়িত হৈ পৰিছিল’ বুলি তীব্ৰ কটাক্ষ কৰে। দলটোৰ ইজনৰ পিছত সিজনকৈ নেতা, মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ কাৰাগাৰলৈ গৈছিল আৰু এয়া সঁচাকৈ দিল্লীবাসীৰ প্ৰতি বিশ্বাসঘাতকতা বুলি মন্তব্য কৰে মোদীয়ে।
ইফালে দলৰ মুখ্য কাৰ্যালয়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আপৰ প্ৰতি এক তীব্ৰ সকীয়নি প্ৰদান কৰিছে। আপৰ দিন চমু চাপি আহিছে বুলি সকীয়াই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লী বিধানসভাত প্ৰৱেশ কৰাৰ পিছতে বিজেপি চৰকাৰে আপৰ সকলো দুৰ্নীতি উদঙাই দিব বুলি হুংকাৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে অতি শীঘ্ৰে কেগৰ প্ৰতিবেদনো দাখিল কৰা হ’ব বুলি ভাষণত উল্লেখ কৰে।