অবৈধ অনুপ্ৰৱেশ: ৯ বাংলাদেশীৰ লগতে ৩ ভাৰতীয় এজেন্টকো গ্ৰেপ্তাৰ আৰক্ষীৰ
অব্যাহত আছে বাংলাদেশীৰ অনুপ্ৰৱেশ । এইবাৰ মেঘালয়ত গ্ৰেপ্তাৰ ৯ গৰাকী বাংলাদেশী নাগৰিক । লগতে গ্ৰেপ্তাৰ তিনি ভাৰতীয় এজেন্টক ।

বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ এক গুৰুতৰ সমস্যা হৈ পৰিছে ভাৰতৰ বাবে । প্ৰায় প্ৰতিদিনেই সীমান্তত ধৰা পৰিছে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী । মঙলবাৰে নিশা মেঘালয়ৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৯ গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আৰক্ষীৰ মতে, ডালামগ্ৰে গাঁৱত অভিযান চলাই থকা অৱস্থাত চুবুৰীয়া বাংলাদেশৰ সীমান্তৱৰ্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত এখন ভেনত অহা বাংলাদেশী নাগৰিক কেইজনক ধৰা পেলায় আৰক্ষীয়ে ।
বাংলাদেশী নাগৰিকসকলৰ পৰা বিভিন্ন চিম কাৰ্ড, ভাৰতীয় মুদ্ৰা, আধাৰ কাৰ্ড, আৰু আন কেতবোৰ নথি-পত্ৰসহ ১২ টা মোবাইল হেণ্ডছেট জব্দ কৰে বিষয়াসকলে । লগতে উদ্ধাৰ হৈছে দুখন বাহন । ৯ গৰাকী বাংলাদেশীৰ এখন ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, তিনিজন ভাৰতীয়কো বাংলাদেশীক সুবিধা প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।
যোৱা সপ্তাহত মুম্বাইৰ ঘাটকোপাৰৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত আৰু ৯ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল । বাংলাদেশীৰ দলটোৰ লগত থকা তিনিটা শিশুও উদ্ধাৰ কৰে আৰক্ষীয়ে । বিষয়াসকলে তেওঁলোকৰ হাতত থকা ভুৱা নথি-পত্ৰ উদ্ধাৰ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ।
আন এক ঘটনাত অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰা এজন ভাৰতীয় লোকক মঙলবাৰে ভাৰতলৈ উভতি অহাৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত গুলীচালনা কৰে । আখতাৰ জামাল ৰনি নামৰ লোকজনে সোমবাৰে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বাংলাদেশত প্ৰৱেশ কৰিছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
বি এছ এফ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ তথ্য অনুসৰি ৰনিৰ সৈতে আছিল এগৰাকী মহিলা । নিৰাপত্তা বাহিনীয়ে প্ৰথমে বাংলাদেশৰ ফালৰ পৰা সীমান্তৰ দিশে অহা দেখিছিল দুয়োকে । বিষয়াসকলে একাধিক সতৰ্কবাণী দিয়াৰ পিছতো তেওঁলোকে বেৰা পাৰ কৰাৰ চেষ্টা চলাই নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হয় । আনকি দুয়োজনে বিষয়াজনৰ এটা পাম্প একচন গান (পিএজি) কাঢ়ি নিবলৈও চেষ্টা কৰিছিল বুলি বিষয়াসকলে জনায় ।
আত্মৰক্ষাৰ বাবে আৰু ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) অনুসৰণ কৰি নিৰাপত্তাৰক্ষী বিষয়াগৰাকীয়ে দুয়োৰে ওপৰত গুলীচালনা কৰে । এই ঘটনাত লোকজন আহত হোৱাৰ বিপৰীতে মহিলাগৰাকীয়ে কোনোমতে কাষৰে এখন গাঁৱলৈ পলায় যায় ।