শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দহ বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, হিতাধিকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই দহ বছৰ সম্পূৰ্ণ কৰে । এই উপলক্ষে এই আঁচনিৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ।

দহ বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, হিতাধিকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
manas-borah
Manas Borah | Updated On: 08 Apr 2025 19:52 PM

দহ বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই । এই আঁচনিৰ জৰিয়তে ঋণ লাভ কৰা হিতাধিকাৰীসকল কিমান উপকৃত হ’ল ? আজি এই কথা জানিবলৈ এই আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীক নিজ বাসগৃহলৈ মাতি আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মঙলবাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই দহ বছৰ সম্পূৰ্ণ কৰে । এই উপলক্ষে এই আঁচনিৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ।

এইলৈ প্ৰধানমন্ত্ৰী মোদীয়েও নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয়, “মুদ্ৰা যোজনাই দহ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে মই সমগ্ৰ ভাৰতৰ পৰা মুদ্ৰা হিতাধিকাৰীক মোৰ বাসগৃহলৈ আমন্ত্ৰণ জনাইছিলোঁ। এই আঁচনিখনে তেওঁলোকৰ জীৱনক কেনেদৰে সলনি কৰিছে সেই সম্পৰ্কে তেওঁলোকে নিজৰ ভাৱ প্ৰকাশ কৰে।” উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে একেবাৰে ঘৰুৱাভাৱে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰা দেখা যায় ।

এই মুদ্ৰা ঋণ কি?

বহুত লোকে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলেও মূলধনৰ অভাৱত ব্যৰ্থ হ’বলগীয়া হয় । দেশৰ যুৱক-যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে যাতে ধনৰ অভাৱত ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ’বলগীয়া নহয়, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’। এই যোজনাৰ মূল উদ্দেশ্যে হৈছে দেশৰ যুৱক-যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন হিচাপে ঋণ প্ৰদান কৰা । প্ৰকাশিত তথ্য অনুসৰি, ২০১৫ চনৰ পৰা ২০২৩ চনলৈ এই আঠ বছৰীয়া কালত মুদ্ৰা যোজনা অধীনত ৪৪ কোটি গ্ৰাহকক কেন্দ্ৰই ঋণ প্ৰদান কৰিছে।

কিমান টকা ঋণ লাভ কৰে ?

কেন্দ্ৰীয় চৰকাৰে বিগত কেইবছৰমানৰ পৰা এই মুদ্ৰা ঋণৰ পৰিমাণ বৃদ্ধি কৰি আহিছে। এই আঁচনিৰ জৰিয়তে আবেদনকাৰীয়ে ২০ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। এই যোজনাৰ ঋণসমূহ তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে । যেনে-শিশু, কৈশোৰ আৰু তৰুণ । কেন্দ্ৰৰ তথ্য অনুসৰি, এই আঁচনিৰ প্ৰথম শ্ৰেণীৰ আবেদনকাৰীয়ে ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লাভ কৰে। দ্বিতীয় শ্ৰেণীয়ে ৫ লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা লাভ কৰিব পাৰে। তৃতীয় শ্ৰেণীৰ জৰিয়তে ২০ লাখ টকা পৰ্যন্ত ঋণ পাব পাৰে । ব্যৱসায়ৰ আকাৰৰ ওপৰত ভিত্তি কৰি এই ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।