মহাকুম্ভত সম্প্ৰীতিৰ নিদৰ্শন! হিন্দু ভক্তসকলৰ বাবে মুছলমানে খুলি দিলে মছজিদৰ দুৱাৰ, যোগান ধৰিলে খাদ্য, কম্বল, ঔষধ…
Mahakumbh 2025: এলাহাবাদৰ পৰা এনে বহু ভিডিঅ' আৰু ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিয়ে দেশৰ গভীৰ হিন্দু-মুছলমান ভাতৃত্ববোধৰ সাক্ষ্য বহন কৰা দেখা গৈছে। ২৮-২৯ জানুৱাৰীত মৌনী অমাৱস্যাৰ নিশা মহা কুম্ভৰ সময়ত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল, য'ত প্ৰাণ হেৰুৱাইছিল বহুলোকে। এই পৰিস্থিতিত সহায়ৰ বাবে আগবাঢ়ি আহিছিল জানচেনগঞ্জ ৰোডকে ধৰি ১০টাতকৈও অধিক অঞ্চলৰ মুছলমানসকলে।
প্ৰয়াগৰাজৰ মহাকুম্ভত দেখা গ’ল সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন।। সংগমলৈ অহা ভক্তসকলৰ সৈতে হোৱা পদপিষ্টৰ ঘটনা তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু প্ৰয়াগৰাজৰ পৰা তেওঁলোকৰ লগত লৈ যোৱা এটা ভাল স্মৃতি হ’ল এই দুখৰ সময়ত মুছলমানসকলৰ (হিন্দু-মুছলমান ঐক্য) পৰা পোৱা সমৰ্থন। পদপিষ্টৰ ঘটনাৰ পিছত যেতিয়া বহুতো হিন্দু ভক্তৰ ওচৰত খাবলৈ একো নাছিল, মুছলমান ভাতৃসকলে তেওঁলোকৰ কাষত থিয় দিছিল। তেওঁলোকে হিন্দু ভক্তসকলৰ বাবে মছজিদৰ দুৱাৰ খুলি দিছিল, খাদ্যৰ বাবে বিশেষ ভোজনৰ ব্যৱস্থা কৰিছিল লগতে ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ কম্বল বিতৰণ কৰিছিল।
এলাহাবাদৰ পৰা এনে বহু ভিডিঅ’ আৰু ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিয়ে দেশৰ গভীৰ হিন্দু-মুছলমান ভাতৃত্ববোধৰ সাক্ষ্য বহন কৰা দেখা গৈছে। ২৮-২৯ জানুৱাৰীত মৌনী অমাৱস্যাৰ নিশা মহা কুম্ভৰ সময়ত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল, য’ত প্ৰাণ হেৰুৱাইছিল বহুলোকে । পদপিষ্টৰ ঘটনাৰ পিছৰ দৃশ্য আছিল অতি ভয়ংকৰ । কিছুমান লোকে কান্দি কান্দি তেওঁলোকৰ প্ৰিয়জনক বিচাৰি আছিল, আনহাতে আন কিছুমানে তেওঁলোকৰ প্ৰিয়জনৰ মৃতদেহ এনেদৰে ধৰি ৰাখিছিল, যাতে তেওঁলোকৰ মৃতদেহ হেৰাই নাযায়। কেন্দ্ৰীয় চিকিৎসালয়খন সকলো ঠাইতে তেজত লুতুৰি-পুটুৰী হৈ থকা মানুহ আৰু মৃতদেহেৰে ভৰি পৰিছিল।
সেই সময়ত মহাকুম্ভত ভক্তসকলৰ বাবে কৰা সকলো ব্যৱস্থা তচ-নচ হৈ পৰিছিল। ভক্তসকলৰ বাবে প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল। যিসকলে য’ত আছিল, তেওঁলোকক তাতে ৰখাই দিয়া হৈছিল। এই পৰিস্থিতিত ২৯ জানুৱাৰীত যথেষ্ট উদাৰতাৰে সহায়ৰ বাবে আগবাঢ়ি আহিছিল জানচেনগঞ্জ ৰোডকে ধৰি ১০টাতকৈও অধিক অঞ্চলৰ মুছলমানসকলে। তেওঁলোকে ২৫ৰ পৰা ২৬ হাজাৰ ভক্তৰ বাবে মছজিদ, মাজাৰ, দৰগাহ, ইমামবাৰা আৰু তেওঁলোকৰ ঘৰৰ দুৱাৰ মুকলি কৰিছিল।
খাদ্য, পানীয় আৰু ঔষধৰ ব্যৱস্থা কৰা হৈছিল
তেওঁলোকে মানুহক থাকিবলৈ ব্যৱস্থা কৰি দিছিল। তেওঁলোকক খাদ্য আৰু চাহ প্ৰদান কৰা হৈছিল। ঔষধৰ প্ৰয়োজন হোৱা লোকসকলৰ যত্ন লোৱা হৈছিল। উল্লেখ্য যে হিন্দু ভক্তসকলে ২৯ জানুৱাৰীৰ নিশাটো ৰাস্তাত কটাব লগা হৈছিল। এই পৰিস্থিতিত, প্ৰয়াগৰাজৰ মুছলমানসকলে স্থাপন কৰিছিল গংগা-জামুনি তেহজিবৰ এক উদাহৰণ । মেলা অঞ্চলৰ পৰা ১০ কিলোমিটাৰ দূৰত থকা খুলদাবাদ পাচলি বজাৰৰ মছজিদ, বড়া তাজিয়া ইমামবাৰা, হিম্মতগঞ্জ দৰগাহ আৰু চক মছজিদত লোকসকলক ৰখা হৈছিল। ইয়াৰ কিছুমান ফটো আৰু ভিডিঅ’ও পোহৰলৈ আহিছে।
মুছলিম সম্প্ৰদায়ে হিন্দু ভক্তসকলক খুৱাবলৈ এটা বিশেষ লংগৰ স্থাপন কৰিছিল। তেওঁলোকে প্ৰয়োজনীয় লোকসকলক ঔষধো প্ৰদান কৰিছিল। এখন বাতৰি কাকতত প্ৰকাশিত তথ্য মতে, হিন্দু ভক্তসকলে যাতে ঠাণ্ডাত কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে মুছলমান ভাতৃসকলে ২,৫০০ লোকক কম্বল বিতৰণ কৰিছিল। তদুপৰি, তেওঁলোকে হিন্দু ভক্তসকলক ৰে’ল ষ্টেচন আৰু বাছ ষ্টেণ্ডত থৈ আহিছিল যাতে তেওঁলোক সুৰক্ষিতভাৱে ঘৰত উপস্থিত হয়। মুছলিম ভাতৃসকলে এতিয়াও হিন্দু ভক্তসকলক অক্লান্ত ভাৱে সহায় কৰি আছে। কিছুমান মুছলমান ভাতৃয়ে কয় যে কুম্ভমেলা থকালৈকে তেওঁলোকে হিন্দু ভক্তসকলক সহায় কৰি থাকিব।