মহাকুম্ভত নিৰ্লজ্জ কাণ্ড! সামাজিক মাধ্যমত বিক্ৰী মহিলাৰ গোপন ভিডিঅ’
Mahakumbh Women Bathing Video Viral: প্ৰয়াগৰাজ মহাকুম্ভত মহিলা স্নান কৰা অমাৰ্জিত ভিডিঅ' পোষ্ট কৰা বা বিক্ৰীকৰাসকল এতিয়া সুৰক্ষিত নহয়। উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰৰ নিৰ্দেশত ছ’চিয়েল মিডিয়াত মহাকুম্ভ সম্পৰ্কীয় আপত্তিজনক পোষ্ট আৰু উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা ।

মহাকুম্ভ
মহাকুম্ভৰ বাবে সংগম চহৰ প্ৰয়াগৰাজত উপস্থিত হৈছে লক্ষাধিক ভক্ত। এতিয়ালৈ ৫৫ কোটিৰো অধিক ভক্তই ডুব মাৰিছে পবিত্ৰ সংগমত। ইয়াৰ মাজতে মহাকুম্ভৰ ভাৱমূর্তি কলংকিত কৰিবলৈ চেষ্টা চলাইছে একাংশ লোকে৷ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে মহিলাসকলে সংগমত স্নান কৰি থকাৰ ভিডিঅ’। কেৱল ইমানেই নহয় বহুতে সেই ভিডিঅ’বোৰ বিক্ৰী কৰি আছে সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত। কিন্তু এতিয়া এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
ইতিমধ্যে মহিলাসকলৰ অমাৰ্জিত ভিডিঅ’ পোষ্ট আৰু বিক্ৰী কৰা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰয়াগৰাজ আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় – “মহিলা ভক্তৰ গোপন ভিডিঅ’ আৰু ফটো শ্বেয়াৰ আৰু টেলিগ্ৰামত বিক্ৰী কৰা বুলি দাবী কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পাছতে প্ৰকৃত অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব প্ৰয়াগৰাজ আৰক্ষীয়ে।”
এই সন্দৰ্ভত ইণ্টাৰনেট মিডিয়াৰ বিভিন্ন প্লেটফৰ্মসমূহ অহৰহ নিৰীক্ষণ কৰিছে আৰক্ষীৰ চাইবাৰ টীমে। আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰাৰ উপৰিও উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাইবাৰ পেট্ৰ’লিঙৰ সময়ত প্ৰকাশ পাইছিল যে মহাকুম্ভলৈ আহি একাংশ মহিলাই স্নান কৰি কাপোৰ সলাই থকাৰ ভিডিঅ’ ইণ্টাৰনেট মিডিয়াত আপলোড কৰা হৈছে।
শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অভিযুক্তক
@neha1224872024 ইনষ্টাগ্ৰাম একাউণ্ট বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। এই একাউণ্টোৰ জৰিয়তে মহিলা স্নান কৰা গোপন ভিডিঅ’ পোষ্ট কৰা হৈছিল। একাউণ্টো সন্দৰ্ভত মেটা কোম্পানীৰ পৰা তথ্য বিচৰা হৈছে আৰু অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাই আৰক্ষীয়ে।