শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰ’নাল্ডোৰ দেশলৈ যাব ৰাষ্ট্ৰপতি মুৰ্মুঃ ২৭ বছৰৰ মূৰত এই দেশলৈ যাব কোনো ভাৰতীয় ৰাষ্ট্ৰপতি

ফুটবল বিশ্বৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দেশ পৰ্তুগাল ভ্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ আমন্ত্ৰণ মৰ্মে ৭-৮ এপ্ৰিলত পৰ্তুগাল ভ্ৰমণলৈ যাব ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী। উল্লেখ্য যে ২৭ বছৰৰ পাছত ভাৰতৰ কোনো ৰাষ্ট্ৰপতিয়ে পৰ্তুগাল ভ্ৰমণ কৰিব।

ৰ’নাল্ডোৰ দেশলৈ যাব ৰাষ্ট্ৰপতি মুৰ্মুঃ ২৭ বছৰৰ মূৰত এই দেশলৈ যাব কোনো ভাৰতীয় ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
monjit-dutta
Monjit Dutta | Published: 05 Apr 2025 11:51 AM

ফুটবল বিশ্বৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দেশ পৰ্তুগাল ভ্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ আমন্ত্ৰণ মৰ্মে ৭-৮ এপ্ৰিলত পৰ্তুগাল ভ্ৰমণলৈ যাব ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী। উল্লেখ্য যে ২৭ বছৰৰ পাছত ভাৰতৰ কোনো ৰাষ্ট্ৰপতিয়ে পৰ্তুগাল ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বিদেশ ভ্ৰমণ চাৰিদিনীয়া হ’ব আৰু ভ্ৰমণৰ পিছৰ দুদিনত ৰাষ্ট্ৰপতি মুৰ্মুৱে শ্লোভাকিয়া ভ্ৰমণ কৰিব। ২৯ বছৰৰ পাছত এয়া হ’ব ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম শ্ল’ভাকিয়া ভ্ৰমণ।

ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ভ্ৰমণ ৭ এপ্ৰিলত আৰম্ভ হ’ব আৰু ১০ এপ্ৰিলত ভ্ৰমণৰ অন্ত পৰিব। ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। কেইসপ্তাহমান পূৰ্বে ইউৰোপীয়ান কমিচনৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰত ভ্ৰমণ কৰিছিল। সেই সময়ত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি চলিত বৰ্ষতে চূড়ান্ত কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল। এই ঘোষণাৰ পিছতে এতিয়া ইউৰোপ ভ্ৰমণলৈ ওলাইছে ৰাষ্ট্ৰপতি মুৰ্মু।

সংবাদ মাধ্যমৰ আগত বৈদেশিক মন্ত্ৰালয়ৰ সচিব তন্ময় লালে ৰাষ্ট্ৰপতি মুৰ্মুৰ এই বিদেশ ভ্ৰমণৰ বিষয়ে সদৰী কৰি এই ভ্ৰমণক ঐতিহাসিক আখ্যা দিয়ে। নতুন দিল্লী আৰু লিছবনৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে পৰ্তুগাল ভ্ৰমণ ঐতিহাসিক বুলি মন্তব্য কৰে বৈদেশিক মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে। উল্লেখ্য যে ইতিপূৰ্বে ১৯৯৮ চনত তদানীন্তন ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণনে পৰ্তুগাল ভ্ৰমণ কৰিছিল।

নাৰায়ণনৰ এই ভ্ৰমণৰ ২৭ বছৰ পিছত এতিয়া এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি পৰ্তুগালত উপস্থিত হ’ব। আনহাতে ২০২০ চনত পৰ্তুগালৰ ৰাষ্ট্ৰপতি ডি ছৌছাই ভাৰত ভ্ৰমণ কৰাৰ বিপৰীতে ২০১৯ চনত প্ৰধানমন্ত্ৰী এণ্টনিঅ’ কোষ্টাই ভাৰত ভ্ৰমণ কৰিছিল। পৰ্তুগালত ৰাষ্ট্ৰপতি মুৰ্মুৱে পৰ্তুগীজৰ প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰো আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ (সংসদ) অধ্যক্ষ জোচে পেড্ৰ’ আগুয়াৰ-ব্ৰাংকোক সাক্ষাৎ কৰিব।

তন্ময় লালে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰপতিয়ে পৰ্তুগালত প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব আৰু বিভিন্ন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানত থকা ভাৰতীয় গৱেষকসকলৰ সৈতেও মত বিনিময় কৰিব। ইফালে পৰ্তুগাল ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি মুৰ্মু শ্লোভাকিয়াত উপস্থিত হ’ব। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি মুৰ্মু।

বৈদেশিক মন্ত্ৰালয়ৰ সচিব তন্ময় লালে কয় যে শ্লোভাকিয়াত ৬ হাজাৰ প্ৰবাসী ভাৰতীয় বাস কৰে আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বিশেষকৈ অটোমোবাইল, অভিযান্ত্ৰিক আৰু আই টি খণ্ডত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পাব। শ্লোভাক কোম্পানীসমূহে ভাৰতৰ ষ্টীল উৎপাদন, আই টি হাৰ্ডৱেৰ আৰু প্ৰতিৰক্ষা খণ্ডতো বিনিয়োগ কৰিছে বুলি তেওঁ উল্লেখ কৰে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে শ্লোভাকিয়া ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিৰ সৈতে আলোচনাত মিলিত হ’ব আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোকো সাক্ষাৎ কৰিব। প্ৰবাসী ভাৰতীয়সকলকো তেওঁ সম্বোধন কৰিব। তন্ময় লালে কয় যে ২০২২ চনত ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ সময়ত শ্লোভাকিয়াই গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছিল। ভাৰত-ইউৰোপীয় ইউনিয়নৰ বিস্তাৰিত অংশীদাৰিত্বৰ প্ৰেক্ষাপটতো ভাৰত-শ্লোভাকিয়াৰ সম্পৰ্কই গুৰুত্ব লাভ কৰিছে বুলি তেওঁ লগতে কয়।