ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে | President Droupadi Murmu inaugurates Bharatiya Kala Mahotsav 2024 in Hyderabad Assam news - Assam Tv9

লক্ষ্য উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যক পৰিচিত কৰা, ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

Published: 

28 Sep 2024 22:20 PM

শনিবাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলায়মত ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতীয় কলা মহোৎসৱ ২৯ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ, পুৱা ১০ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব।

1 / 5২৮

২৮ ছেপ্টেম্বৰ শনিবাৰে হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলায়মত ভাৰতীয় কলা মহোৎসৱ ২০২৪ উদ্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰতীয় কলা মহোৎসৱ ২৯ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ, পুৱা ১০ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব।

2 / 5

৮ দিনীয়াকৈ আয়োজিত কৰা ভাৰতীয় কলা মহোৎসৱত উত্তৰ-পূবৰ ৰাজ্য- অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক উপস্থাপন কৰা হ'ব।

3 / 5

এই উপলক্ষে ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সাংস্কৃতিক বৈচিত্ৰ্য, সংগীত, শিল্প আৰু পৰম্পৰাগত সাজ-পোছাক দেশৰ ঐতিহ্য। তেওঁ কয় যে, এই অনুষ্ঠানে সাংস্কৃতিক আদান-প্ৰদানক প্ৰচাৰ কৰা সুযোগ প্ৰদান কৰিছে । দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰাটো আমাৰ সামূহিক দায়িত্ব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

4 / 5

লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে,ভাৰতীয় কলা মহোৎসৱৰ লক্ষ্য হৈছে নাগৰিকসকলক অঞ্চলটোৰ পৰম্পৰা আৰু জনগোষ্ঠীৰ সৈতে অধিক পৰিচিত কৰা । লগতে আগন্তুক আঠ দিনত বহু লোকে এই ‘মহোৎসৱ’ দৰ্শন কৰি উত্তৰ-পূবৰ সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

5 / 5

উদ্বোধনী অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীৰ উপৰিও উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল উপস্থিত থাকে।

Follow Us On
প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version