শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

President rule imposed: মণিপুৰত বলবৎ ‘ৰাষ্ট্ৰপতি শাসন’: মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছতে এই সিদ্ধান্ত

President rule imposed in Manipur: দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ অন্তত আজিৰ পৰা মণিপুৰত বলবৎ হয় ৰাষ্ট্ৰপতি শাসন। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ প্ৰায় ৩ দিন পাছতে এই শাসন কাৰ্যকৰী কৰা হয়।

President rule imposed: মণিপুৰত বলবৎ ‘ৰাষ্ট্ৰপতি শাসন’: মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছতে এই সিদ্ধান্ত
ৰাষ্ট্ৰপতিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 13 Feb 2025 20:36 PM

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ প্ৰায় ৩ দিন পাছতে বৃহস্পতিবাৰে মণিপুৰত বলবৎ হয় ৰাষ্ট্ৰপতি শাসন (president rule in manipur)। এবছৰৰো অধিককাল ধৰি মণিপুৰত চলি থকা সংঘাতৰ অন্তত অৱশেষত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকৰী কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, অশান্ত জৰ্জৰ মণিপুৰৰ বাজেট অধিবেশনৰ বাবে ৰাজ্য বিধানসভা আহ্বান কৰাৰ এদিন পূৰ্বে অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেণ সিং ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ ওচৰচ পদত্যাগ পত্ৰ দাখিল কৰিছিল। এই সময়চোৱাত এন বীৰেণ সিঙক সংগ দিছিল বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই।

পদত্যাগৰ সময়ত এন বীৰেণ সিঙে কৈছিল যে, মণিপুৰৰ জনতাক এতিয়ালৈকে সেৱা আগবঢ়োৱাতো এক গৌৰৱৰ বিষয়। মণিপুৰৰ প্ৰতিটো ক্ষেত্ৰৰ হিতৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহায় সহযোগিতাৰ ওচৰত মই চিৰকৃতজ্ঞ। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে এটা অডিঅ’ ভাইৰেল হৈছিল য’ত সিঙে মণিপুৰত জাতিগত হিংসা বৃদ্ধি কৰাৰ পোষকতা কৰা দাবী কৰা হৈছিল। এই ভাইৰেল অডিঅট ক্লিপৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় ফৰেনছিক লেবক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰাৰ ৫ দিন পাছতে সিঙে পদত্যাগ কৰিছিল।

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষত এতিয়ালৈকে ২৫০ জনৰো অধিকলোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে।  কিন্তু এতিয়ালৈকে মণিপুৰত সংঘটিত হোৱা ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ।

তাৰ মাজতে এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পাছত একাংশই সন্দেহ কৰিছিল যে মণিপুৰত কাৰ্যকৰী হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন। বিভিন্নজনৰ সন্দেহ দূৰ কৰি অৱশেষত মণিপুৰত আজিৰে পৰা কাৰ্যকৰী হ’ল ৰাষ্ট্ৰপতি শাসন। উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰৰ বাবে কোনো মুখ্যমন্ত্ৰী বাচনি কৰিবলৈ সক্ষম নহ’ল বিজেপি। ইয়াৰোপৰি বিৰোধী বা কোনো মিত্ৰদলেও চৰকাৰ গঠনৰ দাবী উত্থাপন নকৰিলে। যাৰ বাবে ৰাজ্যখনৰ চৰম পৰ্যায়ত ৰাষ্ট্ৰপতি শাসনত কাৰ্যকৰী কৰা হয়।

কি কি সলনি হয়

ৰাষ্ট্ৰপতি শাসনৰ ফলত জনতাৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। কিন্তু ৰাজ্যৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰ চৰকাৰৰ হাতত থাকে। এই সময়চোৱাত ৰাজ্যখন সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্তও গ্ৰহণ কৰিব নোৱাৰে। এক কথাত, এতিয়াৰ পৰা মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰি পৰৱৰ্তী চৰকাৰ গঠন নোহোৱালৈকে কোনো বৃহৎ নীতিগত সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিব । লগতে কোনো প্ৰকল্প অনুমোদন কৰিব নোৱাৰিব।

সংবিধান অনুসৰি, ৩৫৬ নং অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী কৰিব পাৰে। এই সময়চোৱাত ৰাজ্য চৰকাৰৰ কামসমূহ কেন্দ্ৰক আৰু ৰাজ্য বিধানমণ্ডলৰ কামসমূহ সংসদক অৰ্পন কৰা হয়। ৰাষ্ট্ৰপতিৰ শাসন ৬ মাহলৈ থাকে, কিন্তু ইয়াক বৃদ্ধি কৰি ৩ বছৰ কৰিব পাৰি।

 

অন্য খবৰ পঢ়কঃ President rule: মণিপুৰত বলবৎ হ’ব নেকি ৰাষ্ট্ৰপতি শাসন? কি কি দিশ সলনি হ’ব ৰাজ্যখনত…