President rule: মণিপুৰত বলবৎ হ’ব নেকি ৰাষ্ট্ৰপতি শাসন? কি কি দিশ সলনি হ’ব ৰাজ্যখনত…

সংবিধান অনুসৰি, ৩৫৬ নং অনুচ্ছেদ অনুসৰি এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী কৰিব পাৰিব। ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ কামসমূহ কেন্দ্ৰক আৰু ৰাজ্য বিধানমণ্ডলৰ কামসমূহ সংসদক অৰ্পন কৰা হয়।

President rule: মণিপুৰত বলবৎ হব নেকি ৰাষ্ট্ৰপতি শাসন? কি কি দিশ সলনি হব ৰাজ্যখনত...

এন বীৰেণ সিং

Updated On: 

13 Feb 2025 20:34 PM

এবছৰৰো অধিককাল ধৰি চলি থকা মণিপুৰৰ সংকট মাৰ যোৱাৰ নাম লোৱা নাই। শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। ইয়াৰ পূৰ্বেও বীৰেণ সিঙে পদত্যাগ কৰিব বিচাৰিছিল যদিও দলীয় কৰ্মীৰ হেঁচাত সেই সিদ্ধান্ত তেওঁ ত্যাগ কৰিছিল। কিন্তু এইবাৰ বীৰেণ সিঙে ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰাৰ সময়ত বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই সংগ দিয়ে। গতিকে এই পদত্যাগৰ আঁৰত বিজেপিৰ ৰণনীতি কি তাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ।

এই সময়চোৱাত এন বীৰেণ সিঙে কাৰ্যভাৰ চলাই আছে যদিও শীঘ্ৰেই বিজেপিয়ে নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব লাগিব। যদি বিজেপিয়ে মুখ্য়মন্ত্ৰী নিৰ্বাচন নকৰে তেন্তে মণিপুৰত ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হোৱাৰ আশা ক্ষীণ যদিও একাংশই এই ক্ষেত্ৰত কিছু সন্দেহ কৰিছে। একাংশৰ মতে, অশান্ত জৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতি শাসন আৰম্ভ কৰাৰ এক বিশেষ ৰণনীতি চলিছে।

ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনা

সংবিধান অনুসৰি ৰাজ্যৰ বিভানসভাৰ দুখন বৈঠকৰ মাজত ৬ মাহতকৈ অধিক ব্যৱধান থাকিব নালাগে। কিন্তু মণিপুৰৰ ক্ষেত্ৰত বুধবাৰে এই সাংবিধানিক সময়সীমাৰ অন্ত পৰে। ইয়াৰোপৰি ৰাজ্যখনত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ পাছকো কোনো দল বা মিত্ৰজোঁটে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব পৰা নাই। এনে পৰিস্থিতিত মণিপুৰত ক্ৰমান্বয়ে ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনা বাঢ়িছে।

হ’ব নেকি চৰকাৰ গঠন

সূত্ৰ অনুসৰি, বিধানসভাৰ দুখন অধিৱেশনৰ মাজত সৰ্বোচ্চ ৬ মাহৰ ব্যৱধান সন্দৰ্ভত সাংবিধানিক বিধানত ৬ মাহৰ পিছত বিধানসভা ভংগ কৰিব লাগে বুলি স্পষ্টকৈ উল্লেখ নাই। এনে পৰিস্থিতিত ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰচেষ্টা অব্যাহত থাকিব। চৰকাৰ গঠনৰ সন্দৰ্ভত যদি কোনো সম্ভাৱনা নাথাকে, বা কোনো দল চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয় তেন্তে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হব।  মণিুপৰ সন্দৰ্ভত শাসকীয় দলটোৱে প্ৰধানমন্ত্ৰী মোদী বিদেশৰ পৰা উভতি অহাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

ৰাষ্ট্ৰপতি শাসনত কি কি হয়

ৰাষ্ট্ৰপতি শাসনৰ ফলত জনতাৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। কিন্তু ৰাজ্যৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰ চৰকাৰৰ হাতত থাকে। ইয়াৰোপৰি ৰাষ্ট্ৰপতি শাসন চলি থকাৰ সময়ত চৰকাৰে সেই ৰাজ্যখন সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰি পৰৱৰ্তী চৰকাৰ গঠন নোহোৱালৈকে কোনো বৃহৎ নীতিগত সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিব আৰু কোনো প্ৰকল্প অনুমোদন কৰিব নোৱাৰিব।

সংবিধান অনুসৰি, ৩৫৬ নং অনুচ্ছেদ অনুসৰি এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী কৰিব পাৰে। ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ কামসমূহ কেন্দ্ৰক আৰু ৰাজ্য বিধানমণ্ডলৰ কামসমূহ সংসদক অৰ্পন কৰা হয়। যেতিয়া এখন ৰাজ্য়ত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰপতিয়ে মান্তি হয় তেতিয়া এই শাসন কাৰ্যকৰী হয়।ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হোৱাৰ আগত ৰাষ্ট্ৰপতিয়ে মানি ল’ব লাগিব যে সেই ৰাজ্যখনত ৰাজ্য চৰকাৰে শান্তি ঘূৰাই আনিব পৰা নাই।   ৰাষ্ট্ৰপতিৰ এই ঘোষণা দুমাহলৈকে বলবৎ থাকিব পাৰে, কিন্তু ইয়াক বৃদ্ধি কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাত এটা প্ৰস্তাৱ অনা হয়। য’ত ৰাষ্ট্ৰপতিৰ শাসনৰ ঘোষণা ছমাহলৈকে বৃদ্ধি কৰিব পাৰি। বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰপতি শাসন ৩ বছৰলৈ বৃদ্ধি পায়।

চৰ্ত

  • ৰাষ্ট্ৰপতিয়ে অনুভৱ কৰিব লাগিব যে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত সংবিদানৰ বিধান অনুসৰি ৰাজ্য আগুৱাই নিব নোৱাৰি।
  • ৰাজ্য চৰকাৰে সেই ৰাজ্যৰ ৰাজ্যপালৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো নেতাক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিবলৈ সক্ষম হোৱা নাই।
  • সদনত অনাস্থা প্ৰস্তাৱৰ বাবে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰা।
  • যদিহে প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ বা মহামাৰীৰ দৰে পৰিস্থিতিৰ বাবে নিৰ্বাচন পিছুৱাই দিয়া হয়।
  • এনে বিভিন্ন কাৰণত ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হয়।

 

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?