শোকাৱহ ঘটনাঃ মন্দিৰত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ পূজাৰীৰ মৃত্যু

মন্দিৰটোত জুইৰ শিখা দেখি স্থানীয় লোকসকল লগে লগে সেই স্থানত উপস্থিত হয় আৰু অগ্নিকাণ্ডৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে। ইফালে জুইৰ লেলিহান শিখাৰ বাবে মন্দিৰ চৌহদত অৱস্থিত এটা কোঠাত আবদ্ধ হৈ পৰে পুৰোহিতগৰাকী। দেহৰ অধিকাংশ অংশ জুয়ে পোৰাৰ ফলত শোকাৱহভাৱে তেওঁৰ মৃত্যু ঘটে।

শোকাৱহ ঘটনাঃ মন্দিৰত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ পূজাৰীৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ছবি

Published: 

22 Feb 2025 21:15 PM

এক শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে এগৰাকী মন্দিৰৰ পূজাৰীৰ। পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে পূজাৰীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ ৰোহিনী অঞ্চলৰ প্ৰেম নগৰ থানা এলেকাত অৱস্থিত সূৰ্য মন্দিৰত পুৱা প্ৰায় ২ বজাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। মন্দিৰটোত জুইৰ শিখা দেখি স্থানীয় লোকসকল লগে লগে সেই স্থানত উপস্থিত হয় আৰু অগ্নিকাণ্ডৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে।

ইফালে জুইৰ লেলিহান শিখাৰ বাবে মন্দিৰ চৌহদত অৱস্থিত এটা কোঠাত আবদ্ধ হৈ পৰে পুৰোহিতগৰাকী। বহু কষ্টৰ অন্তত বয়স্ক পুৰোহিতগৰাকীক কোঠাটোৰ পৰা উলিয়াই অনা হয় আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দেহৰ অধিকাংশ অংশ জুয়ে পোৰাৰ ফলত তেওঁৰ প্ৰাণ ৰক্ষা সম্ভৱ নহ’ল আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই ঘটনাই শোকাহত কৰি তুলিছে স্থানীয় লোকসকলক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোনো লোকৰ পৰা ফোনযোগে তেওঁলোকে মন্দিৰত সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত খবৰ লাভ কৰে। এই খবৰ পোৱাৰ লগে লগে লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয়। লগতে স্থানীয় আৰক্ষীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে তাৎক্ষণিকভাৱে জুই নিয়ন্ত্ৰণলৈ আনে আৰু তাৰ পিছতে মন্দিৰৰ কোঠাত অচেতন অৱস্থাত উদ্ধাৰ কৰে পুৰোহিতজনক।

নিহত পুৰোহিতজনক ৬৫ বৰ্ষীয় বানৱাৰী লাল শৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁ মন্দিৰ চৌহদতে অৱস্থিত এটা কোঠাত বাস কৰিছিল। তথ্য অনুসৰি পুৱতি নিশা মন্দিৰৰ পৰা জুইৰ শিখা আৰু ধোঁৱা ওলাই থকা দেখি স্থানীয় ৰাইজ হচকিত হৈ পৰে আৰু মন্দিৰ চৌহদত উপস্থিত হৈ লগে লগে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ’ক। নিজাকৈ চেষ্টা কৰাৰ সমান্তৰালকৈ তেওঁলোকে আৰক্ষীকো এই বিষয়ে অৱগত কৰে।

মন্দিৰত কিদৰে এনে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল, এই সন্দৰ্ভত সঠিক কাৰণ নিৰ্ণয়ৰ বাবে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত মন্দিৰৰ কোঠাটোত হিটাৰ চলি থকা বুলি জানিব পৰা গৈছে। এই হিটাৰৰ ফলত হয়তো এই অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত স্থানীয় লোককো সোধা-পোছা কৰিছে আৰক্ষীয়ে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?