‘কু-কৰ্ম সদায় ঢাকি ৰাখিব নোৱাৰে’, আম্বেদকাৰ, দলিত বিষয়ত কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যদি কংগ্ৰেছ আৰু ইয়াৰ ব্যৱস্থাই ভাবে যে, তেওঁলোকৰ দুৰ্নীতিপৰায়ণ মিছা আৰু বহু বছৰৰ কু-কৰ্ম সদায় ঢাক খাই থাকিব, তেন্তে সেয়া তেওঁলোকৰ ভুল। বিশেষকৈ কংগ্ৰেছে ড০ আম্বেদকাৰক যিদৰে অপমান কৰিছিল সেয়া কেতিয়াও লুকুৱাব নোৱাৰি বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পাছতে কংগ্ৰেছৰক তীব্ৰ সমালোচনা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ড০ আম্বেদকাৰক অপমান কৰা আৰু অনুসূচিত জাতি/জনজাতিৰ সম্প্ৰদায়ক আওকাণ কৰা কংগ্ৰেছ দলৰ অন্ধকাৰ ইতিহাস উদঙাই দিছে অমিত শ্বাহে। লগতে অমিত শ্বাহৰ এই ভাষণ প্ৰশংসনীয় বুলিও উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে যে, যদি কংগ্ৰেছ আৰু ইয়াৰ ব্যৱস্থাই ভাবে যে, তেওঁলোকৰ দুৰ্নীতিপৰায়ণ মিছা আৰু বহু বছৰৰ কু-কৰ্ম সদায় ঢাক খাই থাকিব, তেন্তে সেয়া তেওঁলোকৰ ভুল। বিশেষকৈ কংগ্ৰেছে ড০ আম্বেদকাৰক যিদৰে অপমান কৰিছিল সেয়া কেতিয়াও লুকুৱাব নোৱাৰি বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে । সংবিধানৰ সৃষ্টিকৰ্তাক অপমান কৰা কংগ্ৰেছৰ অন্ধকাৰ ইতিহাস উদঙাই দিছে অমিত শ্বাহে।
If the Congress and its rotten ecosystem think their malicious lies can hide their misdeeds of several years, especially their insult towards Dr. Ambedkar, they are gravely mistaken!
The people of India have seen time and again how one Party, led by one dynasty, has indulged in…
— Narendra Modi (@narendramodi) December 18, 2024
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে, অমিত শ্বাহহে যিদৰে তথ্যৰ ভিত্তিত সংসদত নিজৰ মতামত দাঙি ধৰিলে আৰু কংগ্ৰেছ দলৰ অন্ধকাৰ ইতিহাসৰ পৃষ্ঠা মুকলি কৰিলে, সেই মুহূৰ্তটো আছিল অতি আকৰ্ষণীয়। তেওঁ কয় যে, কংগ্ৰেছে এতিয়া নাটকীয় ৰূপত নিজৰ পাপ লুকুৱাবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লিখিছে যে, দুখৰ কথাটো হ’ল কংগ্ৰেছৰ মানুহে এই সত্যটো জানে তথাপিও লুকুৱাই ৰাখে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতৰ জনসাধাৰণে বাৰে বাৰে দেখিছে যে কেনেকৈ এটা বংশৰ নেতৃত্বত এটা দলে ড° আম্বেদকাৰৰ উত্তৰাধিকাৰ নিঃশেষ কৰি অনুসূচিত জাতি/জনজাতিৰ লোকক অপমানিত কৰাৰ প্ৰতিটো সম্ভাৱ্য লেতেৰা কৌশলত লিপ্ত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে লিখিছে যে কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয়, সেই দলৰ জনসাধাৰণে তেওঁলোকৰ শাসনকালত অনুসূচিত জাতি/জনজাতিৰ লোকৰ বিৰুদ্ধে আটাইতকৈ ভয়ানক ষড়যন্ত্ৰ সংঘটিত হোৱাটো অস্বীকাৰ কৰিব নোৱাৰে।
বছৰ বছৰ ধৰি তেওঁলোকে ক্ষমতাত বহিছিল যদিও অনুসূচিত জাতি আৰু অনুসূচিত জাতি সম্প্ৰদায়ক সবলীকৰণৰ বাবে কোনো কাম কৰা নাছিল। তেওঁ লগতে কয় যে, পণ্ডিত নেহৰুৱে আম্বেদকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাই তেওঁক পৰাস্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল। আনকি তেওঁৰ ভাৰতৰত্ন নাকচ কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আজি আমি যিয়েই নহওঁক বাবাছাহেব ডাঃ আম্বেদকাৰৰ বাবেই। ড° বাবাছাহেব আম্বেদকাৰৰ দৃষ্টিভংগী ধৰি ৰাখিবৰ বাবে আমাৰ চৰকাৰে যোৱা এটা দশকত অক্লান্তভাৱে কাম কৰি আহিছে।
‘২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিব লগা হৈছে, অনুসূচিত জাতি/জনজাতিৰ আইনখন শক্তিশালী কৰা হৈছে। স্বচ্ছ ভাৰত, পি এম আৱাস যোজনা, জল জীৱন মিছন, উজ্জ্বলা যোজনা আদি আমাৰ চৰকাৰৰ ডাঙৰ ডাঙৰ কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ আৰু প্ৰান্তীয় লোকৰ জীৱন ৰক্ষা কৰা হৈছে।’এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।