সংবিধানৰ বাবেই আজি মই কথা পাতিব পাৰিছোঁ: ‘মন কি বাত’ত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

কিছুদিন আগতে সংবিধানক লৈ মুখামুখি হৈছিল বিজেপি আৰু কংগ্ৰেছ। আজিও, কংগ্ৰেছ আৰু বিজেপিয়ে ইজনে সিজনক সংবিধানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে, 'মন কি বাত'ৰ ১১৭তম খণ্ডত সংবিধানৰ বিষয়ে আলোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ উপৰিওমুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট।

সংবিধানৰ বাবেই আজি মই কথা পাতিব পাৰিছোঁ: মন কি বাতত কলে প্ৰধানমন্ত্ৰী মোদীয়ে...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

29 Dec 2024 14:23 PM

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান ‘মন কি বাত’ৰ ১১৭তম খণ্ড সম্প্ৰচাৰিত হয়। এই কাৰ্যসূচীত তেওঁ সংবিধান, কৃষক, কৰ্কট ৰোগ আৰু AIৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সংবিধান আমাৰ বাবে এক পথ প্ৰদৰ্শকৰ দৰে। যদি মই আজি আপোনাৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছোঁ, সেয়া সংবিধানৰ বাবেই।

এয়া ২০২৪ বৰ্ষৰ অন্তিমটো খণ্ড। এই বছৰৰ মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত লোকসভা নিৰ্বাচনৰ সময়ত ‘মন কি বাত’ কাৰ্যসূচী সম্প্ৰচাৰ হোৱা নাছিল। ইয়াৰ পূৰ্বে ১১৬তম খণ্ডটো ২৪ নৱেম্বৰত সম্প্ৰচাৰিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল এৰেষ্ট, স্বামী বিবেকানন্দ, এনচিচি, পুথিভঁৰালৰ দৰে বিষয়ত বক্তব্য ৰাখিছিল।

শেহতীয়া সংসদ অধিৱেশনৰ সময়ত, বিজেপি আৰু কংগ্ৰেছ সংবিধানক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। কংগ্ৰেছে অভিযোগ কৰিছিল যে বিজেপিয়ে সংবিধানক অপমান কৰিছে। একে সময়তে, বিজেপিয়েও কংগ্ৰেছক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। বিষয়টো ইমানেই আগবাঢ়ি গৈছিল যে সংসদৰ অধিৱেশনত ঠেলা-ঠেলি পৰ্যন্ত হৈছিল। এই ঘটনাত দুজন সাংসদো আহত হৈছিল। এনে পৰিস্থিতিত, সংবিধান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ আলোচনাক লৈ বিভিন্ন ধৰণৰ জল্পনা-কল্পনা চলিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে নৱবৰ্ষৰ শুভেচ্ছাৰে তেওঁৰ বক্তৃতা আৰম্ভ কৰে। কিন্তু তেওঁ কয় যে নতুন বছৰৰ সৈতে আমাৰ সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰিব, ই আমাৰ বাবে গৌৰৱৰ বিষয়।

সংবিধানে সকলো ধৰণেৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কয় যে, ২০২৫ আহিছে। ২৫ জানুৱাৰী ২০২৫ত সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। এইটো আমাৰ বাবে গৌৰৱৰ বিষয়। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সংবিধান আমাৰ বাবে পথ প্ৰদৰ্শক। আমাৰ মাৰ্গ দৰ্শক। সংবিধানৰ বাবেই মই আজি আপোনাৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছোঁ।”

সংবিধানৰ সৈতে সংযুক্ত হ’বলৈ বনোৱা হৈছে ৱেবছাইট

তেওঁ কয় যে দেশৰ নাগৰিকসকলক সংবিধানৰ সৈতে সংযোগ স্থাপন কৰিবলৈ constitution75.com নামৰ এটা বিশেষ ৱেবছাইট সৃষ্টি কৰা হৈছে। ইয়াত, আপুনি সংবিধানৰ প্ৰস্তাৱনা পঢ়ি, আপোনাৰ ভিডিঅ’ আপলোড কৰিব পাৰিব। লগতে বিভিন্ন ভাষাত সংবিধান পঢ়িব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে আকৌ কয়, “ইয়াৰ দ্বাৰা আপুনি সংবিধান সম্পৰ্কে প্ৰশ্ন সুধিবলৈ সক্ষম হ’ব। মই মন কি বাতৰ শ্ৰোতাসকলক, বিদ্যালয়ত পঢ়ি থকা শিশুসকলক আৰু মহাবিদ্যালয়লৈ যোৱা যুৱক-যুৱতীসকলক এই ৱেবছাইটটো দৰ্শন কৰিবলৈ আৰু ইয়াৰ অংশ হ’বলৈ অনুৰোধ জনাইছোঁ।”

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...