‘এক দেশ-এক নিৰ্বাচন’ বিধেয়ক সংবিধান, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী : প্ৰিয়ংকা গান্ধী

লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ ব্যৱস্থা থকা বিধেয়কখন সংবিধান আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । তেওঁ কয়, 'এইখন সাংবিধানিক বিৰোধী বিধেয়ক। এয়া দেশৰ ফেডাৰেলিজমৰ বিৰোধী। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো।'

এক দেশ-এক নিৰ্বাচন বিধেয়ক সংবিধান, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী : প্ৰিয়ংকা গান্ধী

প্ৰিয়ংকা গান্ধী

Updated On: 

17 Dec 2024 17:23 PM

বিৰোধীৰ বিৰোধিতাৰ মাজতে আজি লোকসভাত উত্থাপন কৰা হয় ‘এক দেশ-এক নিৰ্বাচন’ বিধেয়ক । ইয়াৰ পাছতে এই বিধেয়কখনক লৈ ডাঙৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ ব্যৱস্থা থকা বিধেয়কখন সংবিধান আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । তেওঁ কয়, ‘এইখন সাংবিধানিক বিৰোধী বিধেয়ক। এয়া দেশৰ ফেডাৰেলিজমৰ বিৰোধী। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো।’

উল্লেখ্য যে বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতে মঙলবাৰে লোকসভাত কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন উত্থাপন কৰে । এই বিধেয়কখন আইনত পৰিণত কৰি দেশত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা কৰিছে চৰকাৰে। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত সংবিধান (১২৯ সংশোধনী) বিধেয়ক-২০২৪ আৰু ইয়াৰ সৈতে জড়িত কেন্দ্ৰীয় শাসিত আইন (সংশোধনী) বিধেয়ক-২০২৪ উত্থাপন কৰে । য’ত এক দেশ এক নিৰ্বাচনৰ কথা কোৱা হৈছে । বিৰোধী দলসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।

সদনত ভোটদান ব্যৱস্থাৰ জৰিয়তে উত্থাপন কৰা হয় এই বিধেয়কখন। বিধেয়কখন উত্থাপন কৰাৰ সপক্ষে ২৬৯ জন সাংসদে ভোট দিয়াৰ বিপৰীতে ১৯৮ জন সাংসদে বিধেয়কৰ বিৰোধিতা কৰি ভোটদান কৰে । ইয়াৰ পাছতে মেঘৱালে সদনৰ সন্মতি লাভ কৰি বিধেয়ক উত্থাপন কৰে। শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেও এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ কয় যে, এই বিধেয়কখন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ সমস্যাৰ পৰা দৃষ্টি আঁতৰাবলৈ চেষ্টা কৰিছে। ‘এক দেশ এক নির্বাচন’ প্রস্তাৱ কার্যকৰী হোৱাৰ পূর্বে স্বচ্ছ নির্বাচন প্রক্রিয়াৰ দাবী জনাই উদ্ধৱ থাকৰেয়ে ৷

আইন মন্ত্ৰী অৰ্জুন মেঘৱালে কয়, ‘এখন দেশ, এক নিৰ্বাচনক ৰাজনৈতিক উদ্দেশ্যত বিৰোধিতা কৰা হৈছে। এই বিধেয়কখন নিৰ্বাচন প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ অনা হৈছে। ৰাজ্যৰ ক্ষমতাত কোনো ধৰণৰ হস্তক্ষেপ নহয়।’ উল্লেখ্য যে, বৰ্তমান এই বিধেয়কখন বিতং আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব।

লগতে পঢ়ক : লোকসভাত উত্থাপন হ’ল ‘এখন দেশ, এক নিৰ্বাচন’ বিধেয়ক, পৰৱৰ্তী পদক্ষেপ কি?

Magh Bihu 2025: মাঘ বিহুৰ মেজি আৰু উৰুকা শব্দ দুটা ক'ৰ পৰা আহিছে?
মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয় জানেনে? কিয় কৰে পিণ্ডদান...
শোৱনি কোঠাত কেতিয়াও নাৰাখিব এই সমূহ বস্তু, অন্যথা আপোনাৰ জীৱনলৈ কঢ়িয়াব অশুভ সময়
জীৱনৰ অন্তিমখন কনচাৰ্ট ক’ত কৰিছিল তবলা সম্ৰাট জাকিৰ হুছেইনে? জানিবলৈ চাওক