5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৪৮,০০০ টকাৰ সুৰাপান কৰি ২ কোটিটকীয়া গাড়ীৰে খুন্দা দুজনক, ১৫ ঘন্টাৰ ভিতৰতে জামিন অভিযুক্তৰ

অত্যাধিক সুৰাপান কৰাৰ পাছত  তেওঁলোকে যেতিয়া ওলাই গৈছিল তেতিয়াই কল্যাণী নগৰ অঞ্চলত বাইকেৰে অহা দুজনক খুন্দিয়ায়। ঘটনাৰ সময়ত অভিযুক্তৰ বাহন প্ৰায় ২০০ ৰ স্পীডত আছিল।

৪৮,০০০ টকাৰ সুৰাপান কৰি ২ কোটিটকীয়া গাড়ীৰে খুন্দা দুজনক, ১৫ ঘন্টাৰ ভিতৰতে জামিন অভিযুক্তৰ
পুনে পথ দুৰ্ঘটনা
barasha-sarma
Barasha Sarma | Published: 22 May 2024 12:53 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। পুনেত বিলাসী বাহনৰ খুন্দাত দুই নিৰীহ লোকৰ মৃত্যু হোৱা ঘটনাই এতিয়া দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। এই গোচৰত আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনৰ নাম পোহৰলৈ আহিছে।  তথ্য অনুসৰি এই গোচৰৰ মূল অভিযুক্ত ১৭ বছৰীয়া বেদান্ত আগৰৱালাৰ আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনৰ সৈতে সম্পৰ্ক আছে। আগৰৱাল পৰিয়ালৰ মুৰব্বী সুৰেন্দ্ৰ আগৰৱালা ( অভিযুক্তৰ ককাক)ৰ  ভাতৃৰ সৈতে সম্পত্তিৰ বিবাদ হৈছিল। এই বিবাদ নিষ্পত্তি কৰিবলৈ সুৰেন্দ্ৰ আগৰৱালে বেংককলৈ গৈ ২০০৭ চনৰ পৰা ২০০৮ চনৰ ভিতৰত ছোটা ৰাজনক সাক্ষাত কৰিছিল।

ইয়াৰ পিছতে অজয় ​​ভোছালে নামৰ এজন ব্যক্তিক হত্যাৰ চেষ্টা চলোৱা হৈছিল। এই গোচৰত সুৰেন্দ্ৰ আগৰৱালাৰ বিৰুদ্ধেও এজাহাৰ দাখিল হৈছিল।  এই গোচৰতো পুনে আৰক্ষীৰ অধীনত আছিল। কিন্তু এই গোচৰতো সাধাৰণভাৱে ৰুজু কৰিছিল আৰক্ষীয়ে। আনহাতে গ্ৰেপ্তাৰো হোৱা নাছিল তেওঁ। যেতিয়া ছোটা ৰাজনক গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া সকলো পোহৰলৈ আহিছিল।

 

কি হৈছিল সেইদিনা

ঘটনা সংঘটিত হৈছিল ১৮ মে’ৰ দিনা। ঘটনাৰ বিৱৰণী অনুসৰি অভিযুক্তই নিজৰ বন্ধু-বান্ধৱীৰ সৈতে সুৰাপান কৰিছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা বাবে এই পাৰ্টি দিছিল। প্ৰায় ৩ ঘন্টাত তেওঁলোকৰ খাদ্য আৰু সুৰাৰ বিল হৈছিল ৪৮,০০০ টকা। এই সকলো খৰচ অভিযুক্তই দিছিল। নিশা প্ৰায় ১ বজালৈ চলিছিল পাৰ্টি।  তাৰপাছতে অভিযুক্তই বিলাসী বাহন পোৰ্চেত ওলাই গৈছিল ।

পুনে আৰক্ষীৰ এজাহাৰ অনুসৰি  অভিযুক্তই নিশা ৯:৩০ বজাৰ পৰা মাজনিশালৈ সুৰাপান  কৰি আছিল। ইয়াৰ পিছত তেওঁলোকে আন এখন হোটেলত নিশা ১ বজালৈকে মদ খাইছিল। অত্যাধিক সুৰাপান কৰাৰ পাছত  তেওঁলোকে যেতিয়া ওলাই গৈছিল তেতিয়াই কল্যাণী নগৰ অঞ্চলত বাইকেৰে অহা দুজনক খুন্দিয়ায়। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাইকত থকা দুই যাত্ৰী দূৰৈতে চিটিকি পৰে। যাৰ ফলত দুয়ো নিহত হয়। নিহত হোৱা দুজন মধ্য প্ৰদেশৰ আছিল। ঘটনাৰ সময়ত অভিযুক্তৰ বাহন প্ৰায় ২০০ ৰ স্পীডত আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোচি ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী নমন প্ৰহ্লাদ ভূটাড়া আৰু মেনেজাৰ শচীন অশোক কটকাৰৰ লগতে হোটেল ব্লেকৰ মেনেজাৰ সন্দীপ ৰমেশ সংগলে আৰু বাৰ কাউণ্টাৰ মেনেজাৰ জয়শ সতীশ বংকাৰক গ্ৰেপ্তাৰ কৰিছে।  লগতে  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তৰ পিতৃ বিশাল আগৰৱালাক।

 

গ্ৰেপ্তাৰৰ ১৫ ঘন্টাৰ পাছত জামিন

এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল দুই যুৱক-যুৱতী তথা ছফটৱেৰ ইঞ্জিনিয়াৰ অশ্বিনী কোষ্ঠা আৰু মধ্যপ্ৰদেশৰ জবলপুৰৰ বাসিন্দা অনিশ আৱাদিয়া। দুৰ্ঘটনাটোৰ পিছত ক্ষুব্ধ লোকসকলে গাড়ী চালকজনক ধৰি প্ৰহাৰ কৰে। এই গাড়ীখন চলাই আছিল বিল্ডাৰ বিশাল আগৰৱালাৰ ১৭ বছৰীয়া পুত্ৰ বেদান্ত আগৰৱালে । অৱশেষত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু আদালতে  নাবালক বুলি উল্লেখ কৰি ১৫ ঘণ্টাৰ ভিতৰত জামিনত মুকলি কৰি দিছিল। আদালতে মাত্ৰ এই ঘটনা দুখজনক বুলি কৈয়ে এই জামিন প্ৰদান কৰিছিল। যাৰ পাছতে ছচিয়েল মিডিয়াত বহু বিতৰ্কৰ সৃষ্টি হৈছে।

এই ঘটনাত আৰক্ষীৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি আৰক্ষীয়ে অভিযুক্তক ভিআইপিৰ দৰে ৰাখিছিল। আনকি জেলত পিজ্জা, বাৰ্গাৰ আদি আনি দিছিল।

অভিযুক্তই কি কৈছিল আৰক্ষীক

অভিযুক্তই আৰক্ষীক জনোৱা মতে, “দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দেউতাকে তেওঁক বন্ধু-বান্ধৱীৰ সৈতে পাবত পাৰ্টি কৰিবলৈ অনুমতি দিছিল। গাড়ী চলোৱাৰ প্ৰশিক্ষণো ভালদৰে লোৱা নাছিল তেওঁ।  তথাপিও দেউতাকে পাৰ্টিলৈ যাবলৈ পৰ্ছে গাড়ীখন দি দিছিল । ড্ৰাইভিং লাইচেন্সো নাই অভিযুক্তৰ । লগতে দেউতাকেও মদ খোৱাৰ কথা জানিছিল।” কিশোৰগৰাকীৰ এই ভাষ্যৰ পাছতে তেওঁৰ পিতৃ পলাতক আছিল যদিও আৰক্ষীয়ে গ্ৰেপ্তা কৰে তেওঁ। ঘটনা সন্দৰ্ভত অভিযুক্তৰ পিতৃসহ ৩জনক ২৪ মে’লৈ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।

Latest News