শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উৰাবাতৰিয়ে হ’ল কাল! ৰে’লৰ পৰা জঁপিয়াই ১১জন লোকৰ মৃত্যু, আহত ৪০জনৰো অধিক…

Pushpak Express Train Accident: ভয়ংকৰ ঘটনা। ৰে'লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে। আহত হৈছে ৪০ জনৰো অধিক লোক।জুই লাগিছে বুলি উৰাবাতৰিৰ বিয়পি পৰাৰ লগতে ৰে'লৰ পৰা জঁপিয়াবলৈ আৰম্ভ কৰে যাত্ৰীসকলে।

উৰাবাতৰিয়ে হ’ল কাল! ৰে’লৰ পৰা জঁপিয়াই ১১জন লোকৰ মৃত্যু, আহত ৪০জনৰো অধিক…
পুষ্পক এক্সপ্ৰেছৰ পৰা জপিয়াই ১১জন লোকৰ মৃত্যু
trishna-kalita
Trishna Kalita | Published: 22 Jan 2025 19:34 PM

ভয়ংকৰ, শোকাৱহ! ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে। আহত হৈছে ৪০ জনৰো অধিক লোক। এই ঘটনা সংঘটিত হৈছে  মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পৰন্দা ৰে’ল ষ্টেচনৰ সমীপত। পুষ্পক এক্সপ্ৰেছত জুই লাগিছে বুলি উৰাবাতৰিৰ বিয়পি পৰাৰ লগতে যাত্ৰীসকলে ৰে’লৰ পৰা জঁপিয়াবলৈ আৰম্ভ কৰে। এই সময়তে অহা আন এখন ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয় যাত্ৰীসকলে ।

ANIৰ তথ্য মতে, মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পুষ্পক এক্সপ্ৰেছৰ কেইবাজনো যাত্ৰী তেওঁলোকৰ ডবাৰ বাহিৰত থিয় হৈ আছিল। তেওঁলোকে সন্দেহ কৰিছিল যে ৰে’লখনত জুই লাগিছে। এই সময়ছোৱাত  আন ফালৰ পৰা তীব্ৰগতিত আহি থকা কৰ্ণাটক এক্সপ্ৰেছে যাত্ৰীকেইজনক খুন্দা মাৰে । দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ৰে’ল বিষয়া আৰু অন্যান্য কৰ্মচাৰীঘটনাস্থলীত উপস্থিত হৈছে।

ঘটনা অনুসৰি  পৰন্দা ৰে’ল ষ্টেচনলৈ আহি আছিল পুষ্পক এক্সপ্ৰেছ। যেতিয়া ৰে’লখনৰ মটৰমেনে ব্ৰেক প্ৰয়োগ কৰিছিল। যাৰ বাবে চকাৰ পৰা জুইৰ স্ফুলিঙ্গ ওলাই আহিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত এটা উৰাবাতৰি বিয়পি পৰে যে ৰে’লখনত জুই লাগিছে। এই খবৰে মহিলা-শিশুসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। ৰে’লখনত বহি থকা লোকসকলৰ মাজত দৌৰা-দৌৰী আৰম্ভ হৈছিল।

তাৰ পাছতে লোকসকলে আতংকিত হৈ ডবাৰ পৰা জঁপিয়াবলৈ আৰম্ভ কৰিলে। যাত্ৰীৰ সংখ্যা ৩৫ ৰ পৰা ৪০ গৰাকী আছিল বুলি জানিব পৰা গৈছে। এই যাত্ৰীসকলে দেখা নাছিল যে আন ফালৰ পৰা এখন ৰে’ল আহি আছে। ফলস্বৰূপে, যাত্ৰীসকল বেংগালুৰু এক্সপ্ৰেছৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈছিল। ইয়াত বহুতো লোকৰ মৃত্যু ইতিমধ্যে হৈছে। বহুলোক গুৰুতৰভাৱে আহত হৈছে।

এই সন্দৰ্ভত ৰে’লখনত যাত্ৰা কৰা এজন যাত্ৰীয়ে কয় যে দুৰ্ঘটনাটো আবেলি ৩.৩০ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত সংঘটিত হৈছে। সেই সময়ত জুই লগা বুলি উৰাবাতৰি বিয়পি পৰিছিল। তাৰ পিছত কিছুমান লোকে ৰে’লৰ পৰা জঁপিয়াছিল। একে সময়তে, বেংগালুৰু এক্সপ্ৰেছ সন্মুখৰ পৰা আহি আছিল, যিয়ে ৩০ৰ পৰা ৩৫জন লোকক মহতিয়াই নিয়ে। এই ঘটনাটোত বহুলোক আহত হৈছে। কিছুমান প্ৰত্যক্ষদৰ্শীয়ে এইটোও দাবী কৰিছে যে বিপৰীত দিশৰ পৰা অহা বেংগালুৰু এক্সপ্ৰেছে হৰ্ণ বজোৱা নাছিল। হৰ্ণ বজালে যাত্ৰীসকলক সতৰ্ক হ’লহেঁতেন।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ কয় “পুষ্পক ৰে’ল দুৰ্ঘটনা অত্যন্ত শোকাৱহ আৰু হৃদয়বিদারক। মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। দুৰ্ঘটনাটোত আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰা হওক। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ প্ৰতিক্ৰিয়া

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছেও ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, “এয়া এক অতি দুৰ্ভাগ্যজনক দুৰ্ঘটনা। ইয়াত কিছুমান লোকৰ মৃত্যু হৈছে, তেওঁলোকক  শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মোৰ সহকৰ্মী মন্ত্ৰী গিৰীশ মহাজন আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈছে। জিলা দণ্ডাধীশো কম সময়ৰ ভিতৰতে তাত উপস্থিত হ’ব। সমগ্ৰ জিলা প্ৰশাসনে ৰে’ল প্ৰশাসনৰ সৈতে সমন্বয়তাৰে কৰি কাম কৰি আছে।”

তেওঁ লগতে কয়, “আহতসকলৰ চিকিৎসাৰ বাবে তাৎক্ষণিক ব্যৱস্থা কৰা হৈছে।  আহতসকলৰ চিকিৎসাৰ বাবে সাজু কৰি ৰখা হৈছে । গ্লাছ কাটাৰ, ফ্লাডলাইট আৰু অন্যান্য জৰুৰীকালীন সঁজুলিও সাজু ৰখা হৈছে সাধাৰণ চিকিৎসালয় আৰু ওচৰৰ আন ব্যক্তিগত চিকিৎসালয়সমূহক। তাৎক্ষণিকভাৱে প্ৰদান কৰা হৈছে সকলো প্ৰয়োজনীয় সহায় । মই জিলা প্ৰশাসনৰ সৈতে যোগাযোগত আছোঁ।”