ব্ৰিটেইনৰ নাগৰিক নেকি ৰাহুল গান্ধী ? কেন্দ্ৰক শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ আদালতৰ

ৰাহুল গান্ধীৰ নাগৰিত্বৰ সন্দৰ্ভত কেন্দ্ৰৰ পৰা ষ্টেটাছ ৰিপৰ্ট বিচাৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে । ইতিমধ্যে ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কেন্দ্ৰক ৪ সপ্তাহৰ সময় বান্ধি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ।

ব্ৰিটেইনৰ নাগৰিক নেকি ৰাহুল গান্ধী ? কেন্দ্ৰক শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ আদালতৰ

ৰাহুল গান্ধী

Published: 

25 Mar 2025 12:44 PM

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নাগৰিত্বক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে । এইবাৰ ৰাহুল গান্ধীৰ নাগৰিত্বৰ সন্দৰ্ভত কেন্দ্ৰৰ পৰা ষ্টেটাছ ৰিপৰ্ট বিচাৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে । ইতিমধ্যে ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কেন্দ্ৰক ৪ সপ্তাহৰ সময় বান্ধি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে । এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ অজয় ​​কুমাৰ শ্ৰীবাস্তৱৰ বিচাৰপীঠে ।

বিৰোধী নেতাগৰাকীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ আদালতৰ। অৱশ্যে এই প্ৰতিবেদন দাখিল কৰিবলৈ গৃহ মন্ত্ৰালয়ে মুঠ ৮ সপ্তাহৰ সময় বিচাৰিছিল। পৰৱৰ্তী শুনানি ২১ এপ্ৰিলত হ’ব। কিন্তু ৰাহুলৰ নাগৰিকত্বক লৈ কিয় পুনৰ চৰ্চা আৰম্ভ হৈছে ? এই বিতৰ্কৰ আঁৰৰ কাৰণ কি ?

২০১৯ চনৰ পৰা নাগৰিকত্বৰ বিতৰ্কত সোমাই পৰিছে বিৰোধী নেতাগৰাকী । প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব থকা বুলি অভিযোগ উত্থাপন কৰি দিল্লীৰ এখন আদালতত গোচৰ ৰুজু কৰে। তেওঁৰ দাবী, “ব্ৰিটিছ চৰকাৰক দাখিল কৰা এখন নথিত ​​ৰাহুল গান্ধীয়ে নিজকে সেই দেশৰ নাগৰিক বুলি উল্লেখ কৰিছে।” যিটো ভাৰতীয় সংবিধানিক ব্য়ৱস্থাৰ পৰিপন্থী।

মন কৰিবলগীয়া যে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পিছত কৰ্ণাটকৰ বিজেপি নেতা এছ ভিগনেশ সিছিৰেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায় । তেওঁ ৰাহুল গান্ধী ব্ৰিটিছ নাগৰিক বুলি অভিযোগ উত্থাপন কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে । ইয়াৰ লগতে ৰাহুল গান্ধীৰ নাগৰিকত্ব আৰু সাংসদ পদ বাতিলৰ বাবে আবেদন জনাইছিল এছ ভিগনেশে । সেই আবেদনৰ ভিত্তিত আদালতে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল।

আকৌ এবাৰ মূৰ দাঙিছে এই গোচৰটোৱে। অৱশ্যে সাংসদ পদ বাতিলৰ বাবে কৰা আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। আগন্তুক চাৰি সপ্তাহৰ ভিতৰত এই ঘটনা সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কেন্দ্ৰক কয় আদালতে।

Related Stories
এইসকল চৰকাৰী কর্মচাৰীয়ে নাপায় ঈদৰ বন্ধ ! অহা ৩১ তাৰিখেলৈকে উপস্থিত থাকিব লাগিব কাৰ্যালয়ত
What India Thinks Today 2025 Summit: আজি WITT ৰ দ্বিতীয় দিন, অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
১০ বছৰত কি কি পৰিৱৰ্তন হৈছে দেশত? WITTৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে বাখ্যা
দিনে-নিশাই গালি শুনা EDএ উদ্ধাৰ কৰিছে ২২ হেজাৰ কোটি টকাঃ WITTৰ মঞ্চত ক’লে প্ৰধানমন্ত্ৰীয়ে
সংকটৰ সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি থাকে ভাৰতৰ ওপৰতঃ প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব প্ৰদানেৰে মন্তব্য মাই হোম গ্ৰুপৰ উপাধ্যক্ষ ৰামু ৰাওৰ
প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ আটাইতকৈ সন্মানীয় আৰু প্ৰভাৱশালী নেতা: WITTৰ মঞ্চত এই মন্তব্য TV9ৰ CEO-MD বৰুণ দাসৰ
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?