5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী ৰাহুল গান্ধী! বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধী দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী। এই বিস্ফোৰক মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে। দেশক ভাল নাপায় বাবেই ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ সকলো কথাতে ভুল বক্তব্য দিয়ে বুলি তেওঁ লগতে অভিযোগ কৰে।

দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী ৰাহুল গান্ধী! বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ
ৰাহুল গান্ধী প্ৰসঙ্গত বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 15 Sep 2024 19:52 PM

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী। এই বিস্ফোৰক মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে। বিহাৰৰ ভাগলপুৰত ৰে’ল ৰাজ্য মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি এনে বিতৰ্কিত মন্তব্য কৰিছে। ৰৱনীত সিং বিট্টুৰ মতে, ৰাহুল গান্ধীৰ লালন-পালন বিদেশতহে হৈছিল আৰু অধিকাংশ সময় তেওঁ বিদেশতে কটাইছে। তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয় সকলো বিদেশী বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছ নেতাগৰাকীয়ে ভাৰতক বিশেষ ভাল নাপায় যেন অনুভৱ হয় বুলিও মন্তব্য কৰে।

বিট্টুৰ মন্তব্য, দেশত যিসকলক মষ্ট ৱাণ্টেড আখ্যা দিয়া হয়, ৰাহুল গান্ধীয়ে প্ৰথমে সেইসকলৰ ওপৰতহে বিবৃতি দিয়ে। দেশত গোলাবাৰুদ নিৰ্মাণৰ বাবে বিখ্যাত সকলেহে আজি ৰাহুল গান্ধীৰ বক্তব্যৰ শলাগ লৈছে বুলি দাবী কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, যিসকল দেশৰ শত্ৰু, মৰা-কটাৰ কথা কয়, ৰে’ল তথা পথ উৰুৱাই দিয়ে সেইসকলেহে ৰাহুল গান্ধীৰ সংস্পৰ্শলৈ আহিছে।

এনে পৰিস্থিতিত যদি কাৰোবাক দেশৰ এক নম্বৰ সন্ত্ৰাসবাদীৰ কথা কোৱা হয়, সেয়া ৰাহুল গান্ধীয়েই হ’লহেঁতেন বুলি বিস্ফোৰক মন্তব্য কৰে ৰৱনীত সিং বিট্টুৱে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে দেশক বিশেষ ভাল নাপায় বুলি তেওঁ অনুভৱ কৰে। সেইবাবেই ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ সকলো কথাতে ভুল বক্তব্য দিয়ে বুলি তেওঁ লগতে অভিযোগ কৰে।

তেওঁ লগতে কয় যে ৰাহুল গান্ধীয়ে কেতিয়াবা অবিচিৰ কথা কয় আৰু কেতিয়াবা জাতিৰ কথা কয়। কি ক’ব লাগে আৰু কি কৰিব লাগে তেওঁৰ কোনো ধাৰণা নাই বুলিও কটাক্ষ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিট্টুৰ মন্তব্য, ২০০৯ চনত তেওঁলোক দুয়ো একেলগে সাংসদ হৈছিল, কিন্তু আজিলৈকে ৰাহুল গান্ধীয়ে একো বুজিব পৰা নাই।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ৰাহুল গান্ধীয়ে কেৱল দৰিদ্ৰ লোকৰ ঘৰলৈ গৈ ফটো উঠে আৰু আজিও তেওঁ ৰিক্সা টানিবলৈ যায় যদিও আজিলৈকে তেওঁ এই লোকসকলৰ কি কষ্ট হৈছে জানিব পৰা নাই বুলি অভিযোগ কৰে। আজিও ৰাহুল গান্ধীয়ে দৰিদ্ৰ জনসাধাৰণৰ যন্ত্ৰণা বুজিব পৰা নাই বুলি তীক্ষ্ণ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।।

উল্লেখ্য যে বৰ্তমান আমেৰিকা ভ্ৰমণত আছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। এই ভ্ৰমণত তেওঁ বিভিন্ন কাৰ্যসূচীতো অংশ লৈছে। এনে অনুষ্ঠানসমূহত ৰাহুল গান্ধীয়ে নিজ ভাষণত বিজেপি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিন্দু সংগঠনসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। প্ৰথমে টেক্সাছত, তাৰ পিছত ভাৰ্জিনিয়াত আৰু শেহতীয়াকৈ ৱাশ্বিংটনত ৰাহুল গান্ধীয়ে দিয়া বক্তব্যক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

Latest News