5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাৰতক নিম্ন স্থানত ৰাখি চীনক প্ৰচাৰ কৰে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ৰাহুল গান্ধীয়ে চীনক বিভিন্ন ধৰণে প্ৰচাৰ কৰে। ভাৰতক নিম্ন স্থান দি ৰাহুল গান্ধীয়ে চীনক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰচাৰ কৰে । কিন্তু, চীনত মানুহৰ বাবে গণতন্ত্ৰ আৰু ধৰ্মীয় স্বাধীনতা নাই । কিন্তু, গান্ধীয়ে সেইবোৰৰ কথা নকয়।" এইদৰে ৰাহুল গান্ধীক সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ভাৰতক নিম্ন স্থানত ৰাখি চীনক প্ৰচাৰ কৰে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা
ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মা
Follow Us
manas-borah
Manas Borah | Updated On: 09 Sep 2024 20:47 PM

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চীনৰ প্ৰচাৰক বুলি অভিহিত কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিধানসভা নিৰ্বাচনৰ মন্ত্ৰণা লৈ আজি ঝাৰখণ্ডত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়তে অভিযোগ কৰে যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চীনক প্ৰচাৰ কৰাৰ বিপৰীতে ভাৰতক নিম্ন স্থান দি আহিছে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ৰাহুল গান্ধীয়ে চীনক বিভিন্ন ধৰণে প্ৰচাৰ কৰে। ভাৰতক নিম্ন স্থান দি ৰাহুল গান্ধীয়ে চীনক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰচাৰ কৰে । কিন্তু, চীনত মানুহৰ বাবে গণতন্ত্ৰ আৰু ধৰ্মীয় স্বাধীনতা নাই । কিন্তু, গান্ধীয়ে সেইবোৰৰ কথা নকয়।” এইদৰে ৰাহুল গান্ধীক সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী হৈ থকা মুখ্যমন্ত্ৰী শৰ্মা দুদিনীয়া ভ্ৰমণসূচীৰে আজি ঝাৰখণ্ডত উপস্থিত হয়।

কিয় এই অভিযোগ তুলিলে মুখ্যমন্ত্ৰী শৰ্মাই ?

ৰাহুল গান্ধীয়ে দেওবাৰে কৈছিল যে, ভাৰত, আমেৰিকা আৰু পশ্চিমৰ অন্যান্য দেশসমূহে নিবনুৱা সমস্যাৰ সন্মুখীন হোৱাৰ বিপৰীতে চীনে বিশ্ব উৎপাদন ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । দেওবাৰে ডালাছৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত উৎপাদনত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৰাহুল গান্ধীয়ে ।

ভাৰতত দক্ষতাৰ অভাৱ নাই বুলিও উল্লেখ কৰি কংগ্রেছ নেতা গৰাকীয়ে কয় যে, যদিহে চীনে উৎপাদনৰ বাবে নিজকে একাকাৰ কৰিবলৈ আৰম্ভ কৰে, তেন্তে দেশখনে চীনৰ সৈতে প্রতিদ্বন্দ্বিতা কৰিব পাৰে ৷ নেতা গৰাকীৰ এই মন্তব্যৰ পাছতে আজি ৰাহুল গান্ধীক চীনৰ প্ৰচাৰক বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজেশ ঠাকুৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দলৰ প্ৰাক্তন ঝাৰখণ্ডৰ সভাপতি ৰাজেশ ঠাকুৰে কয় যে, “চীনক কোনে প্ৰচাৰ কৰে সেয়া সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মাই এনে বক্তব্য দি দেশৰ মানুহক বিপথে পৰিচালিত কৰা উচিত নহয়। “

Latest News