বিদেশ ভ্ৰমণ মানেই যেন বিতৰ্কক আবাহন, আমেৰিকা ভ্ৰমণতো হ’ল একেই, ৰাহুলক ভাৰত বিৰোধী আখ্যা বিজেপিৰ

ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণ মানেই যেন বিতৰ্ক । ৰাহুল গান্ধীয়ে বিদেশত ভাষণ প্ৰদান কৰাৰ পাছতেই ভাৰতত বিপক্ষৰ নেতাসকল সৰব হৈ পৰে তেওঁক বিৰুদ্ধে । বহুতে তেওঁক ভাৰত বিৰোধী বুলিও কয় । ৰাহুলৰ বিৰুদ্ধে বিদেশত ভাৰতক বদনাম কৰাৰো অভিযোগ উঠে । এইবাৰ ক'ত কি কৰিলে ৰাহুলে?

বিদেশ ভ্ৰমণ মানেই যেন বিতৰ্কক আবাহন, আমেৰিকা ভ্ৰমণতো হল একেই, ৰাহুলক ভাৰত বিৰোধী আখ্যা বিজেপিৰ

ৰাহুল গান্ধী

Published: 

21 Apr 2025 16:40 PM

যেতিয়াই ৰাহুল গান্ধী বিদেশলৈ যায়, তেতিয়াই কিবা নহয় কিবা এটা বিতৰ্কৰ সূত্ৰপাত ঘটে । শাসকীয় বিজেপিৰ নেতাসকলে প্ৰায়েই অভিযোগ কৰা দেখা যায় যে দেশৰ বাহিৰত গৈ ভাৰতক বদনাম কৰে ৰাহুলে । বৰ্তমান কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আমেৰিকা ভ্ৰমণত আছে । বষ্টনত অনুষ্ঠিত এখন বৈঠকত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগ (ইচি)ক “আপোচ” কৰা বুলি অভিযোগ কৰে, তেওঁ আৰু কয় যে ব্যৱস্থাটোত কিবা এটা ভুল আছে ।

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ উদ্ধৃতি দি তেওঁ নিজৰ বক্তব্যৰ সমৰ্থনত নিৰ্বাচনক লৈ ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে । মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁ কয় যে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত মাত্ৰ ২ ঘণ্টাত ভোটাৰ তালিকাত ৬৫ লাখ ভোটাৰ বৃদ্ধি হৈছিল, যিটো অসম্ভৱ আছিল ।

কি ক’লে ৰাহুল গান্ধীয়ে?
সভাত ভাষণ দি ৰাহুল গান্ধীয়ে দাবী কৰে যে মুঠ জনসংখ্যাতকৈ মহাৰাষ্ট্ৰত অধিক লোকে ভোটদান কৰিছিল আৰু এয়া এক সত্য । “নিৰ্বাচন আয়োগে আমাক সন্ধিয়া প্ৰায় ৫.৩০ বজাত এটা হিচাপ দিছিল আৰু দুঘণ্টাৰ ভিতৰতে সন্ধিয়া প্ৰায় ৭.৩০ বজালৈকে ৬৫ লাখ ভোটাৰে ভোটদান কৰিছিল, যিটো অসম্ভৱ ।” ৰাহুলে কয় । তেওঁ আৰু কয়, “আমাৰ বাবে অতি স্পষ্ট যে নিৰ্বাচন আয়োগৰ লগত আপোচ কৰা হৈছে, ব্যৱস্থাটোত কিবা এটা ভুল হৈছে ।” ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে যে ভোটাৰ তালিকাত হেতালি খেলা সন্দৰ্ভত ৰাজনৈতিক দলসমূহে উত্থাপন কৰা অভিযোগ ভিত্তিহীন ।

প্ৰশ্ন উত্থাপন কৰিলে বিজেপিয়ে
এতিয়া এই বক্তব্যক লৈ বিজেপিয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে । বিজেপি নেতা শ্বাহজাদ পুনাৱালাই কয়, “ৰাহুল গান্ধীয়ে বহিঃৰাষ্ট্ৰলৈ গৈ সাংবিধানিক প্ৰতিষ্ঠানক অপমান কৰে, এয়া তেওঁৰ পৰিচয় হৈ পৰিছে । ইয়াৰ পৰা দেখা যায় যে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰিও একাংশ লোকে ভাৰতৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে আৰু সেয়াও বিদেশী মাটিত । সমগ্ৰ বিশ্বই ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ইয়াৰ প্ৰক্ৰিয়াক প্ৰশংসা কৰে, কিন্তু এনে সময়ত ৰাহুল গান্ধী আৰু তেওঁৰ পৰিৱেশ তন্ত্ৰই ভাৰতক বদনাম কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে । নিৰ্বাচনত জয়ী হ’লে নিৰ্বাচন আয়োগ ঠিকেই থাকে, কিন্তু হাৰিলে নিৰ্বাচন আয়োগক দোষ দিয়ে । এইসকল লোকে নিজকে বচাবলৈ নিৰ্বাচন আয়োগক লক্ষ্য কৰি লৈছে ।”

বিজেপি নেতা প্ৰদীপ ভাণ্ডাৰীয়ে কয় যে, গণতন্ত্ৰ বিৰোধী, ভাৰত বিৰোধী ৰাহুল গান্ধীয়ে, ভাৰতীয় ভোটাৰৰ আস্থা লাভ কৰিব নোৱাৰা ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত ভাৰতীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে । কিয় ৰাহুলে সদায় বহিঃৰাজ্যৰ মাটিত ভাৰতক বদনাম কৰে ? ভাৰত ৰাষ্ট্ৰৰ সৈতে যুঁজি থকা জৰ্জ ছ’ৰ’ছৰ এজেণ্ট – আজি ৰাহুল গান্ধীয়ে এই কামটোৱেই কৰিছে!

চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...
ভগৱান হনুমানক আগবঢ়াওক এইসমূহ বস্তু, পূৰ হ'ব সকলো মনোকামনা
কিয় পালন কৰা হয় সতী সাধিনী দিৱস? বীৰাংগনা 'সাধিনী'ৰ বীৰত্বৰ কাহিনী জানক..