শ্ৰমিকৰ সৈতে দীপাৱলী উদযাপন ৰাহুল গান্ধীৰঃ দিলে এই বাৰ্তা…
দেৱালী উপলক্ষে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি শ্ৰমিক আৰু দীপাৱলীৰ বাবে মাটিৰ চাকি নিৰ্মাণ কৰা লোকসকলৰ সৈতে সময় কটায়। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে শ্ৰমিকসকলৰ সমস্যাৰ বিষয়ে সোধা-পোছা কৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয়।
পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দত উল্লাসিত হৈছে সমগ্ৰ দেশ। চাকি-বন্তিৰ পোহৰত উদ্ভাসিত হৈ পৰিছে দেশৰ প্ৰতিটো কোণ। বৃ্হস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কুচ্ছত বি এছ এফৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। দীপাৱলীৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে নিজ পৰম্পৰা অক্ষুণ্ণ ৰাখি সেনা জোৱানসকলৰ সৈতে কটায় ক্ষণ। ইফালে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি শ্ৰমিক আৰু দীপাৱলীৰ বাবে মাটিৰ চাকি নিৰ্মাণ কৰা লোকসকলৰ সৈতে সময় কটায়।
এই সময়ছোৱাত ৰাহুল গান্ধীয়ে শ্ৰমিকসকলৰ সমস্যাৰ বিষয়ে সোধা-পোছা কৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয়। দিল্লীৰ ‘১০ জনপথ’ত কৰ্মৰত একাংশ ৰঙৰ মিস্ত্ৰীৰ সৈতে ৰাহুল গান্ধীকো হাতত সা-সঁজুলি লৈ বেৰত ৰং কৰি থকা দেখিবলৈ পোৱা যায়। আনহাতে দেৱালীৰ বাবে মাটিৰ চাকি নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে চাকি নিৰ্মাণ কৰাও দেখিবলৈ পোৱা গ’ল ৰাহুল গান্ধীক।
দীপাৱলী উপলক্ষে ৰাহুল গান্ধীয়ে সামাজিক মাধ্যম যোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীৰ পুত্ৰ ৰেহানকো দেখা গৈছে। ভিডিঅ’টোত শ্ৰমিকৰ সমস্যা সন্দৰ্ভত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পুত্ৰ ৰেহানৰ মাজত দীঘলীয়া কথা-বতৰা হোৱা পৰিলক্ষিত হৈছে। এই বাৰ্তালাপৰ সময়ত ৰাহুল গান্ধীয়ে ‘যিসকল লোকে কাম কৰি আছে তেওঁলোকক সন্মান কৰা নহয়’ বুলি উল্লেখ কৰে।
সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’টোত ৰাহুল গান্ধীয়ে ‘যিসকলৰ কঠোৰ পৰিশ্ৰমে ভাৰতক আলোকিত কৰিছে তেওঁলোকৰ সৈতে এখন দীপাৱলী’ বুলি কেপচন দিয়ে। কংগ্ৰ্ছ নেতাগৰাকীয়ে কয় যে সাধাৰণতে দীপাৱলীৰ সময়ত উৎসৱটি উজ্জ্বল কৰি তোলাসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি মানুহে গুৰুত্ব নিদিয়ে।
एक दिवाली उनके साथ, जिनकी मेहनत से रौशन है भारत! pic.twitter.com/bfmmrjZD2S
— Rahul Gandhi (@RahulGandhi) November 1, 2024
এই পৰিশ্ৰমী লোকসকলৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাবলৈ দেশবাসীলৈ আহ্বান জনায় ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সাক্ষাতৰ সময়ত শ্ৰমিকসকলে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে, সেই সম্পৰ্কে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰে। এই লোকসকলক সাক্ষাৎ কৰা, তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰা আৰু তেওঁলোকৰ সমস্যাসমূহ জনাটো অতি প্ৰয়োজনীয় বুলি গান্ধীয়ে লগতে কয়।
ইফালে দিল্লীৰ ১০ জনপথত থকা চৰকাৰী বাংলোটোৰ বিষয়ে উল্লেখ কৰি ৰাহুল গান্ধীয়ে এই ঘৰখনৰ প্ৰতি তেওঁৰ বিশেষ মোহ নাই বুলি মন্তব্য কৰে। এই ঘৰতে পিতৃৰ মৃত্যু হৈছিল বুলি সোঁৱৰে কংগ্ৰেছ নেতাজনে। উল্লেখ্য যে ৰাহুল গান্ধীৰ মাতৃ ছোনিয়া গান্ধী বহু বছৰ ধৰি এই বাংলোত বাস কৰি আহিছে। ভিডিঅ’টোৰ শেষত ৰাহুল আৰু ৰেহানে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনায়।