ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য ! ৰাহুল গান্ধীক চমন আদালতৰ…
ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি কৰিছে লক্ষ্ণৌৰ এমপি এমএলএ আদালতে । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ সন্দৰ্ভত লক্ষ্ণৌৰ এখন আদালতে এই চমন প্ৰেৰণ কৰিছে।

লোকসভাৰ বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি কৰিছে লক্ষ্ণৌৰ এমপি এমএলএ আদালতে । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ সন্দৰ্ভত লক্ষ্ণৌৰ এখন আদালতে এই চমন প্ৰেৰণ কৰিছে। এমপি এমএলএ আদালতে এই চমনৰ জৰিয়তে ৰাহুল গান্ধীক অহা ২৪ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।
পিটিআইয়ে প্ৰকাশ প্ৰতিবেদন অনুসৰি, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰত জোড়ো যাত্ৰাৰ সময়ত সেনাৰ বিৰুদ্ধে কৰা কথিত অপমানজনক মন্তব্যক লৈ চমন জাৰি কৰিছে আদালতে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আলোক ভাৰ্মাই এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন হিচাপে ২৪ মাৰ্চ নিৰ্ধাৰণ কৰে। এই দিনটোত আদালতত উপস্থিত থাকিব লাগিব ৰাহুল গান্ধী ।
ইয়াৰ পূৰ্বে সীমান্ত পথ সংস্থাৰ প্ৰাক্তন সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱৰ হৈ অধিবক্তা বিবেক তিৱাৰীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দাখিল কৰিছিল। অধিবক্তাগৰাকীৰ মতে, ২০২২ চনৰ ১৬ ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত গান্ধীয়ে এই কথিত অপমানজনক মন্তব্য কৰিছিল। একাংশ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ ২০২২ চনৰ ৯ ডিচেম্বৰত হোৱা ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘৰ্ষৰ ওপৰত আপত্তিজনক মন্তব্য কৰে।
অভিযোগকাৰীয়ে গান্ধীৰ বক্তব্যক অপমানজনক আৰু ভাৰতীয় সেনাক বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে বুলি জানিবলৈ দিয়ে অধিবক্তাগৰাকীয়ে ।
ইফালে, উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ বিশেষ আদালতত কালি ৰাহুল গান্ধীৰ বিৰুদ্ধে আন এক মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। ২০১৮ চনৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৪ ফেব্ৰুৱাৰীত হ’ব। সেইদিনা ন্যায়াধীশে অভিযোগকাৰীক প্ৰাসংগিক প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।