বিৰোধীৰ নেতা ৰাহুলে ভৱিষ্যতে দেশকো নেতৃত্ব দিব! আশাবাদী পাইলট
কংগ্ৰেছৰ আগশাৰীৰ নেতা তথা সাধাৰণ সম্পাদক শচীন পাইলটে দলীয় সতীৰ্থ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক লৈ আশা প্ৰকাশ কৰিছে। শচীন পাইলটৰ মন্তব্য, তেওঁ ৰাহুল গান্ধীক এনে এজন নেতা হিচাপে দেখে যি ভৱিষ্যতে দেশক নেতৃত্ব দিব।
গত লোকসভা নিৰ্বাচনত চৰকাৰ গঠনৰ পথ মুকলি কৰিব নোৱাৰিলেও পূৰ্বৰ দুবাৰ নিৰ্বাচনতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হয় কংগ্ৰেছে। মুঠ ৯৯ খন আসন দখলেৰে কংগ্ৰেছ লোকসভাৰ দ্বিতীয় সৰ্ববৃ্হৎ দল হিচাপে পৰিগণিত হয়। বিগত দুবাৰৰ নিৰ্বাচনতকৈ এইবাৰ উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ পিছত যেন মনোবল বৃদ্ধি পাইছে কংগ্ৰেছ নেতা কৰ্মীসকলৰ। দলৰ এই উন্নত ফলৰ বাবে বহু নেতা কৰ্মীয়ে মুকলিকৈয়ে ৰাহুল গান্ধীক কৃতিত্ব দিয়া পৰিলক্ষিত হৈছিল। ইফালে ফলাফলৰ পিছতে লোকসভাত বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব পালন কৰি আহিছে ৰাহুল গান্ধীয়ে।
বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে লোকসভাত সোচ্চাৰ হোৱাও পৰিলক্ষিত হৈছে। এই প্ৰসঙ্গতে দলটো এগৰাকী আগশাৰীৰ নেতা তথা সাধাৰণ সম্পাদক শচীন পাইলটে কৰিছে এক বিশেষ মন্তব্য। লোকসভাত বিৰোধী দলৰ নেতা তথা দলীয় সতীৰ্থ ৰাহুল গান্ধীক লৈ আশা প্ৰকাশ কৰিছে পাইলটে। কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য, তেওঁ ৰাহুল গান্ধীক এনে এজন নেতা হিচাপে দেখে, যি ভৱিষ্যতে দেশক নেতৃত্ব দিব।
যেতিয়া পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব তেতিয়া ৰাহুল গান্ধীৰ সৈতে সমগ্ৰ বিৰোধীয়ে ঐক্যবদ্ধভাৱে থিয় দিব বুলিও আশা প্ৰকাশ কৰে শচীন পাইলটে। তেওঁ লগতে কয় যে লোকসভাত বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ লোকসভাৰ প্ৰতিটো বিষয়তে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে আৰু বহু সময়ত ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ চৰকাৰৰ হাতত নাথাকে।
লোকসভাত বিৰোধীৰ নেতা এক সাংবিধানিক পদ আৰু তেওঁৰ বহু দায়িত্ব আছে বুলি উল্লেখ কৰি শচীন পাইলটে লগতে লোকসভাত ৰাজহুৱা বিষয় উত্থাপন কৰাত ৰাহুল গান্ধীয়ে অতি সৰৱ হৈ পৰিছে আৰু এনে ক্ষেত্ৰত চৰকাৰ বেকফুটত পৰে বুলি দাবী কৰে। এনে বহু সিদ্ধান্তৰ ক্ষেত্ৰত চৰকাৰে ইউ টাৰ্ণ ল’বলৈ বাধ্য হৈছে বুলিও দাবী কৰে পাইলটে।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে লোকসভা নিৰ্বাচনৰ পিছত কেন্দ্ৰীয় চৰকাৰে বহু সিদ্ধান্তৰ ওপৰত ইউ টাৰ্ণ ল’বলৈ বাধ্য হৈছিল। লেটাৰেল এণ্ট্ৰীৰ বিষয়তে হওক বা ৱাকফ ব’ৰ্ড বিলৰ ক্ষেত্ৰতে হওক, এই সকলো বিষয়ৰ ওপৰত বিজেপিয়ে নিজৰ সিদ্ধান্ত পুনৰ ল’বলগীয়া হৈছিল বুলি দাবী কৰি শচীন পাইলটে লগতে যোৱা ১০ বছৰৰ কাৰ্যকালৰ পিছত বিজেপি চৰকাৰ অহংকাৰী হৈ পৰিছিল বুলিও অভিযোগ কৰে।
কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনৰ পিছত জনসাধাৰণে বিজেপিক এক বৃহৎ বাৰ্তা দিছে আৰু সেয়ে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো এক বৃহৎ পৰিৱৰ্তন হৈছে বুলি দাবী কৰে পাইলটে। তেওঁ লগতে বৰ্তমানৰ চৰকাৰতকৈ বিৰোধীৰ ওপৰত মানুহৰ আস্থা বেছি বুলিও দৃঢ়তাৰে কয়। ইফালে হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত কংগ্ৰেছে জয় লাভ কৰিব বুলিও দাবী কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।
এই ৰাজ্যত জয়েৰে চৰকাৰ গঠন কৰাৰ পিছত পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন দুখন ৰাজ্য মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ইণ্ডিয়া মিত্ৰজোঁট শক্তিশালী অৱস্থাত আছে বুলিও দৃঢ় মন্তব্য কৰে শচীন পাইলটৰ। অৱশ্যে কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্য কিমান দূৰ বাস্তৱায়িত হয়, সেয়া অনাগত সময়তহে পৰিলক্ষিত হ’ব।