মাত্ৰ ৪৫ দিনত ১৭ হাজাৰ ৰে’ল চলাচল! ৰে’লমন্ত্ৰীয়ে দিলে ৰে’লৱেৰ সফলতাৰ খতিয়ান
মহাকুম্ভলৈ ভক্তৰ যাত্ৰাৰ সুবিধাৰ বাবে ভাৰতীয় ৰে’লৱেই এই সময়ছোৱাত বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল। মহাকুম্ভৰ সময়ত ৪.৫ৰ পৰা ৫ কোটি লোকে ৰে’লযোগে প্ৰয়াগৰাজলৈ যাত্ৰা কৰিছিল। এইক্ষেত্ৰত ৰে’লৱেৰ সফলতাৰ খতিয়ান এতিয়া দাঙি ধৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অন্ত পৰিল মহাকুম্ভৰ। দেশৰ বিভিন্ন প্ৰান্তৰ কেইবালাখ তীৰ্থযাত্ৰীয়ে বিগত এই ৪৫ দিনত মহাকুম্ভ উপলক্ষে সমাগম ঘটালে প্ৰয়াগৰাজত। ত্ৰিবেণী সংগমত স্নানেৰে মনোকামনা পূৰণৰ অৰ্থে প্ৰাৰ্থনা জনালে লাখ লাখ ভক্তই। ভক্তৰ বিপুল সমাগমৰ ছবি বিগত দিনকেইটাত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছে। মহাকুম্ভলৈ ভক্তৰ যাত্ৰাৰ সুবিধাৰ বাবে ভাৰতীয় ৰে’লৱেই এই সময়ছোৱাত বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছিল। এইক্ষেত্ৰত ৰে’লৱেৰ সফলতাৰ খতিয়ান এতিয়া দাঙি ধৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে মহাকুম্ভৰ সময়ত ৪.৫ৰ পৰা ৫ কোটি লোকে ৰে’লযোগে প্ৰয়াগৰাজলৈ যাত্ৰা কৰিছিল। এই ৪৫ দিনত ৰে’লৱেই মুঠ ১৭ হাজাৰ ৰে’ল চলাচল কৰাইছিল। মহাকুম্ভ অনুষ্ঠানৰ বাবে দীৰ্ঘম্যাদী প্ৰস্তুতি কৰা হৈছিল বুলি উল্লেখ কৰি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে এয়া ৰে’লৱেৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰে।
অশ্বিনী বৈষ্ণৱে লগতে এনে পদক্ষেপ কিদৰে সফল কৰি তোলা সম্ভৱ হ’ল, সেই বিষয়েও বাখ্যা দাঙি ধৰে। শেহতীয়াকৈ প্ৰয়াগৰাজ ভ্ৰমণ কৰি ৰে’ল মন্ত্ৰীগৰাকীয়ে সকলো বিভাগৰ মাজত সঠিক সংযোগ স্থাপনৰ বাবে উচ্চ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰা মতে, মহাকুম্ভৰ বাবে প্ৰথমে ১৩ হাজাৰ ৰে’ল চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত ১৬ হাজাৰ ৰে’ল চলাচল কৰা হয়।
তীৰ্থযাত্ৰীসকলে যাতে যাত্ৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছিল বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে কয়। অশ্বিনী বৈষ্ণৱে জানিবলৈ দিয়া মতে এই বৃ্হৎ পদক্ষেপৰ বাবে তিনি বছৰ ধৰি চলোৱা হৈছিল প্ৰস্তুতি, লগতে গঢ়ি তোলা হৈছিল সঠিক। এনে প্ৰস্তুতিৰ ফলতে কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ ৰে’লসমূহৰ চলাচল সম্ভৱ হৈছিল বুলিও ৰে’ল মন্ত্ৰী বৈষ্ণৱে উল্লেখ কৰে।
এনে ব্যাপক পদক্ষেপৰ বাবে ৰে’লৱেত ৫,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে। তেওঁ সদৰী কৰা তথ্য মতে এই ৰে’লসমূহৰ চলাচলৰ বাবে ৯টা ডাঙৰ ষ্টেচনত মুঠ ৪৮টা প্লেটফৰ্ম আৰু ২১টা ফুট-অভাৰব্ৰিজ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উপৰিও ১১৮৬ টা নতুন চিচিটিভি স্থাপন কৰাৰ লগতে টিকট কাউণ্টাৰ বৃদ্ধি কৰা হৈছিল। ইয়াৰোপৰি ভিৰ নিয়ন্ত্ৰণৰ বাবে ড্ৰোনৰো ব্যৱহাৰ কৰা হৈছিল। এইদৰেই ৰে’লৱেই সফলতাৰে ৰূপায়ন কৰিছিল মহাকুম্ভৰ পৰিকল্পনা।