মৰ্মান্তিক! ২ ঘণ্টা ধৰি ৰে’লৰ ইঞ্জিন আৰু ডবাৰ চেপাত আৱদ্ধ হৈ থাকিল ৰে’লকৰ্মীৰ মৃতদেহ, চালকৰ পলায়ন

বাৰাউনি জংচনত ৰে'লৰ ইঞ্জিন আৰু অন্তিমটো ডবাৰ চেপাত এজন ৰে'ল কৰ্মচাৰীৰ মৃত্যু হয়। ৰে'লকৰ্মীজনে কাপলিং (Coupling) খুলি আছিল। ল'কো পাইলটজনৰ অসাৱধানতাৰ বাবে এই ঘটনা সংঘটিত হয় আৰু ঘটনাস্থলীতে ৰে'লকৰ্মীজনৰ মৃত্যু হয়।

মৰ্মান্তিক! ২ ঘণ্টা ধৰি ৰেলৰ ইঞ্জিন আৰু ডবাৰ চেপাত আৱদ্ধ হৈ থাকিল ৰেলকৰ্মীৰ মৃতদেহ, চালকৰ পলায়ন

ৰে'লৰ ইঞ্জিন আৰু ডবাৰ চেপাত ৰে'ল কৰ্মচাৰীৰ মৃত্যু

Updated On: 

10 Nov 2024 12:50 PM

বিহাৰৰ বেগুচৰাই জিলাৰ বাৰাউনি জংচনৰ সংঘটিত হৈছে এক বেদনাদায়ক দুৰ্ঘটনা। য’ত ৰে’লৰ ইঞ্জিন আৰু ডবাৰ চেপাত এজন ৰে’ল কৰ্মচাৰীৰ মৃত্যু হয়। ঘটনাটোৰ পিছত পোহৰলৈ আহিছে এটা ভিডিঅ’। য’ত এজন ৰে’লকৰ্মীগৰাকীক ইঞ্জিন আৰু বগীৰ মাজত অন্তিমটো ডবাৰ মাজত আৱদ্ধ হৈ থকা দেখা গৈছে। ঘটনাটোৰ পিছৰে পৰা ভুক্তভোগীৰ পৰিয়ালটো শোকহত হৈ পৰিছে। খবৰ অনুসৰি ঘটনাটো দেওবাৰে পুৱা ৮ বজাৰ।

এই ঘটনাটো বাৰাউনি জংচনৰ পাঁচ নম্বৰ প্লেটফৰ্মত সংঘটিত হৈছে। লক্ষ্ণৌ-বাৰাউনি এক্সপ্ৰেছ ৰে’লখনৰ ইঞ্জিন আৰু ডবাৰ মাজত পিষ্ট হৈ ব্যক্তিজনৰ মৃত্যু হয়। মৃত ব্যক্তিজনক বাৰাউনি কলনিৰ বাসিন্দা অমৰ কুমাৰ (৪০) বুলি চিনাক্ত কৰা হৈছে। কোৱা হৈছে যে দেউতাকৰ মৃত্যুৰ পিছত অমৰ কুমাৰে এই চাকৰিটো পাইছিল। পাঁচ বছৰ আগতে মৃত্যু হৈছিল অমৰৰ দেউতাৰ । তাৰ পিছতহে অমৰে এই চাকৰি পাইছিল।

ঘটনাটো খবৰ পোৱাৰ লগে লগে, অমৰৰ পৰিয়ালৰ সদস্যসকলে খৰখেদাকৈ ঘটনাস্থলীত উপস্থিত হৈ শোকস্তব্ধ হৈ পৰে। পৰিয়ালটোৱে কয় যে, পুত্ৰক হত্যা কৰাৰ পিছত, অভিযুক্ত ল’কো পাইলটজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জানিব পৰা মতে দেওবাৰে ৰাতিপুৱা ৰে’লখন বাৰাউনি জংচনলৈ আহিছিল। তাৰ পাছত মৃত অমৰে ৰে’লৰ ইঞ্জিন আৰু ডবাৰ মাজৰ কাপলিং (Coupling) খুলিবলৈ গৈছিল। সেই সময়ত ল’কো পাইলটজনৰ অসাৱধানতাৰ বাবে অমৰ ইঞ্জিন আৰু ডবাৰ মাজত আবদ্ধ হৈ পৰে। তাৰ পাছতে ঘটনাস্থলীতে মৃত্যু হয় অমৰৰ।

ইঞ্জিন আৰু ডবাৰ মাজত কাপলিং খোলাৰ সময়ত ল’কো পাইলটজনে ইঞ্জিনটো আগলৈ নিয়াৰ সলনি পিছুৱাই দিছিল। তাৰ ফলতে অমৰ ইঞ্জিন আৰু ডবাৰ মাজত আবদ্ধ হৈ পৰে। ঘটনাটোৰ ঠিক পিছতে, প্লেটফৰ্মত থিয় হৈ থকা লোকো পাইলটজনক বিষয়টো সম্পৰ্কে অৱগত কৰে। তাৰ পিছত ল’কো পাইলটজন ঘটনাস্থলীৰ পৰা পলাই যায়। ইয়াৰ ফলত মৃত অমৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি জিআৰপি আৰু আৰ পি এফ আৰক্ষীকে ধৰি কেইবাজনো বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় দুঘণ্টাৰ পিছত মৃতদেহটো তাৰ পৰা উলিয়াই আনে।

ইফালে ৰে’লৱেই এই গোটেই বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে। এজন ৰে’ল বিষয়াই উল্লেখ কৰে যে অমৰ কুমাৰে এবছৰ আগতে চাকৰি পাইছিল। ১২ ডিচেম্বৰত অমৰৰ বিয়াৰ দিন ঠিক হৈছিল।

 

ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..
কলি যুগ শেষ হ'বলৈ আৰু কিমান বছৰ বাকী আছে?