গা ধুই থকা ভিডিঅ’ বনাই কিশোৰীক ব্লেকমেইলিং ! মান্তি নোহোৱাত পৰিয়ালক আক্ৰমণ ২০ জন দুৰ্বৃত্তৰ
পৰিয়ালৰ লোকে জনোৱা মতে, গাঁৱৰে একাংশ উদণ্ড প্ৰকৃতিৰ যুৱকে তেওঁলোকৰ কন্যাই গা ধুই থকা ভিডিঅ’ বনাইছিল। ইয়াৰ পাছতে কিশোৰী গৰাকীক সেই যুৱকৰ দলটোৱে ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে । উল্লেখ্য যে, ছোৱালীজনীৰ লগত সেই যুৱক কেইজনে তথা দুৰ্বৃত্তৰ দলটোৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে ।
মানৱ সমাজক লজ্জিত কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰথমে দুৰ্বৃত্তৰ এটা দলে ২৩ বছৰীয়া কিশোৰীৰ গা ধুই থকা ভিডিঅ’ বনাইছিল। তাৰ পিছত তেওঁলোকে কিশোৰী গৰাকী শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে। এইলৈ কিশোৰী গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে । কিশোৰী গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাক লৈ অস্থিৰ হৈ পৰে দুৰ্বৃত্তৰ দলটো । ইয়াৰ পাছত হঠাৎ এদিন ২০ জনতকৈ অধিক যুৱকৰ এটা দল ভুক্তভোগীৰ ঘৰলৈ আহে আৰু কিশোৰী গৰাকীৰ লগতে তেওঁ পৰিয়ালটোক মাৰপিট কৰে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰত ।
২০ জনতকৈ অধিক যুৱক থকা এই দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত কিশোৰী গৰাকীৰ লগতে তেওঁ পৰিয়ালৰ কেইবাজনো সদস্য গুৰুতৰভাৱে আহত হয় । সংকটজনক অৱস্থাত কিশোৰী গৰাকীক আলৱাৰৰ ৰাজীৱ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পৰিয়ালৰ লোকে জনোৱা মতে, গাঁৱৰে একাংশ উদণ্ড প্ৰকৃতিৰ যুৱকে তেওঁলোকৰ কন্যাই গা ধুই থকা ভিডিঅ’ বনাইছিল। ইয়াৰ পাছতে কিশোৰী গৰাকীক সেই যুৱকৰ দলটোৱে ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে । উল্লেখ্য যে, ছোৱালীজনীৰ লগত সেই যুৱক কেইজনে তথা দুৰ্বৃত্তৰ দলটোৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইফালে অভিযোগ অনুসৰি, কিশোৰী গৰাকীক দুৰ্বৃত্তৰ দলটোৱে মুকলিকৈ নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। ৰাস্তাত খোজ কাঢ়ি গৈ থাকোতেও তেওঁলোকে কিশোৰী গৰাকীক জোকাইছিল। উদণ্ড প্ৰকৃতিৰ যুৱকৰ এই কাণ্ডত অতিষ্ঠ হৈ ভুক্তভোগীয়ে পৰিয়ালক এই বিষয়ে অৱগত কৰে। ইয়াৰ পাছতে কিশোৰী গৰাকী আৰু তেওঁৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।
এজাহাৰ দাখিল কৰাৰ পাছতে ভুক্তভোগী পৰিয়ালক ভাবুকি দিবলৈ আৰম্ভ কৰে দুৰ্বৃত্তৰ দলটোৱে। আনকি যুৱক কেইজনে পৰিয়ালটোক গোচৰ উঠাই লবলৈ হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন হৈছে । যেতিয়া ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া ২০ জনতকৈ অধিক যুৱকৰ এটা দলে ভুক্তভোগী পৰিয়ালটোৰ ঘৰত আক্ৰমণ সংঘটিত কৰে বুলি অভিযোগ উত্থাপন হৈছে । এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে ।