PM Narendra Modi: এফালে ৰামলালাৰ সূৰ্য তিলক, আনফালে প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে ৰাম সেতুৰ আচৰিত ভিডিঅ’!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ সামৰণি পৰে। তেওঁৰ এই ভ্ৰমণৰ সময়ত ৭টা চুক্তিত উপনীত হয়। শ্ৰীলংকাৰ পৰা উভতি অহাৰ সময়ত তেওঁ ৰাম সেতুৰ ওচৰলৈ গৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। তেওঁ লিখিছে, শ্ৰীলংকাৰ পৰা উভতি আহোঁতে তেওঁৰ আকাশৰ পৰা ৰাম সেতুৰ এক ঐশ্বৰিক দৃশ্য দেখা পাইছে।

PM Narendra Modi: এফালে ৰামলালাৰ সূৰ্য তিলক, আনফালে প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে ৰাম সেতুৰ আচৰিত ভিডিঅ!

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে ৰাম সেতুৰ এটা আচৰিত ভিডিঅ'

Updated On: 

06 Apr 2025 15:05 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্ত পৰিল। আজি (৬ এপ্ৰিল) তেওঁ ১২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ আৰু আধুনিক সংকেত ব্যৱস্থাৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ পুনৰ ভাৰতলৈ ৰাওনা হয়। ভাৰতলৈ উভতি অহাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, য’ত তেওঁ ৰাম সেতুৰ বিষয়ে লিখিছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে তামিলনাডুৰ ৰামেশ্বৰমত উপস্থিত হৈ পাম্বন দলং উদ্বোধন কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (x) পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, আজি ৰাম নৱমীৰ শুভ দিন উপলক্ষে শ্ৰীলংকাৰ পৰা উভতি অহাৰ সময়ত আকাশৰ পৰা ৰাম সেতুৰ ঐশ্বৰিক দৃশ্য দেখা পাও। ঐশ্বৰিক সংযোগ.. ৰাম সেতু দৰ্শনৰ সময়তে অযোধ্যাত ৰামলালাৰ সূৰ্য তিলকো দেখাৰ সৌভাগ্য হয়। মোৰ প্ৰাৰ্থনা যে ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকক।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত ৭ টা চুক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানয়ৰ মাজত দীঘলীয়া কথা-বতৰা সম্পন্ন হয়। এই সময়ছোৱাত দুয়োৰে মাজত ৭খন চুক্তিত সহমতত উপনীত হয়, য’ত প্ৰতিৰক্ষা সহযোগিতা, শক্তি খণ্ড, স্বাস্থ্য আৰু চিকিৎসা, ফাৰ্মাকোপিয়া সহযোগিতা, ডিজিটেল ৰূপান্তৰ, পূব প্ৰদেশৰ বাবে অৰ্থনৈতিক পেকেজ, ডিজিটেল ৰূপান্তৰৰ লগতে মাছমৰীয়াৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ পিছত শ্ৰীলংকাই ১৪জন মাছমৰীয়াকো মুকলি কৰি দিছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত আলোচনা সফল হোৱাৰ ইংগিত পোৱা যায়।

 

ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...
IPL ৰ পৰা ধোনীয়ে বৰ্তমানলৈ কিমাট টকা আয় কৰিলে? শুনিলে হ'ব আচৰিত...
ভগৱানক কাটি ফল-মূল আগবঢ়াব লাগে নে নালাগে? কি কয় প্ৰেমানন্দ মহাৰাজে