Parade of Planets: আজি সন্ধিয়া মহাকাশত এক বিৰল পৰিঘটনা, দেখা পাব এটা শাৰীতে ৬টা গ্ৰহ ! সবিশেষ জানক

আজি নিশা ভাৰতৰ আকাশাত ৬ টাকৈ গ্ৰহক একেটা শাৰীতে দেখা পোৱা যাব । প্ৰকাশিত তথ্য অনুসৰি, মহাকাশৰ এই ৬ টা গ্ৰহৰ এই পেৰেড ৩ ঘণ্টা ধৰি চলিব বুলি কোৱা হৈছে । সূৰ্যাস্তৰ ৪৫ মিনিট পিছতে এই মহাজাগতিক পৰিঘটনাৰ সাক্ষী হব ভাৰতবাসী ।

Parade of Planets: আজি সন্ধিয়া মহাকাশত এক বিৰল পৰিঘটনা, দেখা পাব এটা শাৰীতে ৬টা গ্ৰহ ! সবিশেষ জানক

এক বিৰল মহাজগতিক ঘটনাৰ সাক্ষী হব বিশ্ববাসী

Published: 

25 Jan 2025 14:51 PM

শনিবাৰে নিশা এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী । আজি নিশা ভাৰতৰ আকাশাত ৬ টাকৈ গ্ৰহক একেটা শাৰীতে দেখা পোৱা যাব । প্ৰকাশিত তথ্য অনুসৰি, মহাকাশৰ এই ৬ টা গ্ৰহৰ এই পেৰেড ৩ ঘণ্টা ধৰি চলিব বুলি কোৱা হৈছে । সূৰ্যাস্তৰ ৪৫ মিনিট পিছতে এই মহাজাগতিক পৰিঘটনাৰ সাক্ষী হব ভাৰতবাসী । ইয়াক গ্ৰহৰ প্ৰান্তিককৰণ বোলা হয়। জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে গ্ৰহৰ এই পেৰেড ৩ ঘণ্টা ধৰি চলিব।

পিছে এই পৰিঘটনা কেনেদৰে প্ৰত্যক্ষ কৰিব পাৰিব ? আজি নিশা কোন কেইটা গ্ৰহক একেটা শাৰীতে দেখা পাব ? এইলৈ সকলোৰে মাজত চৰ্চা আৰম্ভ হৈছে । তথ্য অনুসৰি,মংগল-বৃহস্পতি-শুক্ৰ-শনি-ইউৰেনাছ-নেপচুনক আজি একেটা শাৰীতে দেখা পোৱা যাব । কিন্তু ইউৰেনাছ-নেপচুন চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হ’ব।

এই খবৰ প্ৰকাশ পোৱাৰ পাছতে প্ৰত্য়োক জন লোকেই এই পৰিঘটনা প্ৰত্যক্ষ কৰিবলৈ অধিক আগ্ৰহেৰে বাট চাই আছে । এইলৈ সামাজিক মাধ্যমটো আৰম্ভ হৈছে ব্যাপক চৰ্চা । কেতিয়া দেখা পাব এই বিৰল মহাজাগতিক পৰিঘটনা?

জ্যোতিৰ্বিজ্ঞানী দেৱীপ্ৰসাদ দুৱাৰীয়ে কয় যে, সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা ৭.৩০ বজাৰত দেখা পাব এই পৰিঘটনা । তেওঁ জানিবলৈ দিয়ে যে,প্ৰায় ৭:৩০ বজাত সন্ধিয়াৰ আকাশত শনি গ্ৰহক দেখা পোৱা যাব । ইয়াৰ ঠিক ওপৰত দক্ষিণ-পশ্চিম দিশত শুক্ৰ গ্ৰহ থাকিব। তেওঁ উল্লেখ কৰা অনুসৰি শুক্ৰ গ্ৰহটো যথেষ্ট উজ্জ্বল দেখা যাব ।

একে সময়তে বৃহস্পতিও দেখা যাব। দেৱীপ্ৰসাদ জানিবলৈ দিয়ে যে, “একে সময়তে প্ৰায় মূৰৰ ওপৰত থাকিব বৃহস্পতি গ্ৰহ ।” মংগল গ্ৰহ কিছু পৰিমাণে পূব দিশত থাকিব। গতিকে এই গ্ৰহবোৰ পশ্চিমৰ পৰা পূবলৈ এডাল ৰেখাতে দেখা পোৱা যাব । খালী চকুৰেও প্ৰত্যক্ষ কৰিব পাৰি এই গ্ৰহ কেইটা ।

এই লাইনত আৰু দুটা গ্ৰহ ইউৰেনাছ-নেপচুন থাকিব । কিন্তু এই দুয়োটা গ্ৰহ খালী চকুৰে দেখা পোৱা নাযায়। শুক্ৰৰ ওচৰত ইউৰেনাছ-নেপচুন থাকিব বুলি জানিব পৰা গৈছে ।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ