মানৱ সমাজক দি গ'ল 'সৰলতাৰ' এক উৎকৃষ্ট উদাহৰণ! ক'ত, কিদৰে জীৱনৰ অন্তিম সময় পাৰ কৰিছিল ৰতন টাটাই? | rata tata death know about full journey Assam news - Assam Tv9

মানৱ সমাজক দি গ’ল ‘সৰলতাৰ’ এক উৎকৃষ্ট উদাহৰণ! ক’ত, কিদৰে জীৱনৰ অন্তিম সময় পাৰ কৰিছিল ৰতন টাটাই?

টাটা গোটৰ চেয়াৰমেন ৰতন টাটা আজি আমাৰ মাজত নাই। তেওঁ মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। গোটেই জীৱনজুৰি তেওঁ কোটি কোটি টকাৰ ব্যৱসায় পৰিচালনা কৰিছিল। কিন্তু শেষলৈকে তেওঁ সৰলতাৰ এক উদাহৰণ হৈ আছিল। এই আভাস তেওঁৰ জীৱনৰ শেষলৈকে পোৱা গৈছে।

মানৱ সমাজক দি গল সৰলতাৰ এক উৎকৃষ্ট উদাহৰণ! কত, কিদৰে জীৱনৰ অন্তিম সময় পাৰ কৰিছিল ৰতন টাটাই?

ক'ত, কিদৰে জীৱনৰ অন্তিম সময় পাৰ কৰিছিল ৰতন টাটাই?

Published: 

10 Oct 2024 06:21 AM

ৰতন টাটা… তেওঁ মৃত্যুৰ দিনটো সদায় এই নামেৰে স্মৰণীয় হৈ থাকিব। কিয়নো কোটি কোটি টকাৰ ব্যৱসায়িক সাম্ৰাজ্য চম্ভালি থকা এই ব্যক্তিজনে বুধবাৰে নিশা সকলোকে বিদায় জনাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছে। ৰতন টাটাৰ সমগ্ৰ জীৱনটো ‘সৰলতাৰ’ এক উৎকৃষ্ট উদাহৰণ। যদি আপুনি তেওঁৰ জীৱনলৈ লক্ষ্য কৰে, তেন্তে আপুনি এনে বহুতো উদাহৰণ পাব, যিবোৰ ‘ৰামায়ণ’ত ৰজা জনকৰ চৰিত্ৰত দেখা পোৱা গৈছিল।

ৰতন টাটাৰ কোম্পানী টাটা মটৰ্ছে পৃথিৱীৰ আটাইতকৈ বিলাসী গাড়ী ‘জাগুয়াৰ’ আৰু ‘লেণ্ড ৰোভাৰ’ নিৰ্মাণ কৰে। তেওঁৰ ইমান সম্পত্তি আছে যে তেওঁ পৃথিৱীৰ যিকোনো বাহন কিনিব পাৰে। কিন্তু তেওঁৰ অন্তিম সময়তো, আপুনি তেওঁক হয়তো ‘নেনো’ত ভ্ৰমণ কৰা দেখিছে।

তেওঁৰ সৰলতাক ইয়াৰ বাবেও প্ৰশংসা কৰা হয় যে যেতিয়া তেওঁৰ মৃত্যুৰ কেইদিনমান আগতে তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। মানুহে তেওঁৰ মৃত্যুৰ বিষয়ে অনুমান কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ নিজেই তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ যোগেদি এই কথা ইয়াক অস্বীকাৰ কৰিছিল। ইয়াক লৈ কোনো হুলস্থূল হোৱা নাছিল।

প্ৰায় ৩ দশক ধৰি টাটা গোটক নেতৃত্ব দিয়া ৰতন টাটাই তেওঁৰ জীৱনৰ শেষ মুহূৰ্তবোৰ ‘বখতাৱাৰ’ নামৰ এটা ঘৰত অতিবাহিত কৰিছিল। এই ঘৰটো দেখিলে আপুনি জানিব যে তাত সমৃদ্ধিৰ কোনো মোহৰ নাই। ধনৰ প্ৰদৰ্শন নাই।আছে মাথো আজিৰ পৃথিৱীত নতুন শব্দ ‘মিনিমালিষ্ট’ৰ ছাপৰ লগতে ‘শান্তি আৰু সৰলতা’ৰ অভিজ্ঞতা।

ৰতন টাটাৰ এই ঘৰটো মুম্বাইৰ কোলাবা অঞ্চলত আছে। যাৰ নাম হৈছে ‘বখতাৱাৰ’, যাৰ অৰ্থ হৈছে ‘সৌভাগ্য কঢ়িয়াই অনা’। এই কথাষাৰ ৰতন টাটাৰ জীৱনৰ ক্ষেত্ৰতো প্ৰযোজ্য। টাটা গোটৰ শীৰ্ষত তেওঁ বহুতো সিদ্ধান্ত লৈছিল যিয়ে সমগ্ৰ গোটটোলৈ ‘সৌভাগ্য’ কঢ়িয়াই আনিছিল। ইয়াৰ ভিতৰত আছে লণ্ডনস্থিত ষ্টীল কোম্পানী ‘কোৰাছ’ আৰু চাহ কোম্পানী ‘টেটলী’ৰ অধিগ্ৰহণ।

ৰতন টাটাৰ ঘৰ ‘বখতাৱাৰ’ য’ত তেওঁ তেওঁৰ শেষ মুহূৰ্তবোৰ অতিবাহিত কৰিছিল তাত স্পষ্ট ছাপ পৰিলক্ষিত হয়। এই ঘৰটো এটা সাগৰমুখী (Sea Facing) সম্পত্তি। যি কোলাবা ডাকঘৰৰ ঠিক বিপৰীত দিশত আছে। ই ১৩,৩৫০ বৰ্গফুট এলেকা আৱৰি আছে। এই বাংলোটোত মাত্ৰ ৩টা মহলা আছে। লগতে ১০-১৫খন কাৰৰ বাবে পাৰ্কিং স্থান আছে।

এই ঘৰটো অতি সৰল আৰু মিনিমালিষ্টিক ডিজাইনৰ। ঘৰটোত সম্পূৰ্ণৰূপে বগা ৰঙত ৰং দিয়া হৈছে। লগতে ঘৰটোত সূৰ্যৰ পোহৰ আহিবলৈ ডাঙৰ ডাঙৰ খিৰিকীৰ স্প্যান ব্যৱহাৰ কৰা হৈছে। যিবোৰ ঘৰটোৰ লিভিং ৰুমৰ পৰা শোৱনি কোঠালৈ দেখা যায়।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?