Ratan Tata Birthday: অপমানৰ প্ৰতিশোধে সলনি কৰিছিল ৰতন টাটাৰ জীৱন, জানক সেই ৰোমাঞ্চকৰ কাহিনী…

১৯৯৮ চনত টাটা মটৰ্ছে বজাৰত তেওঁলোক প্ৰথমখন যাত্ৰীবাহী বাহন "ইণ্ডিকা" মুকলি কৰে। এয়া ৰতন টাটাৰ সপোনৰ প্ৰকল্প আছিল। কিন্তু বাহনখন বজাৰত বিফল হৈছিল। কোম্পানীটোৱে লোকচানৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে সহযোগীসকলে কোম্পানীটো বিক্ৰী কৰাৰ পৰামৰ্শ দিছিল। অৱশেষত বাধ্য হৈ কোম্পানী বিক্ৰী কৰিবলৈ ৰতন টাটাই আমেৰিকাৰ ফৰ্ড কোম্পানীৰ কাষ চাপিছিল। তাৰ পাছত আৰম্ভ হৈছিল এক নতুন অধ্যায়...

Ratan Tata Birthday: অপমানৰ প্ৰতিশোধে সলনি কৰিছিল ৰতন টাটাৰ জীৱন, জানক সেই ৰোমাঞ্চকৰ কাহিনী...

ৰতন টাটা

Updated On: 

28 Dec 2024 16:11 PM

মহানতা কেৱল ডাঙৰ চিন্তা কৰা আৰু সপোন দেখাই নহয়,  কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু বিফলতাক সফলতালৈ ৰূপান্তৰ কৰাৰ ওপৰতো নিহিত হৈ থাকে। টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ কাহিনী ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ। তেওঁ এক প্ৰেৰণাদায়ক ঘটনা যিয়ে আমাক শিকাই যে অপমানৰ প্ৰতিশোধ সফলতাৰ উচ্চ শিখৰৰ পৰা ল’ব পাৰি। আজি ৰতন টাটাৰ জন্মদিন। এই বিশেষ দিনটোত  ইতিহাসৰ সেই পৃষ্ঠাটো খুলি আকৰ্ষণীয় কাহিনীটোৰ বিষয়ে জানো আহক।

১৯৩৭ চনত জন্ম

১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰতন টাটা হৈছে টাটা গোটৰ প্ৰতিষ্ঠাপক জামছেতজী টাটাৰ তুলি লোৱা নাতি নভেল টাটাৰ পুত্ৰ। ৰতন টাটাই আইবিএমৰ চাকৰি প্ৰত্যাখ্যান কৰাৰ পিছত ১৯৬১ চনত টাটা গ্ৰুপৰ সৈতে কৰ্মজীৱন আৰম্ভ কৰিছিল।  ১৯৯১ চনত তেওঁক টাটা গ্ৰুপৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰা হৈছিল। তেওঁ কোম্পানীটোক এক নতুন উচ্চতালৈ লৈ গৈছিল। তেওঁৰ নেতৃত্বত  ৫০ গুণলৈ বৃদ্ধি হৈছিল কোম্পানীটোৰ মূল্য।

 অপমানৰ প্ৰতিশোধ

১৯৯৮ চনত টাটা মটৰ্ছে বজাৰত তেওঁলোক প্ৰথমখন যাত্ৰীবাহী বাহন “ইণ্ডিকা” মুকলি কৰে। এয়া ৰতন টাটাৰ সপোনৰ প্ৰকল্প আছিল। কিন্তু বাহনখন বজাৰত বিফল হৈছিল। কোম্পানীটোৱে লোকচানৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে সহযোগীসকলে কোম্পানীটো বিক্ৰী কৰাৰ পৰামৰ্শ দিছিল। অৱশেষত বাধ্য হৈ কোম্পানী বিক্ৰী কৰিবলৈ ৰতন টাটাই আমেৰিকাৰ ফৰ্ড কোম্পানীৰ কাষ চাপিছিল।

ফৰ্ডৰ মালিক বিল ফৰ্ডে ৰতন টাটাক অপমান কৰি কয়, “আপুনি নজনা ব্যৱসায় এটাত ইমান টকা কিয় বিনিয়োগ কৰিছিল?”  এই কথাত লাঞ্ছিত হৈ তেওঁ চুক্তি বাতিল কৰি ভাৰতলৈ উভতি আহিছিল। ভাৰতলৈ উভতি অহাৰ পিছত ৰতন টাটাই সিদ্ধান্ত লয় যে তেওঁ টাটা মটৰ্চ কাৰো ওচৰত বিক্ৰী নকৰে। তেওঁ এটা গৱেষণা দল গঠন কৰিছিল আৰু বজাৰৰ ৰণনীতিৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছতে “ইণ্ডিকা”ই বজাৰত নিজৰ ছাপ পেলাইছিল আৰু দেশ-বিদেশত সফলতা অৰ্জন কৰিছিল।

ফৰ্ডৰ পতন আৰু টাটাৰ বিজয়

২০০৮ চনলৈ ফৰ্ড কোম্পানী দেউলিয়া হোৱাৰ পথত আছিল। ৰতন টাটাই ইয়াৰ সুযোগ গ্ৰহণ কৰি কৰি ফৰ্ডৰ বিলাসী গাড়ী ব্ৰেণ্ড জাগুয়াৰ আৰু লেণ্ড ৰোভাৰ (জেএলআৰ) ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল। এই চুক্তিৰ বিনিময় আছিল ২.৩ বিলিয়ন ডলাৰ। তেতিয়া ফৰ্ডৰ স্বত্বাধিকাৰী বিল ফৰ্ডে কৈছিল, “আপুনি আমাৰ কোম্পানী ক্ৰয় কৰি আমাক বৃহৎ কৃতজ্ঞ কৰিছে।”

আজি, জেএলআৰ টাটা গোটৰ অংশ। যি লাভৰ সৈতে দ্ৰুতগতিত আগবাঢ়ি আছে। এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে ৰতন টাটাই তেওঁৰ সফলতাৰে অপমানৰ প্ৰত্যুত্তৰ দিছিল। তেওঁৰ চিন্তা আৰু ধৈৰ্য্যই তেওঁক মহানতাৰ শিখৰলৈ লৈ গৈছিল। ৰতন টাটাৰ এই কাহিনীটো জীৱনত সংগ্ৰামৰ সন্মুখীন হোৱা প্ৰতিজন ব্যক্তিৰ বাবে এক অনুপ্ৰেৰণা। মহান লোকসকলে তেওঁলোকৰ সফলতাক আটাইতকৈ ডাঙৰ প্ৰত্যুত্তৰ হিচাপে বিবেচনা কৰে আৰু ৰতন টাটা আছিল ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ।

শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...
বলীউডৰ আটাইতকৈ ধনী অভিনেতাগৰাকী কোন? কিমান সম্পত্তি আছে শ্বাহৰুখ খান, আল্লু অৰ্জুনৰ?
iPhone 16 Pro ত গ্ৰাহকে লাভ কৰিছে আকৰ্ষণীয় ৰেহাই, সবিশেষ জানক...
একেদিনাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা নীতিশ কুমাৰ ৰেড্ডীৰ দৰমহা কিমান জানেনে ?