5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব ৰতন টাটাৰ শেষকৃত্য! মহাৰাষ্ট্ৰ, ঝাৰখণ্ডত এদিনীয়া শোক ঘোষণা

ভাৰতৰ অন্যতম বৃহৎ আৰু প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই বুধবাৰে (৯ অক্টোবৰ) মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব ৰতন টাটাৰ শেষকৃত্য। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ৰাজ্যখনত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।

ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব ৰতন টাটাৰ শেষকৃত্য! মহাৰাষ্ট্ৰ, ঝাৰখণ্ডত এদিনীয়া শোক ঘোষণা
ৰতন টাটাৰ প্ৰখ্য়াত উদ্যোগপতি হোৱাৰ আঁৰৰ কাহিনী
trishna-kalita
Trishna Kalita | Updated On: 10 Oct 2024 09:55 AM

দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই বুধবাৰে এই পৃথিৱীক বিদায় জনায়। তেওঁ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৰতন টাটা।
তাৰ মাজতে হঠাতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয়। প্ৰখ্যাত উদ্যোগপতিগৰাকীৰ মৃত্যুত সমগ্ৰ দেশে মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই জনাইছে যে যে ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হ’ব ৰতন টাটাক।

মুখ্যমন্ত্ৰী একনাথ সিন্দেই লগতে কয় যে ভাৰতৰ কহিনুৰ আৰু নাই। আমি পৃথক হৈছোঁ। ৰতন টাটা আৰু আমাৰ মাজত নাই। এয়া সমগ্ৰ দেশৰ বাবে এটা দুখজনক ঘটনা। সকলোৱোৰ পোৱাৰ পাছতো তেওঁ মাটিৰ সৈতে সংযুক্ত হৈ থাকিল। তেওঁ দেশৰ বাবে সেৱা আগবঢ়াইছে। তেওঁৰ আত্মীয়সকলে জনাইছে যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে তেওঁৰ নশ্বৰ দেহ বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ দক্ষিণ মুম্বাইৰ নেচনেল চেণ্টাৰ ফৰ দা পাৰফৰ্মিং আৰ্টছত (NCPA) ৰখা হ’ব।

মুখ্যমন্ত্ৰী একনাথ সিন্দেই লগতে কয় যে ৰাজ্যখনত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ চৰকাৰী কাৰ্যালয়সমূহত অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা।।
আজিৰ দিনটোত ৰাজ্যখনত কোনো মনোৰঞ্জন কাৰ্যসূচী নাথাকিব। বৃহস্পতিবাৰে মুম্বাইৰ ৱৰ্লি অঞ্চলত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও ৰাজ্যখনত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। এক্সত পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে- “ঝাৰখণ্ডৰ দৰে পিছপৰা ৰাজ্যক বিশ্বৰ সন্মুখত পৰিচয় কৰাই দিয়া টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ, পদ্ম বিভূষণ ৰতন টাটাৰ মৃত্যুত এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে।”

কেৱল এয়াই নহয়, একনাথ সিন্দেই এক্সত ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছিল, “দেশ অমূল্য ৰতন হেৰাই গ’ল, ৰতন টাটা নৈতিকতা আৰু উদ্যমশীলতাৰ এক অতুলনীয় আৰু আদৰ্শ সংগম আছিল। প্ৰায় ১৫০ বছৰৰ উৎকৃষ্টতা আৰু সততাৰ পৰম্পৰা বাহাল ৰাখি টাটা গোটৰ সফল নেতৃত্ব দিয়া ৰতন টাটা এজন জীৱন্ত কিংবদন্তি আছিল। তেওঁ সময়ে সময়ে নিৰ্ণয় ক্ষমতা লোৱা আৰু মানসিক ধৈৰ্য্যই টাটা গোটটোক এক ঔদ্যোগিক শিখৰলৈ লৈ গৈছিল। মই তেওঁক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।”

 

লগতে পঢ়ক: কিয় গোটেই জীৱন কিয় অবিবাহিত হৈ কটালে ৰতন টাটাই?

Latest News