Ratan tata: কোন হ'ব ৰতন টাটাৰ উত্তৰাধিকাৰী? কাৰ হাতলৈ যাব ৩৮০০ কোটি... Assam news - Assam Tv9

Ratan tata: কোন হ’ব ৰতন টাটাৰ উত্তৰাধিকাৰী? কাৰ হাতলৈ যাব ৩৮০০ কোটি…

Ratan Tata death: ৮৬ বছৰ বয়সত মৃত্যুক সাৱতিলে বিশিষ্ট উদ্যোগপতি ৰতন টাটা। এইগৰাকী মহান ব্যক্তিৰ মৃত্যুত দেশত শোকৰ ছা পৰিছে। ৰতন টাটাই কেতিয়াও বিবাহ- পাশত আৱদ্ধ হোৱা নাছিল। গতিকে প্ৰশ্ন হয়, কোন হ'ব ৰতন টাটাৰ উত্তৰাধিকাৰী?

Ratan tata: কোন হব ৰতন টাটাৰ উত্তৰাধিকাৰী? কাৰ হাতলৈ যাব ৩৮০০ কোটি...

ৰতন টাটা

Published: 

10 Oct 2024 01:38 AM

বুধবাৰ, ৯ অক্টোবৰৰ নিশা বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ মৃত্যু হয়। মুম্বাইৰ ব্ৰীজ কেণ্ডী হাস্পাতালত এই মহান মানৱগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ৰতন টাটাৰ উদ্যোগ ক্ষেত্ৰত সফলতা আৰু তেওঁ জনসাধাৰণৰ বাবে কৰি যোৱা কাম সদায় স্মৰণীয় হৈ থাকিব। দেশবাসী যেন চিৰ ঋণী এইগৰাকী মহান ব্যক্তিৰ ওচৰত। সহজ সৰল মানুহজনে সদায় জনতাৰ হৈ কাম কৰিছিল। জনতাৰ বাবে কোটি কোটি টকা দান কৰিছিল। মানুহৰ পৰা আৰম্ভ কৰি জীৱ জন্তুলৈ… সকলোৰে সহায় কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছুৱাই অহা নাছিল তেওঁ।

ৰতন টাটাই কেতিয়াও বিবাহ- পাশত আৱদ্ধ হোৱা নাছিল। যাৰ বাবে এইগৰাকী ব্যক্তিৰ মৃত্যুৰ পাছতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰতন টাটাৰ উত্তৰাধিকাৰী কোন হ’ব?  প্ৰায় ৩৮০০ কোটি টকাৰ মালিক কোন হ’ব?

ৰতন টাটাৰ উত্তৰাধিকাৰীক লৈ চৰ্চা আজিৰ নহয়, বহু দিনৰ পৰা বিভিন্ন মহলত ইয়াক লৈ চিন্তা চৰ্চা অব্যাহত আছে। টাটা পৰিয়ালত এন চন্দ্ৰশেখৰ ২০১৭ চনৰ পৰা টাটা সন্সৰ অধ্যক্ষ হিচাপে কাম কৰি আছে। তেওঁৰ বাহিৰেও টাটা গ্ৰুপৰ আৰু বহু লোক আছে যিয়ে ভৱিষ্যতে টাটা গ্ৰুপৰ বিভিন্ন দায়িত্ব পালন কৰা দেখা যাব।

নোয়েল টাট

ৰতন টাটাৰ পিতৃ নবল টাটাৰ দ্বিতীয় বিবাহ ছিমনৰ লগত হৈছিল। তেওঁৰ পুত্ৰ নোয়েল টাটা ৰতন টাটাৰ সতীয়া ভাতৃ। এই সম্পৰ্কই তেওঁক ৰতন টাটাৰ উত্তৰাধিকাৰীৰ শাৰীত থিয় কৰাইছে। নোয়েল টাটাৰ ৩ সন্তান আছে- মায়া, নেভিল আৰু লিয়া। গতিকে ইয়াৰ ভিতৰত কোনো ৰতন টাটাৰ উত্তৰাধিকাৰী হ’ব পাৰে।

মায়া টাটা

৩৪ বছৰীয়া মায়া টাটাই অবিৰতভাৱে টাটা গ্ৰুপত আগবাঢ়ি আছে। বেইছ বিজনেছ স্কুল আৰু ৱাৰউইক ইউনিভাৰ্চিটিৰ পৰা শিক্ষা লাভ কৰাৰ পিছত মায়া টাটাই টাটা অপাৰ্চনিটিজ ফাণ্ড আৰু টাটা ডিজিটেলত বহু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছে। বিভিন্ন সময়ত তেওঁ টাটা গ্ৰুপৰ গুৰুত্বপূৰ্ণ পদবীত আছিল।

নেভিল টাটা

৩২ বছৰীয়া নেভিল টাটাও পৰিয়ালৰ ব্যৱসায়ত বহুদিন ধৰি জড়িত হৈ আছে। নেভিল টাটাৰ বিবাহ টয়োটা কিৰলস্কাৰ গ্ৰুপৰ মানচি কিৰলস্কাৰৰ সৈতে হৈছে। তেওঁ ট্ৰেন্ট লিমিটেডৰ আগশাৰীৰ হাইপাৰমাৰ্কেট ছেন ষ্টাৰ বজাৰৰ মুৰব্বী।

লিয়া টাটা

৩৯ বছৰীয়া লিয়া টাটাও আছে উত্তৰাধিকাৰীৰ শাৰীত। টাটা গ্ৰুপৰ বিভিন্ন ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰি আহিছে। স্পেইনৰ আই ই বিজনেছ স্কুলত অধ্যয়ন কৰা লিয়াই তাজ হোটেল ৰিজৰ্ট এণ্ড পেলেচত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। যোৱা ১০ বছৰ ধৰি তেওঁ টাটা গ্ৰুপৰ সৈতে জড়িত হৈ আছে।

অৱশ্যে এতিয়াও এই বিষয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। সম্ভৱত ইয়াৰো কোনোৱে পৰৱৰ্তী সময়ত  টাটা গ্ৰুপৰ নতুন মুখ হ’ব। হয়তো কিছুদিন পাছত গম পোৱা যাব, কোন হ’ব ৰতন টাটাৰ উত্তৰাধিকাৰী।

 

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?